তাৰকাময় যুদ্ধ
| তাৰকাময় যুদ্ধ | |||||||
|---|---|---|---|---|---|---|---|
| দেৱাসুৰ যুদ্ধৰ অংশ | |||||||
তাৰাৰ সৈতে বৃহস্পতি |
|||||||
|
|||||||
| যুজাৰু | |||||||
| বৃহস্পতি | সোম |
||||||
| কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
| ৰুদ্ৰ | সোম | ||||||
তাৰকাময় যুদ্ধ (সংস্কৃত: तारकामय युद्ध, আক্ষৰিক অৰ্থ:'তাৰাৰ প্ৰেমৰ বাবে যুদ্ধ')[1] হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এখন প্ৰাচীন যুদ্ধ৷ চন্দ্ৰ দেৱতা সোমে বৃহস্পতিৰ পত্নী তাৰাক পলোৱাই নিয়াৰ ফলত এই যুদ্ধৰ সূত্ৰপাত হৈছিল।[2] পদ্মপুৰাণত এই যুদ্ধৰ কথা উল্লেখ আছে,[3] আৰু দেৱ আৰু অসুৰৰ মাজত হোৱা ধাৰাবাহিক দেৱাসুৰ সংগ্ৰামৰ পঞ্চম যুদ্ধ বুলি বৰ্ণনা কৰা হৈছে।[4]
কিংবদন্তি
[সম্পাদনা কৰক]কিংবদন্তি অনুসৰি উতাথ্যাৰ গৰ্ভৱতী পত্নী মমতাৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে বৃহস্পতিক শাস্তি দিবলৈ এই অপহৰণ সংঘটিত হৈছিল। আন এটা কিংবদন্তি অনুসৰি ৰাজসুয় অনুষ্ঠানৰ সফলতাৰ বাবে হোৱা সোমদেৱৰ অহংকাৰৰ বাবেই এই অপহৰণ সংঘটিত হৈছিল। ইন্দ্ৰৰ হস্তক্ষেপৰ পিছতো সোমে তাৰাক স্বামীৰ ওচৰত ঘূৰাই দিবলৈ অস্বীকাৰ কৰিলে। গুৰু বৃহস্পতিক যক্ষৰ সৈতে মিত্ৰতা কৰা ইন্দ্ৰ আৰু দেৱসকলে সহায় কৰিছিল, আনহাতে সোমক সহায় কৰিছিল শুক্ৰ আৰু দানৱৰ সৈতে মিত্ৰতা কৰা দৈত্যসকলে। ৰুদ্ৰৰ নেতৃত্বত দেৱতাসকলে অসুৰসকলক ঐশ্বৰিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে আৰু অসুৰসকলে নিজৰ নিজৰ অস্ত্ৰেৰে এই আক্ৰমণ প্ৰতিহত আনে। ব্ৰহ্মাণ্ড পুৰাণত উল্লেখ আছে যে বিষ্ণুৱেও যুদ্ধত অংশগ্ৰহণ কৰি অসুৰ কালানেমীক বধ কৰিছিল। ইন্দ্ৰই সোমৰ পক্ষ লোৱা প্ৰহ্লাদৰ পুত্ৰ বিৰোচনক বধ কৰা বুলি কোৱা হৈছে। অৱশেষত ব্ৰহ্মাই হস্তক্ষেপ কৰি তাৰাক স্বামীৰ ওচৰলৈ ঘূৰাই আনিলে। যথা সময়ত তাই বুধক জন্ম দিলে, তৰাই সোমদেৱক নিজ পুত্ৰৰ পিতৃ বুলি দৃঢ়তা প্ৰদান নকৰালৈকে বৃহস্পতি আৰু সোম দুয়োজনে বুধক নিজৰ পুত্ৰ বুলি দাবী কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Arumugam, Nesa (2020-09-27) (en ভাষাত). Myths and Legends of the Navagraha: The Nine Movers of Destiny in Indian Astrology. Partridge Publishing Singapore. ISBN 978-1-5437-6002-6. https://books.google.com/books?id=ZjUCEAAAQBAJ&dq=tarakamaya+war&pg=PT40.
- ↑ Hopkins, Edward Washburn (June 1968) (en ভাষাত). Epic Mythology. Biblo & Tannen Publishers. পৃষ্ঠা. 90. ISBN 978-0-8196-0228-2. https://books.google.com/books?id=-H0eiuvcG5IC&dq=tarakamaya+war&pg=PA90.
- ↑ www.wisdomlib.org (2019-10-31). "Budha Infuriated and Appeased [Chapter 215"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365799.html। আহৰণ কৰা হৈছে: 2022-07-14.
- ↑ (en ভাষাত) Indian History. Tata McGraw-Hill Education. 1960. পৃষ্ঠা. A120. ISBN 978-0-07-132923-1. https://books.google.com/books?id=riUmBAAAQBAJ&dq=devasura+sangrama&pg=SL1-PA120.