তাহিৰা মজহৰ আলী
| তাহিৰা মজহৰ আলী | |
|---|---|
| জন্ম | তাহিৰা হায়াট ৫ জানুৱাৰী ১৯২৪ লাহোৰ, ব্ৰিটিছ ৰাজ |
| মৃত্যু | ২৩ মাৰ্চ, ২০০৫ (৮১ বছৰ) লাহোৰ, পাকিস্তান |
| পেচা | বাওঁপন্থী ৰাজনৈতিক কৰ্মী আৰু কৰ্মী, নাৰী অধিকাৰৰ প্ৰচাৰক |
| জনা যায় | সদস্য, পাকিস্তানৰ কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠাপক, গণতান্ত্ৰিক মহিলা সংস্থা |
| দাম্পত্যসঙ্গী | মজহৰ আলী খান(সাংবাদিক) |
| সন্তান | তাৰিক আলী |
তাহিৰা মাজহাৰ আলী (ইংৰাজী : ইংৰাজী: Tahira Majhar Ali; জন্ম: ৫ জানুৱাৰী ১৯২৪ – ২৩ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী মহিলা অধিকাৰ অভিযানকাৰী আৰু এগৰাকী ৰাজনৈতিক কৰ্মী, আৰু বেনজিৰ ভুট্টোৰ গুৰু আছিল৷ তেওঁৰ সন্তানসকলৰ ভিতৰত আছে ব্ৰিটিছ পাকিস্তানী ৰাজনৈতিক কৰ্মী তাৰিক আলী, টাউচিফ হায়াট আৰু অষ্ট্ৰেলিয়াৰ সাংবাদিক মাহীৰ আলী।[1][2][3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯২৪ চনৰ ৫ জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ লাহোৰত ব্ৰিটিছ ৰাজত্বৰ সময়ত পঞ্জাৱৰ ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চিকন্দৰ হায়াত খান (১৮৯২ – ১৯৪২)ৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। চৰ্দাৰ শৌকত হায়াত খান (১৯১৫ – ১৯৯৮) আৰু বেগম মাহমুদা চেলিম খান (১৯১৩ – ২০০৭)ৰ কনিষ্ঠ ভগ্নী।[4][1]
আলীয়ে লাহোৰৰ কুইন মেৰী স্কুলত তেওঁ মৌলিক শিক্ষা সমাপ্ত কৰে। ১৭ বছৰ বয়সত তেওঁৰ খুলশালীয়েক মজহাৰ আলী খান (১৯১৭ – ১৯৯৩)ৰ সৈতে বিবাহপাশত আবদ্ধ হয় যি এজন সাংবাদিক আৰু দ্য পাকিস্তান টাইমছ কাকতৰ সম্পাদক আছিল৷ তেওঁৰ সমাজবাদী-প্ৰৱণ আছিল।[3][5][6]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ পাকিস্তানৰ কমিউনিষ্ট পাৰ্টি (CPP)ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু স্বামীৰ সৈতে প্ৰগ্ৰেছিভ পেপাৰছ লিমিটেড (PPL)ৰ অংশও আছিল।[7][8][6]
জেনেৰেল মহম্মদ জিয়া-উল হকৰ একনায়কত্ববাদৰ তীব্ৰ বিৰোধিতা কৰাৰ বাবে আলীক জেলত ভৰোৱা হৈছিল। পাকিস্তানৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে শ্ৰমিকৰ অধিকাৰৰ যুঁজখনক মহিলাৰ অধিকাৰৰ যুঁজৰ সৈতে একত্ৰিত কৰিছিল আৰু জিয়াই নাৰীৰ অধিকাৰৰ ওপৰত কৰা আক্ৰমণক প্ৰতিহত কৰিছিল।[2][9]যদিও তেওঁ এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, তথাপিও তেওঁ ৬০ বছৰতকৈও অধিক সময় শ্ৰমিক আৰু নাৰী অধিকাৰৰ কৰ্মী হৈয়েই আছিল। ১৯৫০ চনত তেওঁ দেশৰ প্ৰথম স্বতন্ত্ৰ মহিলা অধিকাৰ সংগঠন বুলি গণ্য কৰা গণতান্ত্ৰিক মহিলা সংস্থা (DWA)ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।[10] পাকিস্তানত প্ৰথমবাৰৰ বাবে তেওঁৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় য'ত মহিলাসকলক সমান মৰ্যাদা আৰু অধিকাৰ দিয়াৰ বাবে মুকলিকৈ দাবী কৰা হৈছিল।[1] ১৯৭১ চনত পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা এটা সৰু মানুহৰ ভিতৰত তেওঁ আছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Xari Jalil (24 March 2015). "Tahira Mazhar Ali’s death a profound loss to many". Dawn (newspaper). http://www.dawn.com/news/1171442। আহৰণ কৰা হৈছে: 11 September 2019.
- 1 2 Omar Waraich (29 March 2015). "Tahira Mazhar Ali: Women's rights campaigner who was the mother of Tariq Ali and acted as mentor to Benazir Bhutto". Independent (UK newspaper). https://www.independent.co.uk/news/people/tahira-mazhar-ali-womens-rights-campaigner-who-was-the-mother-of-tariq-ali-and-acted-as-mentor-to-benazir-bhutto-10141888.html। আহৰণ কৰা হৈছে: 11 September 2019.
- 1 2 "Tahira Mazhar Ali Khan, 1925-2015". The Friday Times (newspaper). 27 March 2015. Archived from the original on 10 July 2018. https://web.archive.org/web/20180710155525/http://www.thefridaytimes.com/tft/tahira-mazhar-ali-khan-1925-2015/। আহৰণ কৰা হৈছে: 11 September 2019.
- ↑ Shaukat Hayat Khan 'The Nation that Lost its Soul: Memoirs', Lahore, 1993
- ↑ "MEMORABLE ROMANCE: Tahira & Mazhar Ali Khan – Good Times". www.goodtimes.com.pk. http://www.goodtimes.com.pk/memorable-romance-tahira-mazhar-ali-khan/.
- 1 2 "Veteran leftist activist Tahira Ali laid to rest" (en ভাষাত). The Express Tribune. 24 March 2015. https://tribune.com.pk/story/858564/paying-tribute-veteran-leftist-activist-laid-to-rest-in-a-graveyard-near-her-shah-jamal-home.
- ↑ "Tahira Mazhar Ali Khan - A Woman Extraordinaire". Archived from the original on 2021-12-03. https://web.archive.org/web/20211203184336/https://clarionindia.net/tahira-mazhar-ali-khan-a-woman-extraordinaire/.
- ↑ "Tahira Mazhar Ali Khan: the end of an era". Daily Times. 13 April 2015. https://dailytimes.com.pk/101179/tahira-mazhar-ali-khan-the-end-of-an-era/.
- ↑ "Torchbearer for a progressive politics" (en ভাষাত). The Indian Express. 28 March 2015. https://indianexpress.com/article/opinion/columns/a-torchbearer-for-progressive-politics/.
- 1 2 "Tahira Mazhar Ali" (en ভাষাত). www.thenews.com.pk. https://www.thenews.com.pk/print/31089-tahira-mazhar-ali.