তালাক (১৯৩৮ চলচ্চিত্ৰ)
| তালাক | |
|---|---|
| পৰিচালক | ছোহৰাব মোদী |
| ৰচনা |
|
| প্ৰযোজক | মিনাৰ্ভা ম’ভীটোন |
| অভিনয়ত |
|
| সংগীত পৰিচালক |
|
প্ৰযোজনা কোম্পানী |
মিনাৰ্ভা ম’ভীটোন |
মুক্তি |
১৯৩৮ |
দৈৰ্ঘ্য |
১২৭ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী-উৰ্দু |
তালাক (ইংৰাজী: Talaq; অনু: বিবাহবিচ্ছেদ) ১৯৩৮ চনত মুক্তি পোৱা এখন ভাৰতীয় সামাজিক মেল’ড্ৰামা চলচ্চিত্ৰ। ছবিখন মিনাৰ্ভ ম’ভীটোনৰ ছোহৰাব মোডীয়ে পৰিচালনা কৰিছিল। আনন্দ কুমাৰ আৰু গজানন জাগীৰদাৰে ৰচনা কৰা কাহিনীটোৰ সংলাপ আৰু গীতৰ কথা আনন্দ কুমাৰৰ। সংগীতৰ ৰচনা কৰিছিল মিৰ চাহেবে।[1] ছবিখনত প্ৰেম আদিব, গজানন জাগিৰদাৰ, নবীন য়াগনিক, শীলা আৰু আবু বেকাৰৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল নাছিম বানুৱে।[2] ছবিখনৰ কাহিনী ৰূপা (নাচিম বানু) নামৰ এগৰাকী বিবাহিত মহিলাৰ বিষয়ে, যিয়ে বিবাহ বিচ্ছেদৰ আইনসমূহ অধিক উন্নত হোৱাৰ বাবে যুঁজিছে আৰু তাৰ পিছত সেই আইন তেওঁ স্বামীৰ পৰা মুক্ত হ’বলৈ ব্যৱহাৰ কৰিছে। কিন্তু শেষত কথাবোৰ তেওঁৰ বিৰুদ্ধেহে যায়, যেতিয়া তেওঁৰ দ্বিতীয় স্বামীয়েও একে আইন ব্যৱহাৰ কৰি তেওঁক বিবাহ বিচ্ছেদ দিয়ে।[3]
শ্বেক্সপেৰিয়ান ট্ৰেজেডীৰ আধাৰত নিৰ্মিত তেওঁৰ পূৰ্বৰ ছবি যেনে “খুন কা খুন” (১৯৩৫) আৰু “ছাইদ-ই-হাৱাছ”ৰ বিপৰ্যয়ৰ পিছত মোদীয়ে “তালাক”, “জেইলৰ” আৰু “মিঠা জহৰ” (১৯৩৮)ৰ দৰে সামাজিক সমসাময়িক ছবি নিৰ্মাণৰ দিশলৈ ধাবিত হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 276–. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PA276। আহৰণ কৰা হৈছে: 16 December 2014.
- ↑ "Cast Talaq 1938". Alan Goble. http://www.citwf.com/film341894.htm। আহৰণ কৰা হৈছে: 17 December 2014.
- ↑ "Pioneers in Indian Cinema Sohrab Merwanji Modi". IndiaHeritage.org. http://www.indiaheritage.org/perform/cinema/history/modi.htm। আহৰণ কৰা হৈছে: 17 December 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ' সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।