সমললৈ যাওক

তাপস সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাপস সেন
জন্ম ১১ ছেপ্টেম্বৰ, ১৯২৪
ধুবুৰী, অসম, ভাৰত
মৃত্যু ২৮ জুন, ২০০৬
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা মঞ্চ আলোক নক্সাকাৰ

তাপস সেন (১১ ছেপ্টেম্বৰ ১৯২৪ – ২৮ জুন ২০০৬) এগৰাকী প্ৰখ্যাত ভাৰতীয় মঞ্চ আলোক সজ্জা নক্সাকাৰ আছিল।[1] তেওঁ বিংশ শতাব্দীৰ ভাৰতীয় থিয়েটাৰ জগতৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।[2]

তেওঁ ১৯৪০ৰ দশকৰ শেষভাগত কলকাতাত উৎপল দত্ত আৰু শম্ভু মিত্ৰৰ দৰে প্ৰখ্যাত নাট্য পৰিচালকৰ সৈতে বংগ থিয়েটাৰ আন্দোলনৰ সৈতে কাম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জননাট্য সংঘ (IPTA)-ৰ দিল্লী শাখাৰ প্ৰতিষ্থাপক সদস্য হয় আৰু হিন্দী থিয়েটাৰৰ সৈতে নিবিড়ভাৱে জড়িত হয়। পাঁচ দশকৰ অধিক সময় জুৰি থকা তেওঁৰ কেৰিয়াৰত তেওঁ ইব্ৰাহিম আলকাজী, বিজয় তেণ্ডুলকাৰ আদি নাট্য পৰিচালকৰ লগতে সাধনা বোস, চন্দ্ৰলেখা, বিৰজু মহাৰাজ আৰু কেলুচৰণ মহাপাত্ৰৰ দৰে নৃত্যশিল্পীৰ সৈতে কাম কৰে।[3]

তেওঁ কেৱল সৃষ্টিশীল মঞ্চ আলোক সজ্জাৰ বাবেই নহয়, সমসাময়িক বহু প্ৰখ্যাত থিয়েটাৰ পৰিচালকৰ শিল্পচিন্তাত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।[1]

তপস সেনক ১৯৭৪ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০০৪ চনত সংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰদান কৰা হয়।

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯২৪ চনত অসমৰ ধুবুৰীত তাপস সেনৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম মতিলাল সেন আৰু মাতৃৰ নাম সুবৰ্ণলতা।[4]

১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষ বিষয়ক এক ছায়া নাটকৰ জৰিয়তে তেওঁ মৃণাল সেনৰ সৈতে থিয়েটাৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[4]

তেওঁৰ গুৰুত্বপূৰ্ণ আলোক সজ্জা কৰ্মসমূহৰ ভিতৰত দিল্লীলালকিল্লা, পুৰণা কিল্লা আৰু কুতুব মিনাৰত অনুষ্ঠিত ছন এ লুমিয়েৰ অনুষ্ঠান উল্লেখযোগ্য। তদুপৰি কলকাতাৰ বিৰলা থিয়েটাৰ, দিল্লীৰ শ্ৰী ফৰ্ট অডিটোৰিয়াম আৰু কামানী অডিটোৰিয়াম, মুম্বাইৰ ৰবীন্দ্ৰ নাট্য মঞ্চ আদিতো তেওঁ আলোক নক্সা কৰিছিল।

তেওঁ খাজুৰাহো, কোনাৰ্ক, এলিফেণ্টা গুহা আৰু উজ্জয়িনীৰ দৰে ঐতিহাসিক স্থানসমূহৰ স্থাপত্য আলোক সজ্জাৰ কামতো বিশেষ অৱদান আগবঢ়ায়। ১৯৮৮ চনত দশৰথ পেটেলৰ অধীনত মস্কো আৰু পেৰিছত অনুষ্ঠিত ‘‘Festival of India’’-ৰ উদ্বোধনী অনুষ্ঠানত তেওঁ আলোক সজ্জা নক্সাকাৰ হিচাপে কাম কৰে। ২০০০ চনত তেওঁ আইফেল টাৱাৰৰ আলোক সজ্জা নক্সা কৰা ৫০ জনীয়া আন্তঃৰাষ্ট্ৰীয় দলোঁৰ সদস্য আছিল।[5]

তেওঁ জীৱনৰ শেষ সময়লৈকে সক্ৰিয় আছিল। ২০০৬ চনৰ জানুৱাৰী মাহত কলকাতাৰ মধুসুদন মঞ্চত মঞ্চস্থ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাটক বিসৰ্জনৰ আলোক সজ্জাৰ দায়িত্ব তেওঁ লয়।[3]

২০০৬ চনৰ ২৮ জুনত হৃদৰোগত আক্ৰান্ত হৈ কলকাতাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। চিকিৎসা গৱেষণাৰ বাবে তেওঁ নিজৰ দেহ দান কৰিছিল।[6]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]