তামান্না ভাটিয়া
| তামান্না ভাটিয়া | |
|---|---|
২০২৪ চনত তামান্না ভাটিয়া | |
| জন্ম | তামান্না সন্তোষ ভাটিয়া ২১ ডিচেম্বৰ, ১৯৮৯ (৩৬ বছৰ) বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৫–বৰ্তমান |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | বঁটা আৰু মনোনয়নৰ সম্পূৰ্ণ তালিকা |
তামান্না সন্তোষ ভাটিয়া (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯), যিজনী তামান্না ভাটিয়া (ইংৰাজী: Tamannaah Bhatia) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ৮৯খন চলচ্চিত্ৰত অভিনয় কৰা তামান্নাক দক্ষিণ ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। তেওঁ তিনিটাকৈ সন্তোষম ফিল্ম এৱাৰ্ডছ, দুটাকৈ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু কলাইমামণি বঁটাৰ লগতে কেইবাটাও সন্মান লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]তামান্না সন্তোষ ভাটিয়াৰ[1] জন্ম ১৯৮৯ চনৰ ২১ ডিচেম্বৰত ভাৰতৰ বোম্বাইত (বৰ্তমানৰ মুম্বাই) হৈছিল।[2][3] তেওঁৰ পিতৃ-মাতৃৰ নাম হ'ল সন্তোষ আৰু ৰজনী ভাটিয়া।[4][5] আনন্দ ভাটিয়া নামৰ তেওঁৰ এজন ককায়েক আছে।[6] তেওঁ সিন্ধী হিন্দু মূলৰ আৰু মুম্বাইৰ মানেকজী কুপাৰ এডুকেচন ট্ৰাষ্ট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[7][8] ১৩ বছৰ বয়সৰপৰাই তেওঁ অভিনয় শিকিবলৈ আৰম্ভ কৰে আৰু এবছৰৰ বাবে পৃথ্বী থিয়েটাৰত যোগদান কৰি নাট্য প্ৰদৰ্শনত অংশগ্ৰহণ কৰে।[9] আৰম্ভণিতে তেওঁ নিজৰ নামটোৱেই মঞ্চ নাম হিচাপে ব্যৱহাৰ কৰিছিল যদিও পিছলৈ চলচ্চিত্ৰ জগতত প্ৰাথমিক অভিজ্ঞতা লাভ কৰাৰ পাছত সংখ্যাতত্ত্বৰ কাৰণত নামটো সংশোধন কৰি "তামান্না" কৰে।[10] সময়ৰ লগে লগে তেওঁ নিজৰ উপাধিও ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু "তামান্না ভাটিয়া"ক মঞ্চ নাম হিচাপে গ্ৰহণ কৰে।[11]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৫–২০১৪: প্ৰাৰম্ভিক কাম, সফলতা আৰু স্বীকৃতি
[সম্পাদনা কৰক]
তামান্না ভাটিয়াই ২০০৫ চনত হিন্দী ছবি চান্দ ছা ৰোছন চেহৰাৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় জগতত ভৰি থৈছিল, যিখন ছবিয়ে বক্স অফিচত বিশেষ সফলতা লাভ কৰা নাছিল। সেই একে বৰ্ষতে তেওঁ শ্ৰী ছবিৰ জৰিয়তে তেলেগু চিনামাত আৰু ২০০৬ চনত কেডীৰ জৰিয়তে তামিল চিনামাত প্ৰৱেশ কৰে।[12] ২০০৭ চনত তেওঁৰ ছবি ৱিয়াবাৰীয়ে বক্স অফিচত আশানুৰূপ ফল দেখুৱাব নোৱাৰিলে যদিও তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা বুটলিছিল।[13] তেওঁ হেপ্পী ডেইজ আৰু কাল্লুৰীৰ জৰিয়তে বিশেষ পৰিচিতি লাভ কৰে। এই ছবি দুখনত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে তেওঁৰ চৰিত্ৰক দৰ্শকে আদৰি লৈছিল আৰু দুয়োখন ছবিয়েই বক্স অফিচত সফলতা লাভ কৰিছিল। ইয়াৰ ফলত তেওঁ তেলেগু আৰু তামিল চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হয়।[14][15] ২০০৮ চনত মুক্তি পোৱা কালিদাসুৱে তেলেগু চিনামাত এক শক্তিশালী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।[16][17]
