তিলোত্তমা সোম
| তিলোত্তমা সোম | |
|---|---|
২০২৫ চনত তিলোত্তমা সোম | |
| জন্ম | ২৫ জুন, ১৯৭৯ (৪৭ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| দাম্পত্যসঙ্গী | কুনাল ৰছ (বি. ২০১৫) |
তিলোত্তমা সোম (জন্ম ২৫ জুন ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ স্বতন্ত্ৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।[1] তেওঁ ২০০১ চনত মীৰা নায়াৰৰ চলচ্চিত্ৰ মনচুন ৱেডিংত সহায়ক চৰিত্ৰত অভিনয়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁ ২০১৮ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ ছাৰত এগৰাকী গৃহকৰ্মীৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। তেওঁ এ ডেথ ইন দ্য গঞ্জ, লাষ্ট ষ্টোৰিজ ২ চলচ্চিত্ৰসমূহত অভিনয় কৰাৰ লগতে দিল্লী ক্ৰাইম, দ্য নাইট মেনেজাৰ আৰু পাতাল লোক ধাৰাবাহিকতো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]তিলোত্তমা সোম কলকাতাৰ এটা বাঙালী পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ অনুপম সোম আৰু বৈশাখী সোমৰ কন্যা।[2] পিতৃ ভাৰতীয় বায়ুসেনাৰ সৈতে সংযুক্ত থকাৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন স্থানত ডাঙৰ-দীঘল হয়।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]তিলোত্তমা সোমে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজত অধ্যয়ন কৰে আৰু অৰবিন্দ গৌৰৰ অসমিতা থিয়েটাৰ গোটত যোগদান কৰে।[4] ২০০৪ চনৰ শৰৎকালত তেওঁ শিক্ষামূলক থিয়েটাৰত স্নাতকোত্তৰ অধ্যয়নৰ বাবে নিউয়ৰ্কলৈ যায় আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত ছুটীৰ সময়ত মুম্বাই ভ্ৰমণ কৰাৰ পাছত তেওঁ তাতেই স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু নিউয়ৰ্কত আৰম্ভ কৰা কেইটামান প্ৰকল্প সম্পূৰ্ণ কৰি ২০০৮ চনৰ মে’ মাহত ভাৰতলৈ উভতি আহে।[5] নিউয়ৰ্কত থকাৰ সময়ছোৱাত তেওঁ আমেৰিকাৰ এখন উচ্চ সুৰক্ষা সম্পন্ন কাৰাগাৰত হত্যাৰ দোষত দণ্ডিত বন্দীসকলক থিয়েটাৰ শিক্ষাও দিছিল।[6][7]
তেওঁ মীৰা নায়াৰৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ মনচুন ৱেডিংত এলিছ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[8] ইয়াৰ পাছত তেওঁ ফ্লোৰিয়ান গেলেনবাৰ্গাৰ পৰিচালিত শ্যাডোজ অৱ টাইম (জাৰ্মান নাম: শ্যাটেন ডেৰ চাইট) চলচ্চিত্ৰত দীপা চৰিত্ৰত অভিনয় কৰে। তেওঁ ক্লেয়াৰ মেককাৰ্থীৰ পৰিচালিত অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ দ্য ৱেইটিং চিটিত এগৰাকী সন্ন্যাসিনী চৰিত্ৰত অভিনয় কৰে।[6] ইতালো স্পিনেলীৰ গেংগৰ চলচ্চিত্ৰত তেওঁ সমাজকৰ্মীৰ চৰিত্ৰ ৰূপায়ণ কৰে, যিখন মহাশ্বেতা দেবীৰ উপন্যাসৰ আধাৰত নিৰ্মিত।[9] ইয়াৰ উপৰিও তেওঁ কৌশিক মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত তাশেৰ দেশ চলচ্চিত্ৰত অভিনয় কৰে।[10] তেওঁ দিৱাকৰ বেনাৰ্জীৰ পৰিচালিত হিন্দী ৰাজনৈতিক থ্ৰিলাৰ চলচ্চিত্ৰ শাংহাইত মিছেছ আহমাদী চৰিত্ৰত অভিনয় কৰে। এই চলচ্চিত্ৰত কৰা তেওঁৰ অভিনয়ক লৈ ৰেডিফে বছৰৰ অন্যতম হৃদয়বিদাৰক অভিনয় বুলি মন্তব্য কৰে।[11]
তেওঁৰ অন্যান্য উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছে মেনেকা দাসৰ পৰিচালনাত নিৰ্মিত লিটল বক্স অৱ সুইট্ছত লাৰা, আফিয়া নাথানিয়েলৰ স্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ লং আফ্টাৰত জয়া আৰু তনুজ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত বাটাৰফ্লাইত মিৰাল।
কিছ্ছা চলচ্চিত্ৰত ল’ৰা হিচাপে ডাঙৰ-দীঘল কৰা এগৰাকী কন্যাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সপ্তম আবু ধাবি চলচ্চিত্ৰ মহোৎসৱৰ নিউ হৰাইজনছ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। এই সন্মান তেওঁ নৰৱেজিয়ান অভিনেত্ৰী জুলিয়া ৱাইল্ডশুটৰ সৈতে যৌথভাৱে লাভ কৰে।[12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তিলোত্তমা সোমে কুনাল ৰছক বিবাহ কৰে, যি জয়া বচ্চনৰ ভতিজা। সেই হিচাপে তেওঁ জয়া বচ্চন আৰু অমিতাভ বচ্চনৰ আত্মীয়।[13][14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Tillotama Shome says she faced many moments of 'deep despair' in career". The Indian Express. 29 June 2023. https://indianexpress.com/article/entertainment/web-series/tillotama-shome-faced-many-moments-of-deep-despair-in-career-became-bitter-angry-cynical-8689342/। আহৰণ কৰা হৈছে: 6 July 2023.
