তাৰাদেৱী সিদ্ধাৰ্থ
ডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (ইংৰাজী: D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ৰাজ্যসভা আৰু কৰ্ণাটক বিধানসভাৰ সমান্তৰালকৈ অষ্টম আৰু দশম লোকসভাৰ সদস্য আছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৫৩ চনৰ ২৬ ডিচেম্বৰত মুদিগেৰেৰ কৃষ্ণপ্পা গৌডাৰ কন্যা তাৰাদেৱীৰ জন্ম হৈছিল। তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭৮ চনত তাৰাদেৱীক মুদিগেৰে তালুকা উন্নয়ন ব'ৰ্ডৰ সভাপতি নিৰ্বাচিত কৰা হয় আৰু তাৰ পিছত চহৰখনৰ পৌৰসভাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।[1]ইন্দিৰা গান্ধীয়ে যেতিয়া চিকমাগালুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেতিয়া তেওঁ তাৰাদেৱীৰ ঘৰত আছিল।[2]পিছলৈ ১৯৮৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে চিকমাগালুৰত থিয় কৰাই দিয়াৰ পিছত ১৯৮৪ চনলৈকে কৰ্ণাটক বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অষ্টম লোকসভাত প্ৰথম কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ১৯৯০ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। পিছৰ বছৰত তাৰাদেৱীয়ে ১৯৯১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পি ভি নৰসিংহ ৰাওৰ নৱগঠিত মন্ত্ৰীসভাত ৰাজ্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী হয়।[1][3]}}</ref>
তৰাদেৱীয়ে আইএনচি প্ৰশাসনৰ ভিতৰতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে, য'ত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে।[1]কিছু সময়ৰ বাবে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আছিল।[3][4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তাৰাদেৱীয়ে কৰ্ণাটকৰ আইএনচিৰ এজন গুৰুত্বপূৰ্ণ সদস্য সিদ্ধাৰ্থ ৰেড্ডীক বিয়া কৰায়।[1][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Members Bioprofile: Siddhartha, Smt. D.K. Thara Devi". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3597.htm। আহৰণ কৰা হৈছে: 25 November 2017.
- ↑ Vohra, Pankaj (1 March 2014). "Rahul may fight from two seats". The Sunday Guardian. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201044635/http://www.sunday-guardian.com/news/rahul-may-fight-from-two-seats। আহৰণ কৰা হৈছে: 25 November 2017.
- ↑ 3.0 3.1 3.2 Ramaseshan, Radhika (12 November 2002). "Sangh blood too thick for Cong converts". The Telegraph. https://www.telegraphindia.com/1021112/asp/nation/story_1370393.asp। আহৰণ কৰা হৈছে: 25 November 2017.
- ↑ "Taradevi to quit BJP". Deccan Herald. 24 March 2004. http://archive.deccanherald.com/deccanherald/mar242004/s5.asp। আহৰণ কৰা হৈছে: 25 November 2017.