সমললৈ যাওক

তুলনাত্মক সাহিত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তুলনাত্মক সাহিত্য হৈছে এটি বিদ্যায়তনিক শৃংখলা (Discipline)।[1]সাহিত্য অধ্যয়ন, বিচাৰ বা সমালোচনাৰ এটা পদ্ধতি।[2] তুলনাত্মক সাহিত্য নিজে কোনো সৃষ্টিশীল সাহিত্য নহয়; অৰ্থাৎ গল্প, কবিতা, উপন্যাস, নাটক আদিৰ দৰে তুলনাত্মক সাহিত্য বুলি কোনো সৃষ্টিশীল বিধা নাই।[3] তুলনাত্মক সাহিত্যক এটা মাল্টিডিচিপ্লেনাৰী অধ্যয়ন ক্ষেত্ৰ বুলি ক’ব পাৰি। তুলনাত্মক সাহিত্যৰ জৰিয়তে বিভিন্ন ভাষা, সংস্কৃতি আৰু বিভিন্ন সময়ত ৰচিত সাহিত্য কৰ্মৰ পাৰস্পৰিক সম্পৰ্কৰ অধ্যয়ন কৰা হয়।[4] তুলনাত্মক সাহিত্যই জাতীয়, আঞ্চলিক বা ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি সাহিত্যৰ বিষয়-বস্তু, ৰূপ, প্ৰভাৱ আৰু গ্ৰহণযোগ্যতাৰ সামগ্ৰিক বিশ্লেষণ কৰে।[5]

তুলনাত্মক সাহিত্যৰ সংজ্ঞা

[সম্পাদনা কৰক]
  • তুলনাত্মক সাহিত্য হৈছে ভিন্ন সংস্কৃতি আৰু ভাষিক পটভূমি দুটা বা ততোধিক জাতীয় গোটৰ সাহিত্যৰ এক অধ্যয়ন, য’ত পাৰস্পৰিক সম্পৰ্ক আৰু প্ৰভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা হয়।
  • Guyardৰ মতে তুলাত্মক সাহিত্য হ’ল সাহিত্যৰ আন্তৰ্জাতিক সম্পৰ্কৰ ইতিহাস।[1]

তুলনাত্মক সাহিত্যৰ বিভিন্ন সংহতি

[সম্পাদনা কৰক]
  • ফ্ৰান্স ধাৰা (সাহিত্যৰ মাজৰ প্ৰভাৱ আৰু উৎস অনুসন্ধানত গুৰুত্ব দিয়ে)
  • আমেৰিকান স্কুল (থীম, মিথ, ধাৰণা আৰু সাহিত্য তত্ত্বৰ তুলনাত গুৰুত্ব দিয়ে। ইয়াত আন্তঃবিষয়ক দৃষ্টিভংগী (Interdisciplinary approach) প্ৰধান। )
  • ৰাছিয়ান ধাৰা (সাহিত্যিক গাঁথনি, ৰূপ আৰু ভাষাৰ বৈশিষ্ট্যৰ তুলনামূলক বিশ্লেষণত গুৰুত্ব আৰোপ কৰা হয়। )
  • জাৰ্মান ধাৰা (বিশ্বসাহিত্য ধাৰণাত গুৰুত্ব দিয়ে। সাহিত্যক ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা মানৱীয় সৃষ্টিৰূপে বুজা হয়। )
  • ভাৰতীয় ধাৰা (ভাৰতীয় সংহতিত ৰস তত্ত্ব, ধ্বনি, অলংকাৰ, বক্ৰোক্তি আদি পৰম্পৰাগত কাব্যতত্ত্বৰ আধাৰত সাহিত্যৰ তুলনা কৰা হয়। সংস্কৃত কাব্যশাস্ত্ৰ আৰু বহুভাষিক ভাৰতীয় সাহিত্য পৰম্পৰাৰ আধাৰত এই সংহতি গঢ় লৈ উঠিছে। )[2]

তুলনাত্মক সাহিত্য অধ্যয়নৰ পদ্ধতি

[সম্পাদনা কৰক]
  • প্ৰসংগতত্ত্ব (Thematology)
  • বৰ্গ অধ্যয়ন (Genre Study)
  • ইতিহাসবিদ্যা (Historiography)
  • প্ৰভাৱ (Influence)
  • প্ৰতিগ্ৰহণ (Reception)
  • সাহিত্যিক ইতিহাস (Literary History)
  • অনুবাদ তত্ত্ব (Translation Theory)
  • শৈলীবিজ্ঞান (Stylistics)[1]