২০০৯ চনত মুক্তিপ্ৰাপ্ত তামিল ছবি পাদিক্কাদাভনৰ বাবে তামান্নাই প্ৰশংসা লাভ কৰে, যদিও ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।[18] তেওঁৰ আনখন ছবি কোঞ্চেম ইষ্টম কোঞ্চেম কষ্টম সমালোচকৰদ্বাৰা উচ্চ প্ৰশংসিত হৈছিল যদিও বক্স অফিচত মধ্যমীয়া ফলাফলহে দেখুৱাইছিল।[19][20] আয়ান ছবিখন বক্স অফিচত বৃহৎ সফল হিচাপে পৰিগণিত হয়।[21][22] আনহাতে, তামান্নাৰ অভিনয় প্ৰশংসিত হোৱা সত্ত্বেও আনন্দ তাণ্ডৱম ছবিখনে আশানুৰূপ সঁহাৰি লাভ নকৰিলে।[23][24] ইয়াৰ পিছত কাণ্ডেন কাধলাই ছবিখনে তেওঁলৈ প্ৰশংসা আৰু ছাউথ স্কোপ বঁটা কঢ়িয়াই আনে।[25][26] ২০১০ চনত তেওঁৰ তামিল ৰোড মুভি পাইয়াই ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে ব্যাৱসায়িকভাৱেও সফল হয়।[27]
২০১১ চনত ভাটিয়াই তামিল ছবি চিৰুথাইত অভিনয় কৰে। এই ছবিখনত তেওঁৰ চৰিত্ৰটোৱে সমালোচনাৰ সন্মুখীন হৈছিল যদিও ছবিখনে ব্যৱসায়িক সফলতা লাভ কৰিছিল।[28][29] বদ্ৰীনাথ ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰিছিল যদিও ই ব্যৱসায়িকভাৱে সফল হৈছিল।[30][31] তেওঁৰ আনখন ছবি ভেংঘাইয়ে মিশ্ৰিত সঁহাৰি লাভ কৰিছিল,[32][33] আনহাতে উছাৰাভেলি বক্স অফিচত সফল হোৱাৰ লগতে তামান্নাৰ অভিনয়েও উচ্চ প্ৰশংসা লাভ কৰিছিল।[34][35] নাগা চৈতন্যৰ বিপৰীতে মহাবিদ্যালয়ৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰা তেওঁৰ তেলেগু ছবি ১০০% লাভ ছবিখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বক্স অফিচতো সফলতা অৰ্জন কৰে। এই ছবিখনৰ বাবে তেওঁ চিনেমা (CineMAA) বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্তোষম বঁটা লাভ কৰে।[36][37] ২০১২ চনত তেওঁৰ তেলেগু ছবি ৰাছাই ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে তেওঁৰ অভিনয়েও প্ৰশংসা বুটলিছিল।[38][39] ইয়াৰ পিছত মুক্তি পোৱা এন্দুকান্তে প্ৰেমান্ত[40][41] আৰু ৰেবেল ছবি দুখনে আশানুৰূপ ব্যৱসায় কৰিব নোৱাৰিলে যদিও তেওঁৰ অভিনয় প্ৰশংসিত হৈছিল।[42][43]
২০১৫–২০১৯: প্ৰতিষ্ঠিত অভিনেত্ৰী
[সম্পাদনা কৰক]
২০১৫ চনটো তামান্না ভাটিয়াৰ কৰ্মজীৱনৰ বাবে এক টাৰ্নিং পইণ্ট আছিল। প্ৰভাসৰ বিপৰীতে বাহুবলী: দ্য বিগিনিং ছবিত তেওঁ কৰা যোদ্ধা অৱন্তিকাৰ চৰিত্ৰটোৱে তেওঁলৈ ব্যাপক প্ৰশংসা কঢ়িয়াই আনিছিল।[44] সৰ্বাধিক উপাৰ্জন কৰা তেলেগু ছবিসমূহৰ ভিতৰত অন্যতম হিচাপে এই ছবিখনৰ ব্যৱসায়িক সফলতাই তেওঁৰ কৰ্মজীৱনলৈ বিচিত্ৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ আনি দিছিল।[45][46] দ্য হিন্দুৰ সমালোচক সংগীতা দেৱী দুন্দুৱে তেওঁৰ অভিনয়ক "প্ৰভাৱশালী" বুলি অভিহিত কৰিছিল।[47] আনহাতে বাছুভুম চাৰাভানানুম ওন্না পাদিচাভাঙ্গা ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিছিল।[48] ৰবি তেজাৰ বিপৰীতে অভিনয় কৰা বেঙ্গল টাইগাৰ ছবিত তেওঁ এগৰাকী মুখ্যমন্ত্ৰীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰি বক্স অফিচত সফলতা অৰ্জন কৰিছিল।[49][50]
