সমললৈ যাওক

তন্বী ব্যাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তন্বী ব্যাস
জন্ম ৩০ ছেপ্টেম্বৰ, ১৯৮৫ (৪০ বছৰ)
বদোদৰা, গুজৰাট, ভাৰত
পেচা অভিনেতা, মডেল, ডিজাইনাৰ
সক্ৰিয় হৈ থকা সময় ২০০৯–২০১৬

তন্বী ব্যাস (ইংৰাজী: Tanvi Vyas) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১২ চনত তামিল ছবি এপ্পাদি মানসুকুল ভান্থাই-ত অভিনয়ত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ এগৰাকী গ্ৰাফিক ডিজাইনাৰ আছিল আৰু পিছলৈ মুম্বাইত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০০৮-ৰ মুকুট পিন্ধিছিল।

গুজৰাটৰ সাংস্কৃতিক ৰাজধানী বদোদৰাৰ এক হিন্দু ব্ৰাহ্মণ পৰিয়ালত এওঁৰ জন্ম। তেওঁৰ জন্ম হৈছিল ড° জে. কে. ব্যাস আৰু বিজয় ব্যাসৰ ঘৰত। তেওঁ চিকিৎসক পৰিয়ালৰ একমাত্ৰ কন্যা। বদোদৰা মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ ২০০৯ চনত সূক্ষ্ম কলা, গ্ৰাফিক ডিজাইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। কলেজত থকাৰ সময়ত তেওঁ কলেজ ভিত্তিক প্ৰতিযোগিতা ৱেষ্টচাইড ষ্টাইল শ্ব'ডাউনত জয়লাভ কৰিছিল আৰু আই. আই.টি.পোৱাইৰ সাংস্কৃতিক উৎসৱ মুড ইণ্ডিগ'ত অংশগ্ৰহণ কৰিছিল।

সৰু চহৰৰ ছোৱালী হোৱাৰ লগতে কোনো আনুষ্ঠানিক প্ৰশিক্ষণৰ পটভূমি নথকাকৈ‍ তেওঁ দেশৰ আটাইতকৈ প্ৰতিযোগিতামূলক সৌন্দৰ্য্য প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল আৰু ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০০৮ৰ মুকুট পিন্ধিছিল। ইয়াৰ পিছত ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০০৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে।

মডেলিং কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৮ চনত মিছ ইণ্ডিয়া খিতাপ জয় কৰাৰ পিছত ডিজাইনাৰ ৰিতু কুমাৰ (ডুবাই ফেশ্বন উইক, ক্যুট্যুৰ উইক), নীতা লুল্লা (গীতঞ্জলি লাইফষ্টাইল ব্ৰাইডাল ক্যুট্যুৰ), দিগ্বিজয় সিং লাকমে ইণ্ডিয়া ফেশ্বন উইক, কৃষ্ণ মেহতা (গীতঞ্জলি লাইফষ্টাইল),লাকনে হেমন্ত (কলম্বো)ৰ সৈতে শ্ব’ ষ্টপাৰ হিচাপে কাম কৰে। ভাৰতৰ উত্তৰ আৰু দক্ষিণ উভয়তে এয়াৰ উইক, জে পি চিমেণ্ট, কলগেট, বাঞ্জাৰা ফেয়াৰনেছ, ক্লিয়াৰট্ৰিপ ডট কম, শ্ৰী লক্ষ্মী গহনা, কেণ্ট ৱাটাৰ পিউৰিফায়াৰছ, কেনভেৰা ফটো এলবামৰ বাবেও কেইটামান বিজ্ঞাপন দিছিল।

ছাফি, এয়াৰ ইণ্ডিয়া, হিৰো চাইকেলছ, পেণ্টালুনছ, ডনিয়াৰৰ সৈতে বিবেক অবেৰয়, আৰ এম কে ভি ৰেচম শাৰী আদিৰ ছপা বিজ্ঞাপনতো তেওঁ অভিনয় কৰিছে।

চলচ্চিত্ৰ জীৱন

[সম্পাদনা কৰক]

তন্বীয়ে‍ পি.ভি. প্ৰসাথৰ দ্বাৰা পৰিচালিত এখন তামিল ভাৰতীয় চলচ্চিত্ৰ এপ্পাডি মানাসুক্কুল ভান্তাই (হাউ ইউ কেম ইনটু মাই হাৰ্ট) ৰ জৰিয়তে কলিউডত আত্মপ্ৰকাশ কৰিছিল।

পদ্মভূষণ ডি. ৰামানাইডুৰ সন্মানীয় বেনাৰৰ অধীনত [1] পিছলৈ তেওঁ নেনেম... চিন্না পিল্লানাত স্বপ্নাৰ চৰিত্ৰ লাভ কৰিছিল?[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. . 8 August 2013. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/lucky-tanvi/article5000588.ece. 
  2. "P Sunil Kumar Reddy changes his film's title". 123telugu.com. 14 April 2013. http://www.123telugu.com/mnews/p-sunil-kumar-reddy-changes-his-films-title.html। আহৰণ কৰা হৈছে: 14 April 2013.