সমললৈ যাওক

তিলোত্তমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিলোত্তমা
তিলোত্তমা
ৰাজা ৰবি বৰ্মাৰ তুলিকাত তিলোত্তমা
দেৱনাগৰী तिलोत्तमा
সম্পৰ্ক অপ্সৰা
নিবাস স্বৰ্গ

তিলোত্তমা (সংস্কৃত: तिलोत्तमा), হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাৰী অপ্সৰা বা অপেশ্বৰী।

সংস্কৃত শব্দ "তিল" মানে ক্ষুদ্ৰ কণা আৰু "উত্তম" মানে চূড়ান্ত। সেয়েহে তিলোত্তমাৰ অৰ্থ হ'ল সেই সত্তা যাৰ আটাইতকৈ সৰু কণাটো আটাইতকৈ উত্তম বা যিজন উত্তম আৰু উচ্চতম গুণ সম্পন্ন।[1]

হিন্দু মহাকাব্য মহাভাৰতত তিলোত্তমাক ব্ৰহ্মাৰ অনুৰোধত দেৱতাৰ খনিকৰ বিশ্বকৰ্মাই সকলো বস্তুৰ উত্তম গুণক উপাদান হিচাপে লৈ সৃষ্টি কৰা বুলি বৰ্ণনা কৰা হৈছে। অসুৰ সুন্দ আৰু উপসুন্দৰ পাৰস্পৰিক ধ্বংসৰ দায়িত্ব তিলোত্তমাক অৰ্পন কৰা হৈছিল। আনকি ইন্দ্ৰৰ দৰে দেৱতাও তিলোত্তমাৰ প্ৰতি আকৰ্ষিত হোৱা বুলি বৰ্ণনা কৰা হৈছে।

এটা কিংবদন্তি মতে জন্মৰ পূৰ্বে তিলোত্তমা এগৰাকী কুৎসিত বিধৱা আছিল বুলি কোৱাৰ বিপৰীতে আন এটা কিংবদন্তিত বৰ্ণনা কৰা হৈছে যে দুৰ্বাসা ঋষিৰ দ্বাৰা অভিশপ্ত হৈ তেওঁ দৈত্য ৰাজকুমাৰী উষা হিচাপে জন্ম লৈছিল।

কিংবদন্তী

[সম্পাদনা কৰক]

সুন্দ আৰু উপসুন্দৰ মৃত্যু

[সম্পাদনা কৰক]

মহাকাব্য মহাভাৰতৰ আদি পৰ্বত দেৱৰ্ষি নাৰদে পাণ্ডৱ ভাতৃগণৰ আগত অপ্সৰা তিলোত্তমাৰ বাবে অসুৰ ভাতৃ সুন্দ আৰু উপসুন্দৰ ধ্বংসৰ কাহিনী বৰ্ণনা কৰিছে আৰু পাণ্ডৱসকলক সকীয়াই দিছে যে তেওঁলোকৰ পত্নী দ্ৰৌপদীও তেওঁলোকৰ মাজত কাজিয়াৰ কাৰণ হ’ব পাৰে। কাহিনীটোত কোৱা হৈছে যে সুন্দ আৰু উপসুন্দ অসুৰ নিকুম্ভৰ পুত্ৰ আছিল। ৰাজ্য, বিচনা, খাদ্য, ঘৰ, আসন আদি সকলো তেওঁলোকে সহভাগ কৰি ব্যৱহাৰ কৰিছিল। এবাৰ ভাতৃদ্বয়ে বিন্ধ্য পৰ্বতত কঠোৰ তপস্যা কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰি বৰদান লাভ কৰিছিল। ব্ৰহ্মাৰ পৰা তেওঁলোকে মহাশক্তি আৰু অমৰত্ব বিচাৰিছিল, কিন্তু ব্ৰহ্মাই অমৰত্ব দিবলৈ অস্বীকাৰ কৰিছিল আৰু তাৰ পৰিৱৰ্তে ব্ৰহ্মাই তেওঁলোকক এই বৰ দিলে যে তেওঁলোকক পৰস্পৰৰ বাহিৰে আন কোনোৱেই আঘাত কৰিব নোৱাৰে। অলপ পিছতে অসুৰসকলে স্বৰ্গ আক্ৰমণ কৰি দেৱসকলক খেদি পঠিয়ালে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড জয় কৰি অসুৰসকলে ঋষিসকলক হাৰাশাস্তি কৰি বিশ্বব্ৰহ্মাণ্ডত বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ ধৰিলে।[2]