২০১৬ চনত উপিৰি আৰু ধৰ্ম দুৰাই ছবিত তেওঁৰ অভিনয় ইতিবাচকভাৱে সঁহাৰি লাভ কৰিছিল। ধৰ্ম দুৰাই বক্স অফিচত সফল হোৱাৰ লগতে তেওঁ এই ছবিখনৰ বাবে শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ এচিয়াভিছন বঁটা লাভ কৰিছিল।[51][52] তেওঁ ৰণবীৰ চিং ৰিটাৰ্ণছ নামৰ চুটি ছবিখনত অভিনয় কৰিছিল যিখন আদৰণি লাভ কৰিছিল।[53] তেওঁৰ ত্ৰিভাষিক হৰৰ-কমেডী ছবি দেৱীয়ে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে তেওঁৰ দ্বৈত চৰিত্ৰই প্ৰশংসা লাভ কৰিছিল আৰু ই বক্স অফিচত সফল হৈছিল।[54][55] তেওঁ মোষ্ট পপুলাৰ তামিল অভিনেত্ৰীৰ এচিয়ানেট ফিল্ম এৱাৰ্ড লাভ কৰিছিল। অৱশ্যে তেওঁৰ আন এখন ছবি কাথ্থি চান্দাই মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।[56]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Tamannaah Bejeweled Private Limited Company Profile, Tamannaah Bejeweled Private Limited News on The Economic Times". The Economic Times. 23 January 2014. https://economictimes.indiatimes.com। আহৰণ কৰা হৈছে: 5 August 2025.
- ↑ "Shhh! Tamannaah's Birthday Plans". Rediff.com. https://www.rediff.com। আহৰণ কৰা হৈছে: 28 September 2023.
- ↑ "Exclusive: "I came to become an actor and I became a star," Tamannaah Bhatia on stardom and more". FILMFARE. https://www.filmfare.com। আহৰণ কৰা হৈছে: 28 September 2023.
- ↑ "Exclusive! Tamannaah Bhatia thanks her father for managing her work! Says she's successful only because of her parents". The Times of India. 29 October 2020. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 25 November 2021.
- ↑ "Actor Tamannaah Bhatia buys flat at Rs 80,778 per sqft, breaks record". DNA India. https://www.dnaindia.com। আহৰণ কৰা হৈছে: 28 September 2023.
- ↑ "Anand Bhatia and Kartika Chaudhary Mumbai Celebrity Wedding". WeddingSutra. 5 July 2017. https://www.weddingsutra.com। আহৰণ কৰা হৈছে: 28 June 2021.
- ↑ Singh, Simran (27 June 2024). "Bengaluru school introduces chapter on Tamannaah Bhatia, parents file complaint against management for this reason". DNA India. https://www.dnaindia.com। আহৰণ কৰা হৈছে: 28 June 2024.
- ↑ "25 questions with Tamannaah Bhatia". Hindustan Times. 10 March 2018. https://www.hindustantimes.com। আহৰণ কৰা হৈছে: 28 September 2023.
- ↑ Menon, Neelima (27 June 2014). "The Tamannaah Bhatia Interview : Of Baahubali and Bollywood". Silverscreen India. https://silverscreenindia.com। আহৰণ কৰা হৈছে: 30 June 2021.
- ↑ "Tamannaah: Name changes in reel world". The New Indian Express. 8 June 2009. https://www.newindianexpress.com। আহৰণ কৰা হৈছে: 28 June 2021.
- ↑ Rangan, Baradwaj (15 May 2021). "I Got A Lot More Space To Explore My Character In November Story: Tamannaah Bhatia". Film Companion. https://www.filmcompanion.in। আহৰণ কৰা হৈছে: 12 October 2024.
