সমললৈ যাওক

তিচুৰী যুৱনিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিষুৰী যুৱনিকা
স্থানীয় নাম තිසුරි යුවනිකා
জন্ম তিষুৰী যুৱনিকা মাদ্দুমা লিয়ানাগে
০৬ মাৰ্চ, ১৯৯১
নুগিগোগা, শ্ৰীলংকা
শিক্ষা অনুলা বিদ্যালয়, নুগিগোগা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৪–বৰ্তমান
দাম্পত্যসঙ্গী সুৰজ ৱিজেসিংহে
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰী (২০১৩)
শ্ৰেষ্ঠ অভিনেত্ৰী (২০১৪)
শ্ৰেষ্ঠ অভিনেত্ৰী (২০১৫)

তিষুৰী যুৱনিকা (জন্ম: তিষুৰী যুৱনিকা মাদ্দুমা লিয়ানাগে; ৬ মাৰ্চ ১৯৯১) শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী শ্ৰীলংকান অভিনেত্ৰী। ১৯৯৪ চনত শিশু অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰা যুৱনিকাই কেইবাটাও বঁটা প্ৰদান অনুষ্ঠানত কেইবাবাৰো শ্ৰেষ্ঠ উদীয়মান টেলিড্ৰামা অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

যুৱনিকা সুসন্থা চন্দ্ৰমালী আৰু কুমাৰু লিয়ানাগেৰ একমাত্ৰ সন্তান।[2] তেওঁৰ মাতৃ সুসন্থা চন্দ্ৰমালী শ্ৰীলংকাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী আছিল আৰু তেওঁৰ অভিনয় জীৱন ২৫ বছৰতকৈও অধিক সময় ধৰি বিস্তৃত আছিল।[3][4]

যুৱনিকাই নুগিগোগাৰ অনুলা বিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষালৈকে অধ্যয়ন কৰিছিল। তেওঁ কলা শাখাৰ বিষয় (ফৰাচী ভাষা, সিংহলী ভাষা আৰু তৰ্কশাস্ত্ৰ) লৈ উত্তীৰ্ণ হৈছিল।[5] ইয়াৰ পিছত তেওঁ ব্যৱসায় অধ্যয়নৰ ডিগ্ৰী ল’বলৈ আৰম্ভ কৰে যদিও বৰ্তমান অভিনয় জীৱনত গুৰুত্ব দিবলৈ সেই অধ্যয়ন স্থগিত ৰাখিছে। তেওঁ মেৰিন ইঞ্জিনিয়াৰ সুৰজ ৱিজেসিংহেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।[6]

অভিনয় জীৱন

[সম্পাদনা কৰক]

মাত্ৰ ৩ বছৰ বয়সতে পাঞ্চি কুমাৰীগে নাথালা (১৯৯৪) চিনেমাৰ জৰিয়তে মাতৃৰ সৈতে তিষুৰীয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল।[7] ইয়াৰ পিছত তেওঁ সুদত দেৱপ্ৰিয়ৰ উদু গং যামায়া (২০০১) ছবিত অভিনয় কৰাৰ সুযোগ পায়।[8]

স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ধাৰাবাহিকত সক্ৰিয়ভাৱে অংশ ল’বলৈ আৰম্ভ কৰে। ২০১৩ চনত তেওঁক আভাচৰাই পিয়াবান্নাৰ বাবে শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়।[9] ইয়াৰ পিছত তেওঁ ৰুকমল নিৰোষৰ সুলংগা মাথা মোহোথকত অভিনয় কৰে, যিয়ে তেওঁক ব্যাপক দৰ্শকৰ মাজত চিনাকি কৰি দিয়ে।[10] ধাৰাবাহিকখনত তেওঁ 'চাৰুলতা' চৰিত্ৰত অভিনয় কৰিছিল আৰু মাত্ৰ ২৪ বছৰ বয়সতে ২০১৫ চনৰ সুমাথি বঁটাত তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।[11]

বঁটাসমূহ

[সম্পাদনা কৰক]
  • ২০১৩ চনৰ সুমাথি বঁটাত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰী
  • ২০১৪ চনৰ ৰাষ্ট্ৰীয় বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী
  • ২০১৫ চনৰ সুমাথি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী
  • ২০১৯ চনৰ সুমাথি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Interview with Susantha Family সুসন্থা, তিষুৰীৰ বিষয়ে এটা ৰহস্য উন্মোচন কৰে". Sarasaviya. http://www.sarasaviya.lk/2017/08/03/?fn=sa1708032। আহৰণ কৰা হৈছে: 4 August 2017.
  2. ↑ "Happy soul". Daily News. http://www.dailynews.lk/2017/03/06/features/109430/happy-soul। আহৰণ কৰা হৈছে: 20 November 2019.
  3. ↑ "Chat With Susantha Chandramali and Thisuri Yuwanika". http://gossiplankalive1.blogspot.com/2012/11/chat-with-susantha-chandramali-and.html। আহৰণ কৰা হৈছে: 2016-12-08.
  4. ↑ "Happy soul". Daily News. http://www.dailynews.lk/2017/03/06/features/109430/happy-soul। আহৰণ কৰা হৈছে: 20 November 2019.
  5. ↑ srilankaactress. "I am shy to act in front mother | Thisuri Yuwanika | Sri Lankan Celebrity Gossip News". gossips.srilankaactress.info. Archived from the original on 2016-12-21. https://web.archive.org/web/20161221034256/http://gossips.srilankaactress.info/2010/10/19/i-am-shy-to-act-in-front-mother-thisuri-yuwanika/। আহৰণ কৰা হৈছে: 2016-12-08.
  6. ↑ "Thisuri talks about her partner". rasagossip. http://rasagossip.lkিষুৰী-আদৰয়-কළে-সুৰাজগে/। আহৰণ কৰা হৈছে: 20 November 2019.[সংযোগবিহীন উৎস]
  7. ↑ "Thisuri Yuwanika". IMDb. https://www.imdb.com/name/nm2385774/। আহৰণ কৰা হৈছে: 2016-12-08.
  8. ↑ "Thisuri Yuwanika". IMDb. https://www.imdb.com/name/nm2385774/। আহৰণ কৰা হৈছে: 2016-12-08.
  9. ↑ "Sumathi Awards". sumathiawards.lk. http://sumathiawards.lk/sumathi-awards-winners.php। আহৰণ কৰা হৈছে: 2016-12-08.
  10. ↑ "Sumathi Awards". sumathiawards.lk. http://sumathiawards.lk/sumathi-awards-winners.php। আহৰণ কৰা হৈছে: 2016-12-08.
  11. ↑ "Sumathi Awards". sumathiawards.lk. http://sumathiawards.lk/sumathi-awards-winners.php। আহৰণ কৰা হৈছে: 2016-12-08.
  12. ↑ "Sumathi Awards". sumathiawards.lk. http://sumathiawards.lk/sumathi-awards-winners.php। আহৰণ কৰা হৈছে: 2016-12-08.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]