তুম্হাৰী ছুলু
তুমহাৰী ছুলু | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | সুৰেশ ত্ৰিবেণী |
অভিনয়ত | বিদ্যা বালন নেহা ধুপীয়া মানৱ কৌল অভিষেক শৰ্মা |
পৰিবেশক | এ এ ফিল্মছ[1] |
মুক্তি |
১৭ নৱেম্বৰ ২০১৭ |
দৈৰ্ঘ্য |
১৪০ মিনিট |
দেশ | ইণ্ডিয়া |
ভাষা | হিন্দী |
বাজেট | ₹20 crore[2] |
সৰ্বমুঠ আয় | ₹51.39 crore  |
তুম্হাৰী ছুলু (ইংৰাজী: Tumhari Sulu) ২০১৭ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা সুৰেশ ত্ৰিবেণীৰ। ছবিখন টি-ছিৰিজ আৰু এলিপছিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ভূষণ কুমাৰ, তনুজ গাৰ্গ, কৃষণ কুমাৰ, অতুল কছবেকৰ আৰু শান্তি শিৱৰাম মাইনীয়ে প্ৰযোজনা কৰিছে ।[5]
তুমহাৰী ছুলুৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে বিদ্যা বালানে; তেওঁ এগৰাকী অভিলাষী গৃহিণী, যিয়ে গভীৰ নিশাৰ ৰিলেচনশ্বিপ এডভাইচ শ্ব’ৰ বাবে ৰেডিঅ’ জকী হৈ যায়। স্বামী আৰু বচৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে মানৱ কৌল আৰু নেহা ধুপিয়াই। ২০১৭ চনৰ ১৭ নৱেম্বৰত বিশ্বজুৰি মুক্তি পোৱা তুমহাৰী ছুলুয়ে সমালোচনাত্মক আৰু বক্স অফিচত ঠিকঠাক সফলতা লাভ কৰে। ছবিখনে ২০ কোটি টকা বাজেটত ৫১৩.৯ মিলিয়ন টকাতকৈ অধিক উপাৰ্জন কৰে।;[3]
৬৩তম ফিল্মফেয়াৰ বঁটাত তুমহাৰী ছুলুৱে শ্ৰেষ্ঠ সহযোগী অভিনেতাকে (কৌল) ধৰি ৯টা মনোনয়ন লাভ কৰে আৰু এই অনুষ্ঠানত বালানে চতুৰ্থটো শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ইয়াক তামিল ভাষাত কাট্ৰিন মোজি (২০১৮) হিচাপে পুনৰ নিৰ্মাণ কৰা হয় আৰু জ্যোতিকাই বিদ্যাৰ চৰিত্ৰ পুনৰায় অভিনয় কৰে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Naidu, Rajesh; Laghate, Gaurav (21 November 2022). "Meet Anil Thadani, the distributor who backed successful films like 'DDLJ', 'Baahubali' series, 'KGF' franchise, 'Pushpa' and 'Kantara'". https://economictimes.indiatimes.com/magazines/panache/meet-anil-thadani-the-distributor-who-backed-successful-films-like-ddlj-baahubali-series-kgf-franchise-pushpa-and-kantara/articleshow/95651195.cms.
- ↑ "Tumhari Sulu Box Office Collection Day 3: Vidya Balan's film had a "super-strong weekend"". NDTV. 20 November 2017. https://www.ndtv.com/entertainment/tumhari-sulu-box-office-collection-day-3-vidya-balans-film-had-a-super-strong-weekend-1777717.
- ↑ Hungama, Bollywood (18 November 2017). "Box Office: Worldwide collections and day wise break up of Tumhari Sulu – Bollywood Hungama". Bollywood Hungama. https://www.bollywoodhungama.com/news/box-office-special-features/box-office-worldwide-collections-day-wise-break-tumhari-sulu/। আহৰণ কৰা হৈছে: 15 February 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- তুম্হাৰী ছুলু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- তুম্হাৰী ছুলু সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য