তাৰানা হালিম
তাৰানা হালিম | |
|---|---|
তাৰানা হালিম | |
২০১৭ চনত তাৰানা হালিম | |
| তথ্য ৰাজ্যিক মন্ত্ৰী | |
| কাৰ্যকাল ৩ জানুৱাৰী ২০১৮ – ৭ জানুৱাৰী ২০১৯ | |
| প্ৰধানমন্ত্ৰী | শ্বেখ হাছিনা |
| পূৰ্বসূৰী | হাছানুল হক ইনু |
| উত্তৰসূৰী | জুনাইদ আহমেদ পলক |
| ডাক আৰু দূৰসংযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী | |
| কাৰ্যকাল ১৪ জুলাই ২০১৫ – ৩ জানুৱাৰী ২০১৮ | |
| প্ৰধানমন্ত্ৰী | শ্বেখ হাছিনা |
| বাংলাদেশ জাতীয় সংসদৰ সদস্য | |
| কাৰ্যকাল ২৮ ফেব্ৰুৱাৰী ২০২৪ – ৬ আগষ্ট ২০২৪ | |
| পূৰ্বসূৰী | নাজমা আক্তাৰ |
| সমষ্টি | সংৰক্ষিত মহিলা আসন–১৮ |
| কাৰ্যকাল ১৪ জানুৱাৰী ২০১৪ – ২৯ জানুৱাৰী ২০১৯ | |
| পূৰ্বসূৰী | পাৰভিন তালুকদাৰ মায়া |
| উত্তৰসূৰী | হোচনে আৰা |
| সমষ্টি | সংৰক্ষিত মহিলা আসন–১৬ |
| কাৰ্যকাল ২৫ জানুৱাৰী ২০০৯ – ২৪ জানুৱাৰী ২০১৪ | |
| উত্তৰসূৰী | লাইলা আৰজুমান বানু |
| সমষ্টি | সংৰক্ষিত মহিলা আসন–৮ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৬ আগষ্ট, ১৯৬৬ (৫৯ বছৰ) টাংগাইল, পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
| ৰাজনৈতিক দল | বাংলাদেশ আৱামী লীগ[1] |
| দাম্পত্যসঙ্গী | আহমেদ ৰুবল (বিবাহ বিচ্ছেদিত)[2] |
| পিতৃ-মাতৃ | এম এ হালিম (পিতৃ) আক্তাৰ হালিম (মাতৃ) |
| শিক্ষা | এলএলএম[3] |
| শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় |
তাৰানা হালিম (ইংৰাজী: Tarana Halim; জন্ম: ১৬ আগষ্ট ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, প্ৰাক্তন অধিবক্তা, দূৰদৰ্শন তথা চলচ্চিত্ৰ অভিনেত্ৰী আৰু নাট্যকাৰ।[3] তেওঁ বাংলাদেশ চৰকাৰৰ তথ্য মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ বাংলাদেশ আৱামী লীগৰ সৈতে জড়িত এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী।[4]
২০১৮ চনৰ জানুৱাৰী মাহত তেওঁক তথ্য ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[5][6] ইয়াৰ পূৰ্বে ২০১৪ চনৰ জুলাই মাহৰপৰা তেওঁ ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত ডাক আৰু দূৰসংযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।[7]
কৰ্মজীৱন
[সম্পাদনা কৰক]তাৰানা হালিমে শৈশৱৰেপৰা সাংস্কৃতিক জগতৰ সৈতে জড়িত আছিল। তেওঁ ১৯৭৬ চনত বাংলাদেশ টেলিভিছনৰ জনপ্ৰিয় শিশু ৰিয়েলিটী শ্ব' নতুন কুঁড়িত চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰি প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহে।[8] তেওঁৰ অভিনয় জীৱনৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত টিভি নাটক স্নেহ আৰু ঢাকায় থাকি অন্যতম, যাৰ জৰিয়তে তেওঁ দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে।[9]
সাংস্কৃতিক দিশৰ উপৰি তেওঁ সাংগঠনিক কাম-কাজতো অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ সাংস্কৃতিক সংগঠন বংগবন্ধু সাংস্কৃতিক জোটৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[10] ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ যাত্ৰা আৰম্ভ হয় ২০০৯ চনৰ ২০ মাৰ্চত, যেতিয়া তেওঁ ৪৫খন সংৰক্ষিত মহিলা আসনৰ এখনৰপৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।[11] তেওঁ নিজৰ কাৰ্যকালত মহিলাৰ অধিকাৰ আৰু তথ্য প্ৰযুক্তিৰ দিশত বিশেষ অৱদান আগবঢ়াইছে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তাৰানা হালিমৰ ব্যক্তিগত জীৱনত দুবাৰ বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ প্ৰথম বিবাহৰপৰা দুটা পুত্ৰ সন্তান আছে। পৰৱৰ্তী সময়ত তেওঁ জনপ্ৰিয় অভিনেতা আহমেদ ৰুবলৰ সৈতে বিবাহ পাশত আবদ্ধ হয় যদিও পিছলৈ তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে।[12]
