সমললৈ যাওক

তামিলিছাই সৌন্দৰাৰাজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তামিলিছাই সৌন্দৰাৰাজন
দ্বিতীয় Governor of Telangana
কাৰ্যকাল
৮ চেপ্তেম্বৰ ২০১৯  ১৯ মাৰ্চ ২০২৪[1]
মুখ্য মন্ত্ৰী *কে. চন্দ্ৰশেখৰ ৰাও
পূৰ্বসূৰী ই. এছ এল নৰসিংহন
উত্তৰসূৰী গ. পি ৰাধাকৃষ্ণন (অতিৰিক্ত চাৰ্জ)
পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ
(Additional Charge)
কাৰ্যকাল
১৮ মাৰ্চ ২০২১  ১৯ মাৰ্চ ২০২৪[2]
মুখ্য মন্ত্ৰী *V. Narayanasamy
পূৰ্বসূৰী কিৰন বেদী
উত্তৰসূৰী গ. পি ৰাধাকৃষ্ণন (অতিৰিক্ত চাৰ্জ)
ভাৰতীয় জনতা পাৰ্টি, তামিলনাডু ৰ ষষ্ঠ সভাপতি।
কাৰ্যকাল
১৬ আগষ্ট ২০১৪  ১ চেপ্তেম্বৰ ২০১৯
পূৰ্বসূৰী পন ৰাধাকৃষ্ণন
উত্তৰসূৰী এল মুৰগান
ব্যক্তিগত তথ্য
জন্ম ০২ জুন, ১৯৬১ (৬৫ বছৰ)[3]
কালিয়ক্কাভিলা, মাদ্ৰাজ ৰাজ্য, ভাৰত
(বৰ্তমান তামিলনাডু)
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী পি সৌন্দৰৰাজন
সন্তান
পিতৃ-মাতৃ কুমাৰী অনন্তন (পিতৃ) কুমাৰী কৃষ্ণ (মাতৃ) বসন্তকুমাৰ (পিতৃদ্বয় ককা)
বাসস্থান চেন্নাই, তামিলনাডু, ভাৰত
শিক্ষানুষ্ঠান মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয় (MBBS)
জীৱিকা
  • Physician
  • politician

তামিলিছাই সৌন্দৰাৰাজন ( ইংৰাজী: : Tamilisai Soundararajan  ; জন্ম: ২ জুন ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেতে তেলেংগানাৰ দ্বিতীয় গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ ১৮ মাৰ্চলৈকে পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ (অতিৰিক্ত চাৰ্জ) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[4][5]

২০২৪ চনৰ ১৮ মাৰ্চত তামিলিছাই সৌন্দৰাৰাজনে তেলেংগানাৰ গৱৰ্ণৰ আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ পদৰ পৰা পদত্যাগ কৰে আৰু ২০ মাৰ্চ ২০২৪ তাৰিখে পুনৰ তামিলনাডু বিজেপিত যোগদান কৰে।[6]

ব্যক্তিগত জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬১ চনৰ ২ জুনত তামিলনাডুৰ কন্যাকুমাৰীৰ কলিয়াক্কাভিলাইত জন্মগ্ৰহণ কৰিছিল।[7] তেওঁৰ পিতৃ কুমাৰী অনন্তন,[8] এজন প্ৰাক্তন সংসদ সদস্য আৰু তামিলনাডুৰ এজন জ্যেষ্ঠ ভাৰতীয় জাতীয় কংগ্ৰেছ নেতা আছিল। আনহাতে, তেওঁৰ স্বামী সৌন্দৰৰাজন এজন চিকিৎসক।[9]

ইথিৰাজ কলেজ ফৰ উইমেনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি চেন্নাইৰ মাদ্ৰাজ মেডিকেল কলেজ[10]ত এম বি বি এছ আৰু চেন্নাইৰ ডাঃ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটিত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ অৰ্হতা লাভ কৰে। কানাডাত ছ’ন’লজী আৰু এফ ই টি থেৰাপীৰ প্ৰশিক্ষণ লাভ কৰিছিল।

ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ পূৰ্বে তেওঁ চেন্নাইৰ ৰামচন্দ্ৰ চিকিৎসা মহাবিদ্যালয়ত ৫ বছৰ সহকাৰী অধ্যাপিকা হিচাপে কাম কৰিছিল।[10] তেওঁৰ দুটা সন্তান আছে।

