সমললৈ যাওক

তাশি চোদেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাশি চোদেন
জন্ম তাশি চম্বাল চোদেন
২৯ মাৰ্চ, ১৯৯৮ (২৭ বছৰ)
অন্য নাম তাশি চম্বাল দৰ্জী
শিক্ষানুষ্ঠান উৎপল একাডেমী
উচ্চতা ১.৭৩ মিটাৰ (U=ft}})
'Beauty pageant titleholder'
Title মিছ ভূটান ২০২২
Hair color ক’লা
Eye color খৰিকাজুই
Major
competition(s)
  • মিছ ইন্দো-ভূটান ফেষ্ট ২০১৬ (জয়ী)
  • মিছ চিটাডেল পুনে ২০১৭ (উপ-বিজয়ী)
  • মিছ এছিয়া ২০১৮ (অৱস্থান নোপোৱা)
  • মিছ চুপাৰম’ডেল ৱৰ্ল্ডৱাইড ২০১৯ (শীৰ্ষ ১৫)
  • মিছ ভূটান ২০২২ (জয়ী)
  • মিছ ইউনিভাৰ্ছ ২০২২ (অৱস্থান নোপোৱা)


তাশি চোদেন চম্বাল (বা: তাশি চম্বাল দৰ্জী; জন্ম ২৯ মাৰ্চ ১৯৯৮) এজনী ভূটানী ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা খিতাপধাৰী। ২০২২ চনত, তেওঁ মিছ ভূটান খিতাপ জিকিছিল,[1] আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভূটানৰ প্ৰতিনিধিত্ব কৰিছিল।[2] তেওঁ ভূটানৰ প্ৰথম গৰাকী মুকলিভাৱে সমকামী ব্যক্তিৰ ভিতৰত অন্যতম।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তাশি চোদেনৰ মাতৃ, কিনলে ৱাংমো, ৱাংডুৱে ফ’ড্ৰাংত ব্যৱসায় কৰিছিল, আৰু তেওঁৰ পিতৃ চম্বাল খাম অঞ্চলৰ তিব্বতৰ এক ব্যৱসায়ী আছিল। তেওঁৰ পিতৃ-মাতৃ থিম্পুত মিলিত হৈছিল, আৰু তেওঁলোকৰ কন্যা জন্মৰ পিছত, পৰিয়ালটো ভাৰতৰ নাগালেণ্ড ৰাজ্যলৈ গুচি যায়। পিছত তেওঁ মাতৃৰ লগত পুনৰ ৱাংডুৱে ফ’ড্ৰাংলৈ উভতি আহে। তেওঁৰ পিতৃ তেওঁৰ ৪ বছৰ বয়সত মৃত্যু হয়, আৰু তেওঁৰ মাতৃ পুনৰ বিবাহ কৰে। ১৪ বছৰ বয়সত, তেওঁৰ মাতৃৰো মৃত্যু হয়। তেওঁ তেওঁৰ খুৰী আৰু আইতাৰ তত্ত্বাৱধানত ডাঙৰ হয়।

তাশি চোদেনে পাৰো জিলা আৰু ৱাংডুৱে ফ’ড্ৰাংৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰিছিল। উচ্চ শিক্ষাৰ সলনি তেওঁ ম’ডেলিং আৰু অভিনয়ক জীৱিকা হিচাপে বাছি লয়। ১৫ বছৰ বয়সত তেওঁ ম’ডেলিং আৰম্ভ কৰে আৰু বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ৪ জুন ২০২২ তাৰিখে, তেওঁ মিছ ভূটান খিতাপ লাভ কৰে।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৫ বছৰ বয়সতে তেওঁ নিজকে উভলিঙ্গ প্ৰবণ বুলি ঘোষণা কৰিছিল।[4] ভূটানত ২০১৯ চনত সমকামিতা অপৰাধ মুক্ত কৰা হয়, আৰু ২০২১ চনত এই আইন কাৰ্যকৰী হয়। ২০২১ চনৰ জুন মাহত (Pride Month), তাশি চোদেনে তেওঁৰ পৰিয়াল আৰু সমাজৰ আগত খোলাখুলি নিজকে সমকামী হিচাপে পৰিচয় দিয়ে।[5]

উল্লেখযোগ্য ভাষণ

[সম্পাদনা কৰক]

২০২২ চনৰ ৯ জুন, তাশি চোদেনে সংযুক্ত ৰাষ্ট্ৰৰ সহায়ত অনুষ্ঠিত Bhutan Dialogues মঞ্চত লৈ "লিংগ আৰু যৌন বৈচিত্ৰ্যৰ চেতনা" বিষয়ত বক্তৃতা প্ৰদান কৰে।[6]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "তাশি চোদেন ফ্ৰ’ম ৱাংডুৱে ফ’ড্ৰাং ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ ভূটান ২০২২" (en-US ভাষাত). BBSCL. 2022-06-06. http://www.bbs.bt/news/?p=170256। আহৰণ কৰা হৈছে: 2022-08-14. 
  2. "Who Is Tashi Choden Chombal? First Queer Miss Bhutan Winner" (en-US ভাষাত). https://www.shethepeople.tv/news/who-is-tashi-choden-chombal-miss-bhutan/। আহৰণ কৰা হৈছে: 2022-08-14. 
  3. Newspaper, Bhutan's Daily. "Picture story". Kuensel Online. https://kuenselonline.com/picture-story-1113/। আহৰণ কৰা হৈছে: 2022-08-14. [সংযোগবিহীন উৎস]
  4. "Breaking stereotypes and conventions: Miss Universe Bhutan" (en-US ভাষাত). The Bhutanese. https://thebhutanese.bt/breaking-stereotypes-and-conventions-miss-universe-bhutan/। আহৰণ কৰা হৈছে: 2022-08-14. 
  5. "Bhutan's trailblazing beauty queen speaks up for LGBTQ community" (en ভাষাত). France 24. https://www.france24.com/en/live-news/20220712-bhutan-s-trailblazing-beauty-queen-speaks-up-for-lgbtq-community। আহৰণ কৰা হৈছে: 2022-08-14. 
  6. eSolutions, Green. "Reckoning with Gender and Sexual Diversity. | Bhutan Dialogues" (en ভাষাত). Archived from the original on 2022-07-04. https://web.archive.org/web/20220704064148/https://bhutandialogues.bt/session/bhutan-dialogues-session-49/। আহৰণ কৰা হৈছে: 2022-08-14.