কৰ্মৰাজি
[সম্পাদনা কৰক]তাৰানা হালিমে কেইবাখনো চলচ্চিত্ৰ আৰু নাটকৰ কাম কৰিছে। তাৰে কেইখনমান হ'ল:
- গোলাপী এখন ট্ৰেইন (১৯৭৮)
- জুলেখা'ৰ ঘৰ (১৯৯৬)
- আবাৰ এটি যুদ্ধ চাই (১৯৯৯)
- জীৱন যেখানে যেমন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Utpaul Roy (21 June 2015). "আৰ্কাইভ কপি" (bn ভাষাত). Manab Zamin. Archived from the original on 23 January 2022. https://web.archive.org/web/20220123173131/https://mzamin.com/details.php?mzamin=ODA1Mjk=&s=MQ==। আহৰণ কৰা হৈছে: July 13, 2015.
- ↑ "Thoughts for the day". The Daily Star. February 14, 2006. Archived from the original on November 5, 2015. https://web.archive.org/web/20151105110502/http://archive.thedailystar.net/2006/02/14/d60214140388.htm। আহৰণ কৰা হৈছে: Sep 3, 2015.
- 1 2 "Constituency 308". Bangladesh Government. http://www.parliament.gov.bd/index.php/mps/members-of-parliament/former-mp-s/list-of-9th-parliament-members-english/110-mps-category/mps-of-9th-parliament/1197-constituency-308। আহৰণ কৰা হৈছে: September 3, 2015.
- ↑ Nusrat Jahan Pritom (March 8, 2010). "Tarana Halim: Making a difference". The Daily Star. Archived from the original on November 24, 2015. https://web.archive.org/web/20151124091230/http://archive.thedailystar.net/newDesign/news-details.php?nid=129096। আহৰণ কৰা হৈছে: September 3, 2015.
- ↑ Abu Saeed Khan (July 26, 2015). "Takeaway for Tarana as new state minister". The Daily Star. http://www.thedailystar.net/business/takeaway-tarana-new-state-minister-116719। আহৰণ কৰা হৈছে: September 3, 2015.
- ↑ "Council of Ministers: Reshuffle comes with surprises". The Daily Star. January 4, 2018. http://www.thedailystar.net/frontpage/council-ministers-reshuffle-comes-surprises-1514674.
- ↑ "bn:মাননীয় প্ৰতিমন্ত্ৰিগণ" (bn ভাষাত). Government of Bangladesh. http://www.cabinet.gov.bd/site/page/769df262-bd38-4892-b909-3d2dc86ba519/মাননীয়-প্ৰতিমন্ত্ৰিগণ। আহৰণ কৰা হৈছে: April 22, 2016.
- ↑ Faridur Reza Sagor (May 31, 2014). "Notun Kuri". The Daily Star. http://www.thedailystar.net/notun-kuri-26229। আহৰণ কৰা হৈছে: April 17, 2016.
- ↑ Shah Alam Shazu (October 31, 2014). "The Five Generations of TV Heroines". The Daily Star. http://www.thedailystar.net/the-five-generations-of-tv-heroines-48150। আহৰণ কৰা হৈছে: Sep 3, 2015.
- ↑ "Steps to be taken to check road crashes". The Daily Star. February 6, 2010. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304092208/http://archive.thedailystar.net/newDesign/news-details.php?nid=125081। আহৰণ কৰা হৈছে: September 3, 2015.
- ↑ "45 woman MPs elected". The Daily Star. UNB. March 20, 2009. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304093933/http://archive.thedailystar.net/newDesign/print_news.php?nid=80498। আহৰণ কৰা হৈছে: September 3, 2015.
- ↑ ""Being marooned on an island would be a blessing in disguise." - Tarana". The Daily Star. 2005-08-09. https://archive.thedailystar.net/2005/08/09/d508091403105.htm। আহৰণ কৰা হৈছে: 2024-02-07.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- তাৰানা হালিম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।