- ↑ "More Happy Days". The Times of India. 26 May 2008. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Iyer, Sriram (2 April 2007). "Poor detailing ruins Vyapari". Rediff.com. http://www.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Rajamani, Radhika (31 December 2007). "I want to make a mark in the South". Rediff.com. http://www.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Aggarwal, Divya (27 April 2008). "South for Stardom". The Times of India. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "Review : Kalidasu". Sify. 11 April 2008. http://www.sify.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Rajamani, Radhika (18 May 2009). "From Kalidasu to Current". Rediff.com. http://movies.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "Dhanush in demand!". Sify. 18 January 2009. http://www.sify.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "A feel-good entertainer". Rediff.com. 5 February 2009. http://www.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "Box-office report for first quarter 2009". Sify. 1 April 2009. http://www.sify.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "2009's Top Tamil Actors". Rediff.com. 21 December 2009. http://www.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "2009- Kollywood Hits & Misses!". Sify. 31 December 2009. http://www.sify.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Pillai, Sreedhar (2 April 2010). "Three cheers for Tammu!". The Times of India. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Srinivasan, Pavithra (10 April 2009). "Anandha Thandavam, not as good as the novel". Rediff.com. http://www.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Srinivasan, Pavithra (30 October 2009). "Kanden Kadhalai, good but lacks Jab We Met's magic". Rediff.com. http://www.rediff.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "Prakash Raj & Tamannaah gets South Scope Awards". Sify. 20 September 2010. http://www.sify.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Pillai, Sreedhar (7 April 2010). "Karthi: On road to superstardom". The Times of India. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Srinivasan, Pavithra (14 January 2011). "Siruthai is Karthi's show all the way". Rediff.com. http://www.rediff.com/movies/report/south-review-siruthai/20110114.htm। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Raghavan, Nikhil (16 April 2011). "Itsy-bitsy". The Hindu. http://www.thehindu.com/features/cinema/article1701574.ece। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Kavirayani, Suresh (12 June 2011). "Badrinath Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/Badrinath/movie-review/8815564.cms। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "Badrinath completes 50days in 187 theatres". The Times of India. 3 August 2011. https://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Badrinath-completes-50days-in-187-theatres/articleshow/9466159.cms। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Rajamani, Radhika (6 July 2011). "Tamannaah: I am like clay that can be moulded". Rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-south-interview-with-tamannaah/20110706.htm। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Srinivasan, Pavithra (8 July 2011). "Review: Venghai is tedious". Rediff.com. http://www.rediff.com/movies/report/review-venghai/20110708.htm। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Rajamani, Radhika. "Review: Oosaravelli is a routine revenge drama". Rediff.com. https://www.rediff.com/movies/review/south-review-oosarvelli-is-a-routine-revenge-drama/20111007.htm। আহৰণ কৰা হৈছে: 27 September 2023.
- ↑ Native, Digital (28 November 2020). "Tollywood's 'Oosaravelli' all set to get Hindi remake". The News Minute. https://www.thenewsminute.com/flix/tollywood-s-oosaravelli-all-set-get-hindi-remake-138583। আহৰণ কৰা হৈছে: 27 September 2023.
- ↑ Narasimham, M. L. (25 December 2011). "Year of family entertainers". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/year-of-family-entertainers/article2745569.ece। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "The Hyderabad Times Film Awards 2011". The Times of India. 24 June 2012. https://timesofindia.indiatimes.com/entertainment/regional/telugu/news-interviews/The-Hyderabad-Times-Film-Awards-2011/articleshow/14357916.cms। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ Rajamani, Radhika (4 April 2012). "I dont have a glamarous role in Rachcha". Rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-south-interview-with-tamannaah/20120404.htm। আহৰণ কৰা হৈছে: 16 May 2015.
- ↑ Entertainment Bureau (6 April 2022). "Telugu Superstar Ram Charan's Racha Completes Ten Years". News18. https://www.news18.com/news/movies/telugu-superstar-ram-charans-racha-completes-ten-years-4949090.html। আহৰণ কৰা হৈছে: 9 June 2024.
- ↑ Chowdary, Y. Sunita (10 June 2012). "'Spirited' attempt". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/article3510137.ece। আহৰণ কৰা হৈছে: 16 May 2015.
- ↑ Rajamani, Radhika (8 June 2012). "Review: Endukante Premanta disappoints". Rediff.com. http://www.rediff.com/movies/report/review-endukante-premanta-disappoints/20120608.htm। আহৰণ কৰা হৈছে: 16 May 2015.
- ↑ A. S., Sashidhar (27 September 2012). "Tamannaah turns a hip-hop dance teacher". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Tamannaah-turns-a-hip-hop-dance-teacher/articleshow/16573103.cms। আহৰণ কৰা হৈছে: 15 May 2015.