তুলনাত্মক সাহিত্য সম্পৰ্কীয় আৱশ্যকীয় তথ্য

[সম্পাদনা কৰক]
  • ১৫৯৮ চনত ফ্ৰান্সিঁচ মেয়ৰ্ছে ‘ A Comparative Discourse of our Poets with the Greek, Latin and Italian Poets' শীৰ্ষক এখন গ্ৰন্থত তুলনামূলক সাহিত্যৰ ধাৰণাটোৰ ব্যৱহাৰ কৰে।[2]
  • ১৮৪৮ চনত মেথিও আৰ্নল্ডে Comparative Literature শব্দটো ব্যৱহাৰ কৰিছিল।[4]
  • ১৮৬১ চনত ফ্ৰান্সত ‘লিটাৰেটোৰ কঁপাৰে’ নামৰ এখন সংকলন প্ৰকাশ পায়।
  • ১৮৭১ চনত আমেৰিকাৰ কৰ্ণেল বিশ্ববিদ্যালয়ত তুলামূলক সাহিত্যৰ এটা বিভাগ প্ৰতিষ্ঠা কৰা হয়।[2]
  • ১৮৮৭ চনত মিছিগান বিশ্ববিদ্যালয়ত তুলামূলক সাহিত্যৰ এটা বিভাগ প্ৰতিষ্ঠা কৰা হয়।[2]
  • ১৮৮৬ চনত এইচ. এম. পছনেটে Comparative Literature নামৰ পূৰ্ণাংগ গ্ৰন্থ এখন প্ৰণয়ন কৰে।
  • ১৮৯০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য সম্পৰ্কীয় প্ৰথমটো অধ্যাপকৰ পদ সৃষ্টি কৰা হয়।

ভাৰতবৰ্ষত তুলনামূলক সাহিত্যৰ বিকাশ

[সম্পাদনা কৰক]
  • ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীয়ে Modern Indian Language বিভাগ প্ৰতিষ্ঠা কৰে। এই বিভাগেই ভাৰতীয় সাহিত্যসমূহক সামগ্ৰিকভাৱে চোৱাৰ আগ্ৰহ জন্মায়।[4]
  • ১৯৫১ চনত কলিকতা বিশ্ববিদ্যালয়ে তুলনামূলক সাহিত্য সম্পৰ্কে The study of Comparative Literature নামৰ এখন পুস্তিকা প্ৰকাশ কৰে।[2]
  • ১৯৫৬ চনত কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ প্ৰথম স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আৰম্ভ হয়।
  • ১৯৬১ চনত এই বিশ্ববিদ্যালয়ৰপৰাই অধ্যাপক বুদ্ধদেৱ বসুৰ সম্পাদনাত প্ৰথম তুলনামূলক সাহিত্যৰ পত্ৰিকা প্ৰকাশিত হয়।[1]