- ↑ Ghosh, Ananya (30 November 2022). "The Accidental Actor: Tillotama Shome". Man's World. https://www.mansworldindia.com/entertainment/cinema/the-accidental-actor-tillotama-shome/। আহৰণ কৰা হৈছে: 5 July 2023.
- ↑ "Social Media Star of The Week: Tillotama Shome". Hindustan Times. 13 January 2023. https://www.hindustantimes.com/lifestyle/brunch/social-media-star-of-the-week-tillotamashome-101673624542220.html। আহৰণ কৰা হৈছে: 8 July 2023.
- ↑ "Alice in thunderland; Culture". Times Crest. 9 June 2012. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304070404/http://www.timescrest.com/culture/alice-in-thunderland-8107। আহৰণ কৰা হৈছে: 26 June 2013.
- ↑ Masala is in Mumbai Archived 26 July 2012 at the Wayback Machine, Mumbai Mirror, 18 May 2008
- 1 2 "I just want to act: Tillotama Shome – Entertainment – DNA". Daily News and Analysis. http://www.dnaindia.com/entertainment/1488005/report-i-just-want-to-act-tillotama-shome। আহৰণ কৰা হৈছে: 26 June 2013.
- ↑ "Not Just the 'Monsoon Wedding' Girl – Grazia India". Grazia.co.in. 1 January 1970. Archived from the original on 23 May 2016. https://web.archive.org/web/20160523104032/http://grazia.co.in/people2/not-just-the-%27monsoon-wedding%27-girl। আহৰণ কৰা হৈছে: 26 June 2013.
- ↑ Das, Garima (27 June 2023). "Tillotama Shome: In My Career Of 20 Years I Got Very Little Work But Didn't Give Up". Outlook. https://www.outlookindia.com/art-entertainment/tillotama-shome-in-my-career-of-20-years-i-got-very-little-work-but-didn-t-give-up-news-298446.
- ↑ "Alice of Monsoon Wedding is back". The Indian Express. 2 December 2010. http://www.indianexpress.com/news/alice-of-monsoon-wedding-is-back/718765/0। আহৰণ কৰা হৈছে: 26 June 2013.
- ↑ Priyanka Dasgupta (25 November 2011). "I did sword fighting in Tasher Desh: Tillotama Shome". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/I-did-sword-fighting-in-Tasher-Desh-Tillotama-Shome/articleshow/10866691.cms। আহৰণ কৰা হৈছে: 26 June 2013.
- ↑ "Ten Most Memorable Movie Moments of 2012". Rediff.com. 2 January 2013. http://www.rediff.com/movies/slide-show/slide-show-1-yearend-special-the-most-memorable-movie-moments/20130102.htm#9। আহৰণ কৰা হৈছে: 26 June 2013.
- ↑ Archived 2 November 2013 at the Wayback Machine
- ↑ "Tillotama Shome is related to Amitabh Bachchan". 5 July 2023. https://www.gqindia.com/content/tillotama-shome-is-related-to-amitabh-bachchan.[সংযোগবিহীন উৎস]
- ↑ "Bachchan family attends Tillotama Shome's wedding ceremony". 4 April 2015. https://www.mid-day.com/entertainment/bollywood-news/article/bachchan-family-attends-tillotama-shome-s-wedding-ceremony-16114158.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- তিলোত্তমা সোম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।