সমললৈ যাওক

তাৰানেহ আলিদুস্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাৰানেহ আলিদুস্তি

২০১৬ বৰ্ষত আলিদুস্তি
স্থানীয় নাম ترانه عليدوستی
জন্ম ১২ জানুৱাৰী, ১৯৮৪ (৪২ বছৰ)
তেহৰাণ, ইৰান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান
দাম্পত্যসঙ্গী আলি মনচুৰ (বি. ২০১১)
সন্তান

তাৰানেহ আলিদুস্তি (ফাৰ্চী:ترانه عليدوستی; জন্ম: ১২ জানুৱাৰী, ১৯৮৪) এগৰাকী ইৰানী অভিনেত্ৰী। ২০১৬ চনৰ দ্য চেলছমেন চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে পৰিচিত। এই ছবিখনে ৮৯সংখ্যক অস্কাৰ বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল। সানাতে চিনেমা আলোচনীয়ে ১৩০ গৰাকী চলচ্চিত্ৰ সমালোচকৰ মাজত চলোৱা এক সমীক্ষাত তেওঁ দশকটোৰ শ্ৰেষ্ঠ ইৰানী চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ২০১২ চনত ফিল্ম আলোচনীয়ে চলোৱা অনুৰূপ এক সমীক্ষাতো তেওঁক দশকটোৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বাছনি কৰা হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০০ চনৰপৰা অমিন তাৰোখৰ অভিনয় বিদ্যালয়ত প্ৰশিক্ষণ লোৱাৰ পাছত,[1] তেওঁ ৰচুল চদৰ আমেলী পৰিচালিত আই এম তাৰানেহ, ১৫ (২০০২) নামৰ চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰে।[1] দাৰিদ্ৰ্য আৰু সমাজৰ অসন্মতিৰ সৈته যুঁজি এগৰাকী ১৫বছৰীয়া ছোৱালীয়ে বিফল সম্পৰ্কৰ পিছত অকলে সন্তান ডাঙৰ-দীঘল কৰাৰ কৰুণ কাহিনীটোক তেওঁ কৰা অনৱদ্য অভিনয়ৰ বাবে সমালোচকে প্ৰশংসা কৰে। তেওঁ ২০০২ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰপৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ব্ৰঞ্জ লিপাৰ্ড বঁটা লাভ কৰে।[2] ইয়াৰ উপৰি তেওঁ ২০সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্ঘ বঁটা লাভ কৰি এই সন্মান লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়। ইয়াৰ কিছুসময়ৰ পাছতে তেওঁ নিজৰ প্ৰথম তিনিখন ছবিৰ বাবে ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈ আন এক অভিলেখ গঢ়ি তোলে। তেতিয়াৰেপৰা তেওঁ থিয়েটাৰ আৰু চিনেমা উভয়তে এক স্থিৰ কিন্তু নিৰ্বাচিত ধাৰাত কাম কৰি আহিছে। তেওঁ ২০০৬ চনত আছগৰ ফাৰহাদীৰ ফায়াৰৱৰ্কছ ৱেনছডে ছবিখনৰ মুখ্য অভিনেত্ৰী আছিল, যিখন লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।[2]

আলিদুস্তি মূলতঃ নাট্যধৰ্মী চৰিত্ৰ গ্ৰহণৰ ক্ষেত্ৰত তেওঁৰ নিৰ্বাচিত গুণৰ বাবে জনাজাত। ইয়াৰ এককন উদাৰহণ হৈছে অস্কাৰ বিজয়ী আছগৰ ফাৰহাদীৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সহযোগিতা, যাৰ বাবে তেওঁ নিজৰ প্ৰজন্মৰ আটাইতকৈ প্ৰশংসিত অভিনেত্ৰীসকলৰ এগৰাকী হিচাপে পৰিগণিত হৈছে। তেওঁ দ্য চেলছমেন ছবিখনত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল, যিখন ছবিয়ে ২০১৭ চনত অস্কাৰ লাভ কৰিছিল।[3] ইৰানৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে তেওঁ বহু বঁটা আৰু সন্মান বুটলিছে।[4][5][6]

ইৰানৰ অতি জনপ্ৰিয় ভিঅ’ডি ধাৰাবাহিক শ্বাহৰজাদৰ তিনিটা সংস্কৰণতে আলিদুস্তিয়ে নাম ভূমিকাত অভিনয় কৰিছিল।