- ↑ "Raghava Lawrence in trouble". The Times of India. 17 December 2012. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/Raghava-Lawrence-in-trouble/articleshow/17648742.cms। আহৰণ কৰা হৈছে: 16 May 2015.
- ↑ "How Baahubali changed the face of Telugu cinema worldwide" (en ভাষাত). India Today. 12 April 2018. https://www.indiatoday.in/movies/regional-cinema/story/baahubali-telugu-cinema-abroad-1210757-2018-04-12। আহৰণ কৰা হৈছে: 21 June 2021.
- ↑ "The Baahubali Effect: How Tamannaah Bhatia's Life Changed". NDTV.com. 22 February 2019. https://www.ndtv.com/entertainment/the-baahubali-effect-how-tamannaah-bhatias-life-changed-2012496। আহৰণ কৰা হৈছে: 26 May 2024.
- ↑ Sharma, Dipti (30 March 2017). "Baahubali 1 earned Rs 600 crore but made zero profit. The reason is Baahubali 2". The Indian Express. https://indianexpress.com/article/entertainment/telugu/baahubali-1-ss-rajamouli-earned-rs-600-crore-but-made-zero-profit-the-reason-is-baahubali-2-karan-johar-4592038/। আহৰণ কৰা হৈছে: 26 May 2024.
- ↑ "Baahubali: A little more, a little less". The Hindu. 10 July 2015. ISSN 0971-751X. http://www.thehindu.com/features/cinema/cinema-reviews/baahubali-review-a-little-more-a-little-less/article7407650.ece.
- ↑ "VSOP review: Vasuvum Saravananum Onna Padichavanga is a U-rated obscenity". India Today. 14 August 2015. https://www.indiatoday.in/movies/reviews/story/vsop-review-vasuvum-saravananum-onna-padichavanga-is-a-u-rated-obscenity-288350-2015-08-14। আহৰণ কৰা হৈছে: 24 September 2015.
- ↑ Chowdhary, Y. Sunita (11 December 2015). "Bengal Tiger: Fair share of fun". The Hindu. https://www.thehindu.com/features/cinema/bengal-tiger-fair-share-of-fun/article7976420.ece। আহৰণ কৰা হৈছে: 14 January 2024.
- ↑ Sangeetha Devi Dundoo (24 December 2015). "2015: The year of the big churn in Telugu cinema". The Hindu. http://www.thehindu.com/features/friday-review/the-year-of-the-big-churn-in-telugu-cinema/article8021958.ece.
- ↑ "A great team leads to a successful film: Tamannaah Bhatia". The Indian Express. 28 November 2016. https://indianexpress.com/article/entertainment/bollywood/tamannaah-bhatia-4399806/। আহৰণ কৰা হৈছে: 26 May 2024.
- ↑ Radhakrishnan, Manjusha (19 November 2016). "Asiavision Movie Awards brings stars to Sharjah". Gulf News. https://gulfnews.com/entertainment/south-indian/asiavision-movie-awards-brings-stars-to-sharjah-1.1931774। আহৰণ কৰা হৈছে: 18 July 2024.
- ↑ "Ranveer Ching Returns ad-film gets 20 lakh views in two days". Hindustan Times. 21 August 2016. https://www.hindustantimes.com/bollywood/ranveer-ching-returns-ad-film-gets-20-lakh-views-in-two-days/story-R7C4wOr1CvmjGF2a02MKyL.html। আহৰণ কৰা হৈছে: 27 June 2024.
- ↑ "A great team leads to a successful film: Tamannaah Bhatia". The Indian Express. 28 November 2016. https://indianexpress.com/article/entertainment/bollywood/tamannaah-bhatia-4399806/। আহৰণ কৰা হৈছে: 22 August 2024.
- ↑ Pillai, Sreedhar (24 December 2016). "Kollywood's 2016 report card". The Hindu. https://www.thehindu.com/entertainment/movies/Kollywood%E2%80%99s-2016-report-card/article16937524.ece। আহৰণ কৰা হৈছে: 22 August 2024.
- ↑ "Tamannaah begins shooting for 'Kaththi Sandai'". Sify. 10 May 2016. http://www.sify.com.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ইনষ্টাগ্ৰামত তামান্না ভাটিয়া

- তামান্না ভাটিয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- তামান্না ভাটিয়া সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
