তাৰাকাশী

তাৰাকাশী (ইংৰাজী: Tarakasi; পাৰ্চী মূলৰ পৰা) হ’ল ভাৰতৰ পূব অংশৰ ওড়িশাৰ কটক চহৰৰ এবিধ ৰূপৰ ফিলিগ্ৰী (filigree) শিল্প।

উৎপত্তি
[সম্পাদনা কৰক]এই উচ্চ দক্ষতাপূৰ্ণ শিল্পকলা ৫০০ বছৰতকৈও অধিক পুৰণি আৰু পৰম্পৰাগতভাৱে ওড়িশাৰ পূব উপকূলৰ স্থানীয় কাৰিকৰসকলে ইয়াক চৰ্চা কৰি আহিছে।[1] বৰ্তমান ৰূপৰ ফিলিগ্ৰী শিল্পীসকল মূলতঃ কটক জিলাৰ, য’ত এই শিল্পই প্ৰসাৰ লাভ কৰিছে।

কৌশল
[সম্পাদনা কৰক]ফিলিগ্ৰী শিল্পীসকলে ৯০% বা তাতকৈ অধিক বিশুদ্ধ ৰূপৰ সংকৰ ধাতুৰে কাম কৰে।[2] প্ৰথমে ৰূপৰ পিণ্ড এটা সৰু মাটিৰ পাত্ৰত ৰখা হয় আৰু পাত্ৰটো গৰম কয়লাৰে ভৰ্তি এটা বাল্টিত ভৰোৱা হয়। এটা হাতেৰে চলোৱা ক্ৰেংকৰ সহায়ত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰা হয়।
গলন প্ৰক্ৰিয়াটোত প্ৰায় দহ মিনিট সময় লাগে আৰু তাৰ পিছত ৰূপখিনি এডাল সৰু দণ্ডৰ দৰে সাঁচত ঢালি দিয়া হয় আৰু দণ্ডডাল পানীত ডুবাই ঠাণ্ডা কৰা হয়। ইয়াৰ পিছত ইয়াক এটা মেচিনত ৰখা হয় যিয়ে দণ্ডডাল হেঁচা দি এডাল দীঘল, পাতল তাৰলৈ ৰূপান্তৰ কৰে। এই আমনিদায়ক আৰু শাৰীৰিকভাৱে কষ্টকৰ প্ৰক্ৰিয়াটো পৰম্পৰাগতভাৱে হাতেৰে কৰা হৈছিল আৰু ক্ৰেংকটো ঘূৰাবলৈ দুজন মানুহৰ প্ৰয়োজন হৈছিল।
এবাৰ ৰূপখিনি এটা চেপেটা, কাম কৰিব পৰা তাৰলৈ পৰিৱৰ্তিত হোৱাৰ পিছত, শিল্পীজনে হাতেৰে সেই তাৰডালত জটিল নক্সা কাটিব পাৰে অথবা লগে লগে কেৰাচিনৰ জুইৰ সহায়ত ইয়াক গলাই নমনীয় কৰিব পাৰে। এই প্ৰক্ৰিয়াটোত শিল্পীজনে মুখেৰে ধৰি থকা নলী এডালৰ সহায়ত সৰু শিখাটো নিৰ্দিষ্ট দিশলৈ চালিত কৰে। এই প্ৰক্ৰিয়াই কাৰিকৰজনৰ বাবে তাৰডাল ঠাণ্ডা হোৱাৰ আগতে আকাংক্ষিত সাঁচত গঢ় দিয়াত সহজ কৰি তোলে। ইয়াৰ পিছত তাৰবোৰ একেলগে গুঠি শিল্পীৰ আঙুলিৰ সূক্ষ্ম পৰশেৰে বিভিন্ন নক্সা প্ৰস্তুত কৰা হয়। জ্বালাই বা চোল্ডাৰিং (Soldering) কৰিবলৈ টুকুৰাটো বৰাক্স পাউডাৰ আৰু পানীৰ মিশ্ৰণত ৰখা হয়, তাৰ ওপৰত জ্বালাই কৰা পাউডাৰ ছটিয়াই আৰু তাৰ পিছত পুনৰ শিখাৰ তলত ৰখা হয়। ইয়াৰ ফলত নক্সাৰ সবিশেষ অক্ষত থকাটো নিশ্চিত হয়।
এই কাম শেষ হোৱাৰ পিছত শিল্পীজনে গৰম টুকুৰাটো লৈ তাক এটা অলংকাৰৰ ৰূপ দিয়ে। ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ গ্ৰেনুলেচন, স্ন’ গ্লেজিং আৰু কাষ্টিং আদি কৌশল অভিনৱ ধৰণে ব্যৱহাৰ কৰা হয়। ব্যৱহৃত কৌশলসমূহৰ বিষয়ে শিল্পী জগদীশ মিশ্ৰই কয়, "গ্ৰাহকৰ ৰুচি সলনি হৈ থাকে আৰু শিল্পীসকলে উদীয়মান ধাৰাসমূহৰ সৈতে তাল মিলাই চলিবলৈ আপডেট হৈ থাকিব লাগে।" গ্ৰাহকৰ চাহিদাৰ সৈতে সংগতি ৰাখি অত্যন্ত পালিশ কৰা আৰু পৰিশোধিত শিল্পবস্তু উৎপাদন কৰিবলৈ এনে নতুন পদ্ধতি আৰু পৰীক্ষা-নিৰীক্ষা ক্ৰমান্বয়ে ব্যৱহাৰ কৰা হৈছে। অধিক স্থায়ী উজ্জ্বলতা দিবলৈ প্লেটিনাম পলিছিং কৰা হয়, আনহাতে আকৰ্ষণীয় প্ৰভাৱ সৃষ্টি কৰিবলৈ ৰূপ আৰু পিতল বা অন্যান্য সামগ্ৰীৰ সংমিশ্ৰণ কৰা হয়।
পৰম্পৰা
[সম্পাদনা কৰক]তাৰাকাশী শিল্পত জন্তু, চৰাই, ফুল আৰু আনকি ক্ষুদ্ৰ হাতব্যাগ তথা অন্যান্য উপহাৰৰ সামগ্ৰী নিৰ্মাণ কৰা হয়। স্মাৰক হিচাপে কোণাৰ্ক চক্ৰ আৰু মন্দিৰ অতি জনপ্ৰিয়। মহাভাৰতৰ দৃশ্য, বিশেষকৈ ভগৱদ গীতাৰপৰা ভগৱান কৃষ্ণই চলাই থকা অৰ্জুনৰ ৰথৰ দৃশ্যসমূহ যথেষ্ট জনপ্ৰিয়। বছৰ বছৰ ধৰি বিভিন্ন বিখ্যাত কীৰ্তিচিহ্ন যেনে তাজমহল, আইফেল টাৱাৰ আৰু অন্যান্যসমূহ নিৰ্মাণ কৰি সুকুমাৰ কলাৰ অনুৰাগীসকলৰপৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
ফিলিগ্ৰী অলংকাৰসমূহ বিভিন্ন নক্সাৰে চহকী। ওড়িশাত বাহুৰ অলংকাৰ, ডিঙিৰ হাৰ, ভৰিৰ আঙঠি আৰু বিশেষকৈ খৰু (Anklet) পিন্ধাৰ ওপৰত গুৰুত্ব দিয়া হয়। এইবোৰক শুভ বুলিও গণ্য কৰা হয়। অৰ্ধ-মূল্যৱান পাথৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা জটিল নক্সাৰ খৰুৱে অধিক গুৰুত্ব পায়।

সেন্দূৰৰ টেমা, ব্ৰচ, পেণ্ডেণ্ট, কাণফুলি আৰু হেয়াৰপিনৰো ব্যাপক চাহিদা আছে। যিকোনো ওড়িয়া বিয়াত সেন্দূৰৰ টেমা এটা থকাটো বাধ্যতামূলক, কিন্তু এই পৰম্পৰা লাহে লাহে ম্লান হৈ আহিছে। তাৰাকাশী কামেৰে নিৰ্মিত কঁকালৰ পেটী পৰম্পৰাগতভাৱে বিয়াত ব্যৱহাৰ কৰা হৈছিল। তাৰাকাশী খৰু আৰু ভৰিৰ আঙঠি অবিহনে ওড়িয়া বিবাহ অসম্পূৰ্ণ।[3]
ওডিছী
[সম্পাদনা কৰক]ওড়িশাৰপৰা উৎপত্তি হোৱা অন্যতম ভাৰতীয় ধ্ৰুপদী নৃত্য ওডিছীত পিন্ধা অলংকাৰসমূহ তাৰাকাশী শিল্পৰে নিৰ্মিত। এই অলংকাৰসমূহে নৃত্যশিল্পীগৰাকীৰ মূৰ, কাণ, ডিঙি, হাত, আঙুলি আৰু কঁকাল শোভিত কৰে। এই অলংকাৰসমূহৰ ভিতৰত আছে চকাৰ, পদক-তিলক (এডিঙি দীঘল হাৰ), বাহীচুডি বা তয়িলা (বাহুৰ অলংকাৰ), কংকণ (খাৰু), এধাৰি মেখলা (ককালৰ পেটী), খৰু, ঘণ্টা, কাপ (কাণফুলি) আৰু চিঁথি (চুলি আৰু কপালত পিন্ধা অলংকাৰ)। এই অলংকাৰসমূহ ৰূপ আৰু সোণেৰে আবৃত প্ৰাকৃতিক অকাটা পাথৰৰদ্বাৰা সুশোভিত কৰা হয়।
দুৰ্গা পূজা
[সম্পাদনা কৰক]
চহৰখনত শাৰদীয় উৎসৱ পৰম্পৰাৰ সূচনা হৈছিল ১৬শ শতিকাত হিন্দু সন্ত চৈতন্য মহাপ্ৰভুৰ ভ্ৰমণৰ সময়ত, যেতিয়া তেওঁৰ উপস্থিতিত বিনোদ বিহাৰী দেৱী মণ্ডপত মুখাৰ নক্সা ব্যৱহাৰ কৰি দুৰ্গাৰ মূৰ্তিৰ অভিষেক কৰা হৈছিল।
