তাজিকিস্তানৰ নাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাজিকিস্তানৰ যুৱতী
বজাৰত ৰুটি বিক্ৰী কৰি থকা তাজিক মহিলাসকল

তাজিকিস্তান মধ্য এছিয়াৰ এখন দেশ, ইয়াৰ জনসংখ্যা প্ৰধানকৈ তাজিকিস্তানী (৮৪.৩%), উল্লেখযোগ্য উজবেক সংখ্যালঘু ১৩.৮% আৰু কম সংখ্যক কিৰ্গিজ, ৰাছিয়ান, তুৰ্কমেন, টাটাৰ আৰু আৰব। তাজিকিস্তান পূৰ্বৰ ছোভিয়েট ক্ষেত্ৰৰ অন্যতম দৰিদ্ৰ ৰাজ্য। ই বহুলাংশে গ্ৰাম্য আৰু কৃষিপ্ৰধান দেশ৷ ২০১৫ চনলৈকে মুঠ জনসংখ্যাৰ মাত্ৰ ২৬.৮% লোকেই চহৰ অঞ্চলত বাস কৰিছিল। ১৯৯০ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত দেশখনে অতি অশান্ত সময়ৰ সন্মুখীন হৈছিল৷ ১৯৯২-৯৭ চনৰ গৃহযুদ্ধই ইতিমধ্যে দুৰ্বল অৰ্থনীতিৰ ভয়াৱহ ক্ষতিসাধন কৰিছিল। তাজিকিস্তানৰ প্ৰায় ৯০% জনসংখ্যা মুছলমান, আৰু ইয়াৰে অধিকাংশই চুন্নী ইছলাম পালন কৰে।[1]

তাজিকিস্তানৰ মহিলাসকলে যদিও শক্তিশালী পিতৃতান্ত্ৰিক সমাজত বাস কৰে, তথাপিও ৯৯.৭% (২০১৫ চনৰ হিচাপত) সাক্ষৰতাৰ হাৰ অতি উচ্চ।[1] যদিও আধুনিক গৰ্ভনিৰোধৰ ব্যৱহাৰ কম (২০১২ চনৰ হিচাপত ২৭.৯%),মুঠ প্ৰজননৰ হাৰ মাত্ৰ ২.৭১টা জীৱিত শিশু/মহিলা (২০১৫ চনৰ অনুমান)।[1]

ঘৰুৱা হিংসা[সম্পাদনা কৰক]

তাজিকিস্তানত ঘৰুৱা হিংসা অতি বেছি৷ তাজিকিস্তানত "ব্যক্তিগত পাৰিবাৰিক বিষয়" হিচাপে গণ্য কৰা বিষয়টোত কৰ্তৃপক্ষই হস্তক্ষেপ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে।[1]তাজিক মহিলাসকলৰ প্ৰায় আধা সংখ্যকে স্বামী বা শহুৰেকৰ দ্বাৰা শাৰীৰিক, মানসিক বা যৌন হিংসাৰ বলি হৈছে।[2]

ঘৰুৱা হিংসাক প্ৰায়ে তাজিক সমাজে ন্যায্য বুলি ভাবে৷ ইউনিচেফৰ এক সমীক্ষাত দেখা গৈছে যে তাজিকিস্তানৰ ৬২.৪% মহিলাই পত্নীক প্ৰহাৰ কৰাটো ন্যায্যতা প্ৰদান কৰে যদিহে পত্নীয়ে স্বামীক নোকোৱাকৈ ওলাই যায়; ৬৮% মহিলাই নায্যতা প্ৰদান কৰে, যদি তেওঁ স্বামীৰ লগত তৰ্ক কৰে; ৪৭.৯% নায্যতা প্ৰদান কৰে যদিহে তেওঁ স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰে।[3] আন এটা সমীক্ষাত এইটোও দেখা গৈছে যে মহিলা আৰু পুৰুষে বহুলাংশে এই কথাত একমত হৈছিল যে " প্ৰত্যুত্তৰ দিয়া", অমান্য কৰা, অনুমতি অবিহনে ঘৰৰ পৰা ওলাই যোৱা, সময়মতে ৰাতিৰ আহাৰ প্ৰস্তুত নকৰা, বা ল'ৰা-ছোৱালীবোৰৰ সঠিক যত্ন নোলোৱা মহিলা স্বামী বা শাহুৱেকৰ দ্বাৰা শাৰিৰীকভাৱে অপদস্থ হোৱাটো নায্য।[4]

