তিমুৰ ৰুবি

তিমুৰ ৰুবি (ইংৰাজী: Timur Ruby; যাক 'খিৰাজ-ই-আলম' বা "বিশ্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি" বুলিও কোৱা হয়) হ’ল এডাল ডিঙিৰ হাৰত খটোৱা ৩৫২.৫৪ কেৰাট (৭০.৫ গ্ৰাম) ওজনৰ এটা পালিশ কৰা ৰঙা স্পিনেল (spinel)।[1] ইয়াৰ নাম তিমুৰিড সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শাসক তিমূৰৰ নামেৰে ৰখা হৈছে, যি ইয়াৰ অন্যতম পূৰ্বৰ গৰাকী আছিল বুলি ধৰা হয়। ১৮৫১ চনলৈকে ইয়াক প্ৰকৃত 'চুনি' (Ruby) বুলি বিশ্বাস কৰা হৈছিল।
ইয়াৰ গাত ইয়াৰ পাঁচগৰাকী পূৰ্বৰ গৰাকীৰ নাম আৰু উপাধি খোদিত কৰা আছে: জাহাংগীৰ (যিয়ে তেওঁৰ পিতৃ আকবৰৰ নামো খোদিত কৰিছিল), ছাহজাহান, ফাৰুখচিয়াৰ, নাদিৰ শ্বাহ আৰু আহমদ শ্বাহ দুৰানী।[2][3]
১৬১২ চনৰপৰা তিমুৰ ৰুবিৰ গৰাকীসকলে কোহিনুৰ হীৰাৰো গৰাকী হৈ আহিছে। ই ক্ৰমান্বয়ে চাফাভিদ, মোগল, শিখ আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত আছিল আৰু বৰ্তমান ই ব্ৰিটিছ ৰাজকীয় সংগ্ৰহৰ (Royal Collection) অংশ।
ইতিহাস
[সম্পাদনা কৰক]উৎপত্তি
[সম্পাদনা কৰক]স্পিনেলসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা যায়, য'ত মোগলসকলৰ পূৰ্বপুৰুষৰ বাসস্থান ট্ৰান্সোক্সিয়ানা অঞ্চলো অন্তৰ্ভুক্ত। ইতিহাস অনুসৰি তিমুৰ ৰুবি তিমূৰৰ সৈতে জড়িত আছিল, যিয়ে ১৩৯৮ চনত দিল্লী আক্ৰমণৰ সময়ত এই ৰত্নটো লাভ কৰিছিল বুলি বিশ্বাস কৰা হৈছিল।[4] অৱশ্যে ১৯৯৬ চনৰ গৱেষণা অনুসৰি তিমুৰ কেতিয়াও ইয়াৰ গৰাকী নাছিল।
মোগল সম্ৰাটসকলৰ হাতত
[সম্পাদনা কৰক]১৭শ শতিকাত এই ৰত্নটো পাৰস্যৰ চাফাভিদ সম্ৰাট শ্বাহ আব্বাছ প্ৰথমৰ হাতত আছিল। ১৬১২ চনত তেওঁ ইয়াক মোগল সম্ৰাট জাহাংগীৰক উপহাৰ দিছিল। জাহাংগীৰে ইয়াত তেওঁৰ নিজৰ নাম আৰু পিতৃ আকবৰৰ নাম খোদিত কৰিছিল। পৰৱৰ্তী সময়ত ই শাহজাহান (যিয়ে ইয়াক ময়ূৰ সিংহাসনত লগাইছিল) আৰু ঔৰংজেৱৰ হাতলৈ যায়। শাহজাহান আৰু ফাৰুখচিয়াৰেও ইয়াত নিজৰ নাম খোদিত কৰিছিল।
ভাৰতৰপৰা স্থানান্তৰ
[সম্পাদনা কৰক]১৭৩৯ চনত নাদিৰ শ্বাহে দিল্লী দখল কৰি এই ৰত্নটো লৈ যায়। তেওঁ কোহিনুৰ আৰু তিমুৰ ৰুবিক নিজৰ বাহুবন্ধনীত পিন্ধিবলৈ ময়ূৰ সিংহাসনৰপৰা পৃথক কৰিছিল। তেওঁ তিমুৰ ৰুবিক "আয়ন আল-হুৰ" (Eye of the Houri) বুলি অভিহিত কৰিছিল। ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত তেওঁৰ সেনাপতি আহমদ শ্বাহ দুৰানীয়ে এই ৰত্নটো লাভ কৰে।
পঞ্জাবলৈ প্ৰত্যাৱৰ্তন
[সম্পাদনা কৰক]১৮১০ চনত আহমদ শ্বাহৰ নাতি শ্বাহ চুজা দুৰানীয়ে পঞ্জাবলৈ নিৰ্বাসিত হোৱাৰ সময়ত এই ৰত্নটো পুনৰ ভাৰতলৈ লৈ আহে। ১৮১৩ চনত মহাৰাজ ৰঞ্জিত সিঙে ইয়াৰ অধিকাৰ লাভ কৰে। পিছলৈ মহাৰাজ শ্বেৰ সিং আৰু মহাৰাজ দলীপ সিঙৰ হাতলৈ ই হস্তান্তৰ হয়।
লণ্ডনলৈ যাত্ৰা
[সম্পাদনা কৰক]১৮৪৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পঞ্জাব আক্ৰমণ কৰাৰ সময়ত দলীপ সিঙৰপৰা তিমুৰ ৰুবি আৰু কোহিনুৰ হীৰা দখল কৰি লয়। ১৮৫১ চনত লণ্ডনৰ গ্ৰেট এক্সিবিচনত ইয়াক প্ৰদৰ্শন কৰা হয়। সেই বছৰতে ইয়াক চুনিৰ পৰিৱৰ্তে স্পিনেল হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰা হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী ভিক্টোৰিয়াক উপহাৰ হিচাপে ইয়াক প্ৰদান কৰে। ১৮৫৩ চনত ইয়াৰদ্বাৰা এডাল হাৰ তৈয়াৰ কৰা হয় য'ত মাজে মাজে কোহিনুৰো খটাব পৰা গৈছিল।
বৰ্তমান এই ৰত্নটো ৰাজকীয় সংগ্ৰহৰ অংশ হিচাপে আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ O’Donoghue, Michael (2006). Gems: Their sources, descriptions and identification (6 সম্পাদনা). Butterworth-Heinemann. পৃষ্ঠা. 173. ISBN 9780750658560. OCLC 62088437. http://worldcat.org/title/62088437.
- ↑ Ball V. (1894). A Description of Two Large Spinel Rubies, with Persian Characters Engraved upon Them. Proceedings of the Royal Irish Academy Vol. 3, (1893–1896), pp. 380–400
- ↑ Nahar Singh, Kirapāla Siṅgha (1985). History of Koh-i-Noor, Darya-i-Noor, and Taimur's ruby. Atlantic Publishers & Distributors. পৃষ্ঠা. 119. OCLC 581527382. http://worldcat.org/oclc/581527382.
- ↑ Miller, Judith (2016). Jewel : a celebration of Earth's treasures. Dorling Kindersley Ltd. পৃষ্ঠা. 79. ISBN 978-0-241-22603-2. OCLC 961802088. http://worldcat.org/oclc/961802088.