সমাজ আৰু সাধাৰণ জনতাৰ প্ৰতি তেওঁৰ নিষ্ঠাবান সেৱা আৰু লিংগ সমতা, মহিলা সবলীকৰণৰ প্ৰসাৰৰ স্বীকৃতি স্বৰূপে তেওঁক আমেৰিকাৰ কংগ্ৰেছী ডেনি কে ডেভিছৰ অধীনত চলি থকা বহু জাতিগত পৰামৰ্শদাতা টাস্ক ফ'ৰ্চ, আমেৰিকাৰ দ্বাৰা “ বছৰৰ আন্তঃৰাষ্ট্ৰীয় উদীয়মান তাৰকা – ২০১৮” বঁটা প্ৰদান কৰা হয়।[11][12]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

ৰাজনৈতিক পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ বাবে সৌন্দৰৰাজনে সৰুৰে পৰা ৰাজনীতিৰ প্ৰতি আগ্ৰহী আছিল।[13] মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সময়ত ছাত্ৰ নেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তামিলনাডু ৰাজ্যিক বিজেপি ইউনিটত ১৯৯৯ চনত দক্ষিণ চেন্নাই জিলা চিকিৎসা শাখাৰ সম্পাদক, ২০০১ চনত ৰাজ্যিক সাধাৰণ সম্পাদক চিকিৎসা শাখাৰ পৰা আৰম্ভ কৰি, ২০০৫ চনত সৰ্বভাৰতীয় সহ- আহ্বায়ক (দক্ষিণ ৰাজ্যৰ বাবে চিকিৎসা শাখা)[14], ২০০৭ চনত ৰাজ্যিক সাধাৰণ সম্পাদক, ২০১০ চনত ৰাজ্যিক উপ-সভাপতি আৰু সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় সচিব হিচাপে উন্নীত হয় ২০১৩ চনত বিজেপিত যোগদান কৰে।[15][16]

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰ্দেশত ২০১৯ চনৰ ১ ছেপ্টেম্বৰত তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা তেখেত বৰ্তমান ৰাজ্যৰ পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা। ২০১৯ চনৰ ৯ ছেপ্টেম্বৰত তেলেংগানাৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে।২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীত পুডুচেৰী (কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ অতিৰিক্ত দায়িত্ব দিয়া হয় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পদত অধিষ্ঠিত হোৱা পঞ্চমগৰাকী মহিলা। [17][18]Covid-19 মহামাৰীৰ সময়ত তেওঁ চিকিৎসালয়ত থকা স্বাস্থ্যসেৱা কৰ্মীসকলৰ ওচৰলৈ গৈছিল আৰু টিকাকৰণৰ বাবে উৎসাহিত কৰিছিল।