২০১৩ চনত তাজিকিস্তানে ঘৰুৱা হিংসা প্ৰতিৰোধৰ আইন প্ৰণয়ন কৰে, যি হৈছে ঘৰুৱা হিংসাৰ বিৰুদ্ধে প্ৰথম আইন।[5]মহিলা বিষয়ত কাম কৰা বেচৰকাৰী সংস্থাসমূহে প্ৰথমবাৰৰ বাবে ২০০৭ চনত এই প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। তিনি বছৰ ধৰি কোনো অগ্ৰগতি নোহোৱাৰ পিছত "Woman & Society" সংস্থাৰ প্ৰতিষ্ঠাপক তথা মুৰব্বী মুয়াছাৰা ববোখানোভাই ৰাষ্ট্ৰপতিৰ পৰা সহায় বিচাৰিছিল; আৰু বিধায়ক, এন জি অ’ৰ প্ৰতিনিধি আৰু চৰকাৰৰ অন্যান্য ক্ষেত্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সাক্ষাৎ কৰি বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল। পশ্চিমীয়া যেন লগা নিৰ্দিষ্ট বিষয়ক মূল খচৰাৰ পৰা আঁতৰাই পেলোৱা হৈছিল। হিংসাৰ সৃষ্টি কৰা নিবনুৱা আৰু অস্থিৰতাৰ দৰে কাৰণসমূহৰ সমাধান আৰু ভুক্তভোগীসকলক আইনী আৰু মানসিক সহায় আগবঢ়োৱাটো নিশ্চিত কৰাৰ জৰিয়তে প্ৰতিৰোধৰ দিশত মনোনিৱেশ কৰা হৈছিল।[6]

নিৰাপত্তাত মহিলা[সম্পাদনা কৰক]

বিভিন্ন চৰকাৰী সংস্থাৰ পৰা সীমান্ত সুৰক্ষা পেছাদাৰীসকলক গুণগত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে ২০০৯ চনত দুশানবেত অ’এছচিই সীমা ব্যৱস্থাপনা কৰ্মচাৰী মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই কাৰ্যসূচীৰ গুৰুত্ব আছিল দেশৰ দক্ষিণ অংশৰ আফগান-তাজিক সীমান্তত সীমান্ত নিৰাপত্তা উন্নত কৰা। প্ৰথমতে কলেজখনে প্ৰধানকৈ পুৰুষ অংশগ্ৰহণকাৰীক আকৰ্ষণ কৰিছিল৷ ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে প্ৰায় ৯০% অংশগ্ৰহণকাৰী পুৰুষ আছিল বুলি অ'এছচিইয়ে ৰিপ'ৰ্ট কৰিছে।[7] ইয়াৰ পিছত মহাবিদ্যালয়খনে মহিলাসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰি সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে লিংগ সমতা আৰু কেৰিয়াৰৰ সুযোগক উৎসাহিত কৰে। আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাৰ এক অধ্যয়নত দেখা গৈছে যে মানৱ সৰবৰাহৰ গোচৰ ধৰা পেলোৱা, সংঘাতৰ পৰিস্থিতি হ্ৰাস কৰা আৰু প্ৰৱঞ্চনামূলক নথিপত্ৰ চিনাক্ত কৰাত মহিলা সীমান্তৰক্ষীসকলক তেওঁলোকৰ পুৰুষ সমকক্ষসকলতকৈ বহুত ভাল বুলি গণ্য কৰা হয়।[8] তেতিয়াৰ পৰাই তাজিক সীমান্ত বাহিনীয়ে এই সংস্থাটোলৈ অধিক মহিলাক আকৰ্ষণ কৰাৰ বাবে কাম কৰি আহিছে। এতিয়ালৈকে মহাবিদ্যালয়খনে সীমান্ত সুৰক্ষা আৰু পৰিচালনাৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে লিংগ সমতা আৰু সৱলীকৰণৰ বাবে কৰা কামত বিশেষভাৱে মহিলাসকলৰ বাবে ছটা নেতৃত্ব প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]