দেৱতাসকলে ভয়তে গৈ ব্ৰহ্মাৰ ওচৰত আশ্ৰয় ল’লে। তাৰ পিছত ব্ৰহ্মাই দেৱ খনিকৰ বিশ্বকৰ্মাক এগৰাকী সুন্দৰী নাৰী সৃষ্টি কৰিবলৈ নিৰ্দেশ দিলে। বিশ্বকৰ্মাই ত্ৰিলোকৰ (স্বৰ্গ, পৃথিৱী, পাতাল) আৰু জগতৰ সকলো ৰত্নৰ পৰা সকলো সুন্দৰ বস্তু সংগ্ৰহ কৰি অতুলনীয় সৌন্দৰ্য্যৰে এগৰাকী মোহনীয় নাৰী সৃষ্টি কৰিছিল। ৰত্নবোৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উত্তম অংশৰ পৰা সৃষ্টি হোৱা বাবে ব্ৰহ্মাই তাইৰ নাম তিলোত্তমা ৰাখিছিল৷ ইন্দ্ৰই তিলোত্তমাক অসুৰ ভাতৃদ্বয়ক প্ৰলোভিত কৰি তেওঁলোকৰ মাজত বিবাদৰ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে।[2]

সুন্দ আৰু উপসুন্দই বিন্ধ্যা পৰ্বতৰ নদীৰ পাৰত মহিলাৰ সৈতে সংগীত উপভোগ কৰি মদিৰা পান কৰি থকাৰ সময়তে তিলোত্তমা আবিৰ্ভাৱ হয়। তাইৰ কামুক ৰূপত মোহিত হৈ সুন্দ আৰু উপসুন্দই তিলোত্তমাক নিজৰ পত্নী ৰূপে পাবলৈ ইজনে সিজনক আক্ৰমণ কৰে আৰু অবশেষত ইজনে সিজনক হত্যা কৰে। এই সফলতাৰ বাবে দেৱতাসকলে তিলোত্তমাক অভিনন্দন জনাই আৰু ব্ৰহ্মাই পুৰস্কাৰ হিচাপে বিশ্বব্ৰহ্মাণ্ডত মুক্তভাৱে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰে। তাইৰ ৰূপৰ জিলিকনিৰ বাবে কোনেও তাইৰ ফালে বেছি সময় চাই থাকিব ​​নোৱাৰিব বুলিও ব্ৰহ্মাই বৰ দিয়ে৷[2]

পূৰ্ব জন্ম আৰু পুনৰ জনম

[সম্পাদনা কৰক]

পদ্ম পুৰাণত বৰ্ণনা কৰা হৈছে যে তিলোত্তম পূৰ্ব জন্মত কুব্জা নামৰ এগৰাকী কুৎসিত বিধৱা আছিল। কুব্জাই আঠ বছৰ ধৰি শুভ অনুষ্ঠান সম্পন্ন কৰি শেষত মাঘ পূজা সম্পন্ন কৰে। ইয়াৰ ফলত তেওঁ তিলোত্তমা নামেৰে স্বৰ্গত অপ্সৰা হিচাপে জন্ম লাভ কৰে।[3]

ব্ৰহ্ম বৈৱৰ্ত পুৰাণত বৰ্ণনা কৰা হৈছে যে বালিৰ নাতি সহশিকা আৰু তিলোত্তমাৰ প্ৰেমে দুৰ্বাসা ঋষিৰ তপস্যাত ব্যাঘাত জন্মাইছিল। ফলত ঋষিয়ে তেওঁক গাধলৈ ৰূপান্তৰিত কৰি তিলোত্তমাক বানাসুৰৰ কন্যা উষা হিচাপে জন্ম ল’বলৈ অভিশাপ দিয়ে। পিছলৈ উষা কৃষ্ণৰ নাতি অনিৰুদ্ধৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2019-01-28). "Story of Tilottamā" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242006.html। আহৰণ কৰা হৈছে: 2022-09-09. 
  2. 2.0 2.1 2.2 Buitenen, Johannes Adrianus Bernardus (1978). The Mahābhārata. vol 1 University of Chicago Press Adi Parva (Book of Beginnings) Cantos 201-204. pp. 392-8
  3. Williams, George Mason (2003). Handbook of Hindu mythology. ABC-CLIO. পৃষ্ঠা. 282. 
  4. Wilson, H H (September–December 1833). "Analysis of the Puranas: Brahma Vaiverita". The Asiatic Journal and Monthly Register for British and Foreign India, China, and Australia খণ্ড XII: 232.