তামানা জাৰয়াব পৰ্যানি
তামানা জাৰয়াব পৰ্যানি (ইংৰাজী: Tamana Zaryab Paryani; জন্ম-১৯৯৭) এগৰাকী আফগান সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী যি ২০২১ৰ আফগানিস্তানত তালিবান শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে পৰিচিত।[1] আফগানিস্তানৰ নাৰী সংগ্ৰামৰ প্ৰতীক হিচাপে তেওঁক বহুলভাৱে স্বীকৃতি দিয়া হৈছে। ২০২২ চনৰ ডিচেম্বৰ মাহত তামানাক বিবিচিৰ ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়। আফগান মহিলা অধিকাৰ কৰ্মী গোট চিকাৰছ অৱ জাষ্টিচৰ তেওঁ সদস্য।[2] ২০২২ চনত তেওঁ আফগানিস্তানৰ পৰা পলায়ন কৰে আৰু এতিয়া জাৰ্মানীত বাস কৰে৷
জীৱনী
[সম্পাদনা কৰক]১৯৯৭ চনত জন্মগ্ৰহণ কৰা তামানাৰ চাৰিগৰাকী ভগ্নী আছে। যেতিয়া নাটোৰ সৈন্য আফগানিস্তানত আছিল, তেতিয়া তেওঁ সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তামানাই ৰাষ্ট্ৰীয় বিধানসভাৰ (আফগানিস্তান) প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷[3]
২০১৮ চনত তামানাই তামানা সাংস্কৃতিক সামাজিক সংগঠন প্ৰতিষ্ঠা কৰে আৰু ২০২১ চনত মুক্ত মহিলাৰ আন্দোলনৰ সৃষ্টি কৰে। তেওঁ তালিবান শাসনৰ বিৰুদ্ধে বিক্ষোভৰ আয়োজন কৰিছিল আৰু মহিলাৰ অধিকাৰৰ বাবে আৰু তালিবান বিদ্ৰোহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মতা এগৰাকী কৰ্মী হৈছিল। ছিকাৰছ অৱ জাষ্টিচ নামৰ মহিলা কৰ্মী গোটতো যোগদান কৰে। তেওঁ ২০২২ চনৰ ১৬ জানুৱাৰীত কাবুলত প্ৰতিবাদৰ আয়োজন কৰে।[4]১৯ জানুৱাৰীত কাবুলৰ নিজৰ এপাৰ্টমেণ্টত তামানাক আবদ্ধ কৰি ৰখা হয় আৰু তিনি সপ্তাহ ধৰি তেওঁৰ তিনিগৰাকী সৰু ভগ্নীৰ সৈতে নিৰ্যাতন আৰু জেৰা কৰা হয়। গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া ৰেকৰ্ড কৰি তেওঁ অনলাইনত শ্বেয়াৰ কৰিবলৈ সক্ষম হয়। এই ভিডিঅ’ ভাইৰেল হৈ মহিলা কৰ্মীৰ নিৰুদ্দেশৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তামানাৰ বিৰুদ্ধে তালিবানে তেওঁলোকৰ নতুন আইন ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল, বিশেষকৈ ৰাজহুৱাভাৱে বোৰ্খা জ্বলোৱাৰ বাবে।[5]
তালিবানে দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ২০২২ চনৰ ১৫ আগষ্টত স্পিন বোল্ডাক সীমান্তৰ পৰা ভগ্নীসকলৰ সৈতে তামানাই পাকিস্তানত প্ৰৱেশ কৰি জাৰ্মানীত উপস্থিত হয় আৰু তাৰপিছত তেওঁ তাতেই বাস কৰে।[6]
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ আফগানিস্তানত মহিলাসকলৰ সৈতে হোৱা ব্যৱহাৰৰ প্ৰতিবাদত দহ দিন ধৰি অনশন আৰম্ভ কৰা মহিলাৰ এটা দলত যোগদান কৰে। তেওঁৰ সতীৰ্থ প্ৰতিবাদকাৰীসকলৰ ভিতৰত আছিল ৱাহিদা আমিৰী আৰু নায়েৰা কোহিস্তানী।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Afghanistan: 'We're not giving up the fight' – DW – 01/21/2023" (en ভাষাত). dw.com. https://www.dw.com/en/afghanistan-were-not-giving-up-the-fight/a-64472532। আহৰণ কৰা হৈছে: 2023-06-08.
- ↑ "Women human rights defenders Tamana Zaryab Paryani and Parwana Ibrahimkhel abducted and disappeared" (en ভাষাত). Front Line Defenders. 2022-01-31. https://www.frontlinedefenders.org/en/case/women-human-rights-defenders-tamana-zaryab-paryani-and-parwana-ibrahimkhel-abducted-and। আহৰণ কৰা হৈছে: 2023-06-08.
- ↑ "A Year of Resistance: Tamana Zaryab Paryani – Femena, Rights Peace Inclusion" (en-US ভাষাত). 2022-08-15. https://femena.net/a-year-of-resistance/a-year-of-resistance-tamana-zaryab-paryani/। আহৰণ কৰা হৈছে: 2023-06-08.
- ↑ "Quiénes son las 100 Mujeres influyentes e inspiradoras elegidas por la BBC en 2022 (y cuáles son las 12 de América Latina) – BBC News Mundo". News Mundo. https://www.bbc.com/mundo/resources/idt-75af095e-21f7-41b0-9c5f-a96a5e0615c1। আহৰণ কৰা হৈছে: 2023-06-08.
- ↑ "Afghan woman activist released after arrest in January" (en-GB ভাষাত). BBC News. 2022-02-12. https://www.bbc.com/news/world-asia-60362532.
- ↑ TV, Amu (2022-12-07). "Three Afghan women make this year’s BBC 100 Women list" (en-US ভাষাত). Amu TV. https://amu.tv/26596/। আহৰণ কৰা হৈছে: 2023-06-08.
- ↑ "Femena Stands in Solidarity with Brave Women of Afghanistan Demanding Justice and Accountability - Femena, Rights Peace Inclusion" (en-US ভাষাত). 2023-09-13. https://femena.net/2023/09/13/femena-stands-in-solidarity-with-brave-women-of-afghanistan-demanding-justice-and-accountability/। আহৰণ কৰা হৈছে: 2024-06-27.