তানিকা সৰকাৰ
তানিকা সৰকাৰ (ইংৰাজী: Tanika Sarkar) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতৰ এগৰাকী ইতিহাসবিদ৷ সৰকাৰৰ কামবোৰে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিকা দক্ষিণ এছিয়াৰ ধৰ্ম, লিংগ আৰু ৰাজনীতিৰ সংযোগস্থলত আৰোপ কৰে আৰু বিশেষকৈ মহিলা আৰু হিন্দুৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
জীৱন আৰু জীৱিকা
[সম্পাদনা কৰক]প্ৰেছিডেন্সি কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক অমল ভট্টাচাৰ্য আৰু বিশিষ্ট সংস্কৃতবিদ তথা আদিম ভাৰতীয় সংস্কৃতিৰ পণ্ডিত সুকুমাৰী ভট্টাচাৰ্যৰ ঘৰত তানিকা সৰকাৰৰ জন্ম। তেওঁ সতীৰ্থ ইতিহাসবিদ সুমিত সৰকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।[1]
সৰকাৰে ১৯৭২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ইতিহাসতো ডিগ্ৰী লাভ কৰিছিল। ১৯৮১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পিএইচ.ডি. লাভ কৰে।
তেওঁ নতুন দিল্লী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক। তেওঁ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল৷ তেওঁ চিকাগো বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ইতিহাসও পঢ়াইছে।[2]
স্বীকৃতি
[সম্পাদনা কৰক]২০০৪ চনত পশ্চিমবংগৰ বাংলা একাডেমীৰ সৰ্বোচ্চ সাহিত্য বঁটা ৰবীন্দ্ৰপুৰস্কাৰ লাভ কৰে। এক সংবাদ মতে ২০০৭ চনৰ মাৰ্চ মাহত নন্দীগ্ৰামত হোৱা আৰক্ষীৰ গুলীচালনাৰ প্ৰতিবাদ হিচাপে তেওঁ এই বঁটা ঘূৰাই দিবলৈ বিচাৰিছিল।[1] [3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Nandigram was more shocking than Jallianwala Bagh". The Times of India. http://singur-singur.blogspot.co.uk/2007/03/nandigram-was-more-shocking-than.html। আহৰণ কৰা হৈছে: 2008-03-21.
- ↑ "Curriculum Vitae: Tanika Sarkar". Trinity College Dublin. 30 April 2005. https://www.tcd.ie/iiis/documents/archive/pdf/visitorprog/Tanika%20Sarkar%20CV.pdf। আহৰণ কৰা হৈছে: 2014-10-24.
- ↑ "Historians to return award". The Hindu. 17 March 2007. http://www.thehindu.com/todays-paper/tp-national/historians-to-return-award/article1812002.ece। আহৰণ কৰা হৈছে: 2014-10-24.