আজিলৈকে সাংসদ বা বিধায়ক হোৱাৰ সকলো প্ৰচেষ্টাত পৰাজিত হৈছে সৌন্দৰৰাজনে, দুটা বিধানসভা নিৰ্বাচন আৰু সংসদ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিফল হয়। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ থুথুক্কুডিৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ কন্যা কানিমোজি কৰুণানিধিৰ বিৰুদ্ধে পৰাস্ত হয়।[19][20] ৰাজ্যজুৰি সংসদ আৰু বিধানসভা নিৰ্বাচনত তেওঁ ব্যাপক প্ৰচাৰ চলাইছিল।[21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "President Murmu accepts Tamilisai Soundararajan's resignation, Jharkhand Governor gets charge". ১৯ মাৰ্চ ২০২৪. https://www.aninews.in/news/national/general-news/president-murmu-accepts-tamilisai-soundararajans-resignation-jharkhand-governor-gets-charge20240319122511.[সংযোগবিহীন উৎস]
  2. "President Murmu accepts Tamilisai Soundararajan's resignation, Jharkhand Governor gets charge". ১৯ মাৰ্চ ২০২৪. https://www.aninews.in/news/national/general-news/president-murmu-accepts-tamilisai-soundararajans-resignation-jharkhand-governor-gets-charge20240319122511.[সংযোগবিহীন উৎস]
  3. Mani, C. D. S. (2 June 2016). "Tamilisai Soundararajan vows to take Modi govt schemes to all villages in TN". https://timesofindia.indiatimes.com/city/chennai/TN-BJP-chief-Tamilisai-Soundararajan-turns-55-vows-to-take-Modi-govt-schemes-to-all-villages-in-state/articleshow/52558365.cms.
  4. "Tamilisai Sounderrajan appointed BJP TNEB unit president". The Hindu. 17 August 2014. http://www.thehindu.com/news/national/tamil-nadu/tamilisai-sounderrajan-appointed-bjp-tn-unit-president/article6324160.ece.
  5. "New BJP chiefs for Madhya Pradesh, Chhattisgarh, Tamil Nadu and Assam". The Economic Times/Times of India. PTI. 16 August 2014. http://economictimes.indiatimes.com/news/politics-and-nation/new-bjp-chiefs-for-madhya-pradesh-chhattisgarh-tamil-nadu-and-assam/articleshow/40316805.cms.
  6. "Former Telangana Governor Tamilisai Soundararajan rejoins BJP" (en-IN ভাষাত). The Hindu. 20 March 2024. https://thehindu.com/news/national/tamil-nadu/lok-sabha-polls-former-telangana-governor-tamilisai-soundararajan-rejoins-bjp/article67971846.ece.
  7. "Telangana State Portal Governor". www.telangana.gov.in. https://www.telangana.gov.in/government/governor আহৰণ কৰা হৈছে: 16 August 2021.
  8. "The Hindu News Update Service". The Hindu. 13 April 2009. http://www.hindu.com/thehindu/holnus/004200904132112.htm.
  9. "Dr Tamilisai Soundararajan: Age, Biography, Education, Husband, Caste, Net Worth & More - Oneindia". www.oneindia.com. https://www.oneindia.com/politicians/dr-tamilisai-soudrarajan-184.html.
  10. 1 2 "Dr. Tamilisai Soundararajan". Archived from the original on 16 May 2019. https://web.archive.org/web/20190516193419/https://drtamilisai.com/ আহৰণ কৰা হৈছে: 16 May 2019.
  11. Bodiwala, Suresh (31 October 2018). "Multi Ethnic Advisory Task Force Hosted 8th Annual Congressional award function with Glittering of Chicago stars". Daily Herald. https://www.dailyherald.com/submitted/20181031/multi-ethnic-advisory-task-force-hosted-8th-annual-congressional-award-function-with-glittering-of-chicago-stars.
  12. "Governor selected for global women of excellence award" (en-IN ভাষাত). The Hindu. 5 March 2021. https://www.thehindu.com/news/cities/Hyderabad/governor-selected-for-global-women-of-excellence-award/article33992459.ece.
  13. Sudha (29 November 2013). "Tamilisai Soundararajan opens her mind | நான் டுமிழிசை செளந்தரராஜன் பேசுகிறேன் ! - Oneindia Tamil" (ta ভাষাত). Tamil.oneindia.in. http://tamil.oneindia.in/news/tamilnadu/tamilisai-soundararajan-opens-her-mind-188455.html#slide433735 আহৰণ কৰা হৈছে: 27 September 2017.
  14. "Bharatiya Janata Party". Bjp.org. http://www.bjp.org/index.php?option=com_content&view=article&id=4662&catid=68:press-releases&Itemid=494 আহৰণ কৰা হৈছে: 27 September 2017.
  15. "Who is Tamilisai Soundararajan? All you need to know about Puducherry's new LG" (en ভাষাত). Free Press Journal. 16 February 2021. https://www.freepressjournal.in/india/who-is-tamilisai-soundararajan-all-you-need-to-know-about-puducherrys-new-lg.
  16. "Jual Oram appointed as BJP's national Vice President, Dharmendra Pradhan as General Secretary". Orissadiary.com. 31 March 2013. Archived from the original on 12 August 2014. https://web.archive.org/web/20140812225629/http://www.orissadiary.com/CurrentNews.asp?id=40330 আহৰণ কৰা হৈছে: 2 June 2014.
  17. "Tamilisai Soundararajan sworn in as Lieutenant Governor of Puducherry" (en ভাষাত). The Indian Express. 18 February 2021. https://indianexpress.com/article/india/tamilisai-soundararajan-sworn-in-as-lieutenant-governor-of-puducherry-7193689/.
  18. "Kiran Bedi removed as Puducherry LG amid political crisis in Union territory". Hindustan Times. 16 February 2021. https://www.hindustantimes.com/india-news/kiran-bedi-removed-as-puducherry-s-lieutenant-governor-101613490356384.html.
  19. "Dr. Tamilisai Soundrarajan(Bharatiya Janata Party(BJP)):Constituency- VELACHERY(CHENNAI) - Affidavit Information of Candidate". Myneta.info. 14 June 2004. http://myneta.info/tamilnadu2011/candidate.php?candidate_id=727 আহৰণ কৰা হৈছে: 27 September 2017.
  20. "News Today". www.maalaisudar.com. 7 May 2009. http://www.maalaisudar.com/printer.php?id=16826 আহৰণ কৰা হৈছে: 27 September 2017.[সংযোগবিহীন উৎস]
  21. "After 'chai', now a NaMo fish stall in Chennai". Mangaloretoday.com. http://www.mangaloretoday.com/headlines/After-rsquo-chai-rsquo-now-a-NaMo-fish-stall-in-Chennai.html.