সমললৈ যাওক

তিমথি দাস হান্সে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিমথি দাস হান্সে
জন্ম ১৯৫৫
চকীহোলা, কাৰ্বি আংলং, ভাৰত
মৃত্যু ২৮ ছেপ্টেম্বৰ, ২০২৫
গুৱাহাটী, অসম, ভাৰত
নাগৰিকত্ব ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, তথ্যচিত্ৰনিৰ্মাতা, গীতিকাৰ
দাম্পত্যসঙ্গী বিউটি বৰুৱা[1]
বঁটা, সন্মান, পুৰস্কাৰ আদি অসম চলচ্চিত্ৰ বঁটা (২০০৯), ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, মুনলাইট বঁটা

তিমথি দাস হান্সে (ইংৰাজী: Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ।[2] তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত জীৱন বাটৰ লগৰী ছবি নিৰ্মাণ কৰিছিল৷ [3][4]

চমু জীৱনী

[সম্পাদনা কৰক]

১৯৫৫ চনৰ কাৰ্বি আংলং জিলাৰ এখন ভিতৰুৱা ঠাই চকীহোলাত তিমথি দাস হান্সেৰ জন্ম হয়৷ [1] তেখেতে ২০১৬ চনত অসম কৃষি বিভাগৰ উদ্যান শস্যৰ সঞ্চালকৰূপে অৱসৰগ্ৰহণ কৰে৷ ১৯৮৫ চনত তেওঁ অসমীয়া ছবি জগতৰ লগত জড়িত হৈ পৰে৷ তেওঁৰ প্ৰথম নিৰ্মাণ আছিল ১৯৯০ চনৰ পাহাৰী কন্যা৷ তেওঁ ছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু গীত-লেখনৰ লগত জড়িত আছিল৷ ছবিখন সফল হিচাপে বিবেচিত হয়৷ সেইটো বছৰতে তেওঁৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ শ্বেৰ আলং-এ কাৰ্বি ভাষাত মুক্তি পায়৷ তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় বঁটা[কেতিয়া ?][উদ্ধৃতিৰ প্ৰয়োজন] পাবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত তেওঁ ৰঙা মদাৰ আৰু প্ৰেম পাহাৰে-ভৈয়ামে ছবি দুখন নিৰ্মাণ কৰে৷ দুয়োখন ছবিয়ে সফল হিচাপে পৰিগণিত হয়৷ প্ৰেম পাহাৰে-ভৈয়ামে ছবিখনে চিত্ৰলেখা বঁটা আৰু মুনলাইট বঁটা লাভ কৰে৷ ১৯৯৫ চনত কাৰ্বি জনজাতিৰ উৎসৱ তথ্যচিত্ৰখনে কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় ভিডিঅ' ফিল্ম ফেষ্টিভেলৰ পৰা চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে৷


হান্সে প্ৰচাৰ ভাৰতী ব্ৰডকাষ্টিং কৰ্পোৰেশ্যনৰ এজন স্বীকৃতিপ্ৰাপ্ত পৰিচালক-প্ৰযোজক আছিল৷

কৰ্মৰাজি

[সম্পাদনা কৰক]
ক্ৰম বৰ্ষ কথাছবি/তথ্যচিত্ৰ ভাষা তথ্য
১৯৯০ পাহাৰী কন্যা অসমীয়া
১৯৯০ শ্বেৰ আলং(তথ্যচিত্ৰ) কাৰ্বি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৰঙা মদাৰ অসমীয়া
১৯৯৫ কাৰ্বি জনজাতিৰ উৎসৱ অসমীয়া চাৰ্টিফিকেট অৱ মেৰিট (১৯৯৫, কেৰালা চলচ্চিত্ৰ মহোৎসৱ)
২০০৯ জীৱন বাটৰ লগৰী অসমীয়া অসম চৰকাৰৰ চলচ্চিত্ৰ বঁটা (২০১০)
২০১১ পলে পলে উৰে মন অসমীয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 দৈনিক অসম. "চলচ্চিত্ৰ পৰিচালক তিমথি দাস হান্সেৰ মৃত্যু". দৈনিক অসম. https://dainikasam.in/epaper/dainik-asam-september-29-2025/। আহৰণ কৰা হৈছে: 2025-10-03. 
  2. Fare, Eastern (1952-10-17). "North-East India | NE Blog: Jahnu Barua - an Assamese film-maker". Neblog.in. Archived from the original on 2013-01-12. https://web.archive.org/web/20130112144133/http://www.neblog.in/2012/12/jahnu-barua-assamese-film-maker.html। আহৰণ কৰা হৈছে: 2013-03-10. 
  3. "Timothy Das Hanche". IMDB. https://www.imdb.com/name/nm9745047/। আহৰণ কৰা হৈছে: 3 October 2025. 
  4. Ojha,Manoj Kumar (September 29, 2025 6: 30 pm). "Filmmaker Timothy Das Hanse passes away". North East Now. https://www.nenow.in/north-east-news/assam/assam-filmmaker-timothy-das-hanse-passes-away.html। আহৰণ কৰা হৈছে: 3 October 2025. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]