প্ৰতি বছৰে কটকত দুৰ্গা পূজাৰ সময়ত দুৰ্গাৰ মূৰ্তিবোৰ সুশোভিত কৰিবলৈ বহুতো পন্দালত তাৰাকাশী অলংকাৰ ব্যৱহাৰ কৰা হয়। অন্যতম বিখ্যাত মূৰ্তিটো হ’ল চান্দিনী চ’কৰ, য’ত দুৰ্গাৰ সমগ্ৰ মুকুট আৰু আনুষংগিক সামগ্ৰীসমূহ ৰূপৰদ্বাৰা নিৰ্মিত, যাক জনপ্ৰিয়ভাৱে চান্দী মেধা বুলি জনা যায়। তাৰাকাশী ব্যৱহাৰ কৰা আন পন্দালবোৰ হ’ল চৌলিয়াগঞ্জ, চৌধুৰী বজাৰ, খান নগৰ, বাংকা বজাৰ, দৰগাহ বজাৰ, বালু বজাৰ ইত্যাদি।
প্ৰতি বছৰে ১৫০ জনতকৈও অধিক ফিলিগ্ৰী শিল্পী পটভূমি আৰু অলংকাৰৰ নক্সা তৈয়াৰ কৰাত নিয়োজিত হয়।[4] ১৯৫৬ চনত চৌধুৰী বজাৰ পূজা পন্দালত ২৫০ কেজি ওজনৰ চান্দী মেধাৰে এই শৈলীৰ আৰম্ভণি কৰা হৈছিল। ইয়াৰ পিছত ১৯৯১ চনত শ্বেখ বজাৰ পূজা মণ্ডপত ৩৫০ কেজিৰ চান্দী মেধা স্থাপন কৰা হয়। ২০০৪ চনত ৰাণীহাট পূজা সমিতিয়ে ৪৮৩ কেজি ৰূপৰ ফিলিগ্ৰী পটভূমি, অলংকাৰ আৰু অস্ত্ৰ-শস্ত্ৰৰে এই অভিজাত গোটত যোগদান কৰে। তাৰ পিছৰ বছৰত হৰিপুৰ-দোলামুণ্ডাই পূজা সমিতিয়ে ৫০০ কেজি ৰূপৰ ফিলিগ্ৰী স্থাপন কৰি ৰাণীহাটক অতিক্ৰম কৰে। ২০০৬ চনত শ্বেখ বজাৰ সমিতিয়ে ৪৫০ কেজি ৰূপ ব্যৱহাৰ কৰি নতুন পটভূমি নিৰ্মাণ কৰে। বৰ্তমান কটকৰ সকলো পূজা সমিতিৰ মাজত প্ৰতি বছৰে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ এক প্ৰতিযোগিতা চলে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Odissi Costumes Jewelry". Odissivilas.org. http://www.odissivilas.org। আহৰণ কৰা হৈছে: 12 July 2012.
- ↑ "Silver, Silver, Shining Bright by Alipta Jena". Boloji.com. 30 October 2005. http://www.boloji.com। আহৰণ কৰা হৈছে: 12 July 2012.
- ↑ "Buy Rings Online | Buy Gold, Diamond Rings Online in Chennai, India" (en ভাষাত). www.gehnaindia.com. https://www.gehnaindia.com/m/stacking-rings। আহৰণ কৰা হৈছে: 22 June 2018.
- ↑ "Durga Puja revives filigree artwork in Orissa". Sify. 26 September 2009. http://sify.com/news/durga-puja-revives-filigree-artwork-in-orissa-news-national-jj0o4diigib.html। আহৰণ কৰা হৈছে: 12 July 2012.
- ↑ Patnaik, Lalmohan (14 September 2008). "The Telegraph - Calcutta (Kolkata)". প্ৰকাশক Calcutta, India: Telegraphindia.com. http://www.telegraphindia.com/1080914/jsp/frontpage/story_9805139.jsp.