ডেইলী কচ আলোচনীবীয়ে আলিদুস্তিক ইতিহাসৰ কেইগৰাকীমান পথ-প্ৰদৰ্শক মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিছে। এই তালিকাত তেওঁৰ লগতে আন তিনিগৰাকী ইৰানী মহিলা কিমিয়া আলিজাদেহ, ক্ৰীষ্টিয়ান আমানপুৰ আৰু নাদিয়া মাফটুনীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আলিদুস্তিৰ পিতৃ হামিদ আলিদুস্তিয়ে ইৰানৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ খেলিছিল আৰু তেওঁ কোনো বিদেশী দলৰ (জাৰ্মান দ্বিতীয় বুন্দেশ্বলিগাৰ এফএছভি ছালমহৰ) হৈ খেলা প্ৰথমগৰাকী ইৰানী খেলুৱৈ আছিল। পিছলৈ তেওঁ এজন পেছাদাৰী ফুটবল প্ৰশিক্ষক হৈ পৰে। আলিদুস্তিৰ মাতৃ নাদেৰেহ হাকিম-এলাহী এগৰাকী ভাস্কৰ আৰু কলা প্ৰশিক্ষক। ২০০৫ চনত ইৰানৰ বাৰ্ষিক অগ্নি মহোৎসৱৰ (চাহাৰশ্বানবে চুৰী) সময়ত হোৱা এক দুৰ্ঘটনাত তেওঁৰ একমাত্ৰ ভাতৃ পোয়ানৰ ১৬ বছৰ বয়সত মৃত্যু হয়।[8]

আলিদুস্তিয়ে ২০১১ চনত আলি মনচুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০১৩ চনত হান্নাহ নামৰ তেওঁলোকৰ এজনী কন্যা সন্তানৰ জন্ম হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Shreshthi, Abhilasha (2023-01-04). "Iranian Actress Taraneh Alidoosti Released After Being Jailed For Backing Protests" (en-US ভাষাত). The Teal Mango. Archived from the original on 2023-01-04. https://web.archive.org/web/20230104223057/https://www.thetealmango.com/news/iranian-actress-taraneh-alidoosti-released-after-being-jailed-for-backing-protests/ আহৰণ কৰা হৈছে: 2023-01-04.
  2. 1 2 "Locarno holds up a mirror to the Middle East". Swissinfo. 11 August 2006. Archived from the original on 16 December 2013. https://web.archive.org/web/20131216183228/http://www.swissinfo.ch/eng/index/Locarno_holds_up_a_mirror_to_the_Middle_East.html?cid=5373196 আহৰণ কৰা হৈছে: 2010-11-01.
  3. "Taraneh Alidoosti: Iran releases top actress held for supporting protests" (en-GB ভাষাত). BBC News. 2023-01-04. https://www.bbc.com/news/world-middle-east-64163189.
  4. "بیوگرافی "ترانه علیدوستی" و همسرش به همراه عکس دخترش" (fa ভাষাত). نمناک. https://namnak.com/%D8%AA%D8%B1%D8%A7%D9%86%D9%87-%D8%B9%D9%84%DB%8C%D8%AF%D9%88%D8%B3%D8%AA%DB%8C.p2767 আহৰণ কৰা হৈছে: 2021-12-28.
  5. "بیوگرافی ترانه علیدوستی و همسرش و دخترش +عکسهای اینستاگرامی و گفتگو" (fa-IR ভাষাত). آریا پیکس. 2018-01-28. Archived from the original on 2022-12-17. https://web.archive.org/web/20221217214910/https://ariapix.net/taraneh-alioosti/ আহৰণ কৰা হৈছে: 2021-12-28.
  6. "ترانه علیدوستی | بیوگرافی + عکس‌های ترانه علیدوستی | سلام‌سینما". www.salamcinama.ir. Archived from the original on 2021-12-28. https://web.archive.org/web/20211228140912/https://www.salamcinama.ir/profile/1b7afiy8sime1k0/%D8%AA%D8%B1%D8%A7%D9%86%D9%87-%D8%B9%D9%84%DB%8C%D8%AF%D9%88%D8%B3%D8%AA%DB%8C আহৰণ কৰা হৈছে: 2021-12-28.
  7. "Taraneh Alidoosti Among Trailblazing Women of History". https://www.dailykos.com/stories/2022/1/15/2074719/-WOW2-January-s-Trailblazing-Women-and-Events-in-Our-History-January-9-through-16-2022 আহৰণ কৰা হৈছে: 4 December 2022.
  8. "Charshanbe-Souri celebrations turn deadly again". PersianLeague. Archived from the original on 2 November 2006. https://web.archive.org/web/20061102014501/http://www.persianleague.com/news/morenews.cfm?news=2285 আহৰণ কৰা হৈছে: 2 March 2007.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]