অসমত তুলনাত্মক সাহিত্যৰ গতি-প্ৰকৃতি

[সম্পাদনা কৰক]
  • ১৯৮১ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সত্যেন্দ্ৰনাথ শৰ্মাদেৱে এলানি বক্তৃতা প্ৰদান কৰে।
  • ১৯৮৯ঃ তুলনামূলক সাহিত্য সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ ক্ষেত্ৰত ড° প্ৰফুল্ল কটকীৰ ১৯৮৯ চনত প্ৰকাশিত ‘তুলনামূলক সাহিত্য’ নামৰ ৭১ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰথম।[4]
  • ১৯৯২ চনৰ ডিচেম্বৰ মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড° নগেন শইকীয়াৰ উদ্যোগত তুলনামূলক সাহিত্য সম্পৰ্কীয় এখনি (যত দূৰ মনত পৰে দুদিনীয়া) কৰ্মশালাৰ আয়োজন কৰি তদানীন্তন ভাৰতৰ আগশাৰীৰ প্ৰায় আটাইকেইজন তুলনাবিশাৰদ (ইন্দ্ৰনাথ চৌধুৰী, শিশিৰ কুমাৰ দাস, অমিয় দেব, স্বপন মজুমদাৰ, কে. আয়াপ্পা পাণিকৰ, চন্দ্ৰ মোহন)ৰ দিগদৰ্শনত মুঠ ৮খন প্ৰশ্নপত্ৰ থকা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ভিতৰত অন্তিম বৰ্ষৰ তিনিখন প্ৰশ্নপত্ৰৰ বাবে তুলনামূলক ভাৰতীয় সাহিত্যৰ পাঠ্যক্ৰমৰ খচৰা নিৰ্মাণ কৰা হৈছিল। ১৯৯৩ চনৰপৰা ইয়াৰ পাঠদান আৰম্ভ হৈছিল।
  • ১৯৯৩ঃ অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ পৰ্য্যায়ত তুলনামূলক ভাৰতীয় সাহিত্যৰ সৰ্বপ্ৰথম অন্তৰ্ভুক্তি ঘটিছিল। এই বিষয়ত ড° নগেন শইকীয়াৰ ভূমিকা অনন্য আৰু প্ৰায় একক বুলিব পাৰি।
  • ১৯৯৪ঃ ড° কটকীৰ ‘তুলনামূলক সাহিত্য’ গ্ৰন্থৰ পিছত ১৯৯৪ চনৰ মাৰ্চ আৰু নবেম্বৰ মাহত ড° নীৰাজনা মহন্ত বেজবৰাৰ ক্ৰমে ‘তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা’ তথা ‘তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্ৰয়োগ’ নামেৰে দুখন পুথি প্ৰকাশ পায়।
  • ১৯৯৯ঃ নীৰাজনা মহন্ত বেজবৰাৰ ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামৰ অন্য এখন পুথি প্ৰকাশ হয়। এই পুথিখন অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা-চৰ্চাৰ চতুৰ্থখন পুথি।
  • ২০০২ঃ অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পৰ্কীয় পঞ্চমখন গ্ৰন্থ হ’ল ‘পটভূমিকাত তুলনামূলক সাহিত্য’শীৰ্ষক গ্ৰন্থখন। এইখন গ্ৰন্থত ড° নীৰাজনা মহন্ত বেজবৰাই বিষয়টো সম্পৰ্কত পূৰ্বতকৈ বিশ্লেষণধৰ্মী তথা কাৰ্য্যকৰী চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হয়।
  • ২০০৩ চনত ক্ৰমে এপ্ৰিল আৰু নৱেম্বৰ মাহত তুলনামূলক সাহিত্য সম্পৰ্কে দুখন গ্ৰন্থ প্ৰকাশ পায়। প্ৰথমখন ড° কৰবী ডেকা হাজৰিকাই আৰু আনখন ড° দিলীপ বৰাই ৰচনা কৰিছে। হাজৰিকাৰ গ্ৰন্থখনৰ নাম হ’ল- ‘তুলনামূলক সাহিত্য আৰু অনুবাদ কলা’ আৰু বৰাৰ গ্ৰন্থখনৰ নাম হ’ল-‘তুলনাত্মক সাহিত্য’
  • ২০০৫ঃ ড° প্ৰফুল্ল কুমাৰ নাথে ‘তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ নামৰ পুথিখন ৰচনা কৰে।
  • ২০০৮ঃ ড° কৰবী ডেকা হাজৰিকা আৰু ড° পল্লৱী ডেকা বুজৰবৰুৱাই ২০০৮ চনত ‘তুলনামূলক সাহিত্য : বিকাশ আৰু বিৱৰ্তন’ নামৰ গ্ৰন্থখন যুটীয়াভাৱে ৰচনা কৰে।
  • ২০১৩ঃ ড° পল্লৱী ডেকা বুজৰবৰুৱাই ৰচনা কৰা ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ এখন গ্ৰন্থ প্ৰকাশ পায়।
  • ২০১৫ ড° প্ৰফুল্ল কুমাৰ নাথে ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্ৰয়োগ’ নামৰ এখন পুথি ২০১৫ চনত ৰচনা কৰে।
  • ২০১৭ চনত ধ্ৰুৱজ্যোতি নাথৰ সম্পাদনাত ‘তুলনামূলক সাহিত্য : পটভূমিকাত অসম’ নামেৰে এখন তুলনামূলক সাহিত্য সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ পায়।
  • ২০১৮ চনত ড° প্ৰাণজিৎ বৰাৰ ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ’ আৰু ড° অনুৰাধা শৰ্মাৰ ‘তুলনাত্মক ভাৰতীয় সাহিত্য : প্ৰকল্প আৰু প্ৰয়োগ’ নামেৰে ক্ৰমে তুলনামূলক সাহিত্যৰ তত্ত্ব সম্পৰ্কীয় তথা তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰায়োগিক অধ্যয়ন সমন্বিত দুখন গ্ৰন্থ প্ৰকাশ পায়।
  • ২০১৯ঃ ড° নীৰাজনা মহন্ত বেজবৰাই ২০১৯ চনত তুলনামূলক ভাৰতীয় সাহিত্যৰ আভিমুখে শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে। এই গ্ৰন্থখন একে আষাৰতে ক’বলৈ গ’লে তুলনামূলক সাহিত্য সম্পৰ্কীয় একে লেখিকাৰ আগতে প্ৰকাশিত চাৰিখন পুথি আৰু অন্য বিদ্বান লেখক-লেখিকাসকলৰদ্বাৰা প্ৰণীত পুথিসমূহত চৰ্চালৈ অনা প্ৰসঙ্গসমূহৰ সৰলীকৰণ তথা স্পষ্টীকৰণৰ প্ৰয়াস।
  • ২০২২ ড° নীৰাজনা মহন্ত বেজবৰা, ২০২২ চনত তুলনামূলক সাহিত্য : কি, কিয়, কেনেকৈ, শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে। চাৰিটা খণ্ডত প্ৰকাশিত এই পুথিখনিৰ প্ৰথম খণ্ডত সন্নিৱিষ্ট তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয় তথা দ্বিতীয় খণ্ডৰ ভাৰতীয় সাহিত্যৰ তুলনামূলক ইতিহাস অংশ দুটি একে লেখিকাৰ ১৯৯৯ চনত প্ৰকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ প্ৰথম তিনিটি অধ্যায়ত থকা কথাখিনিৰ সামান্য পৰিৱৰ্তন আৰু কিঞ্চিৎ নতুন সংযোজন।
  • ২০২৫ চনত ড° ভাস্কৰ ভূঞাৰ দ্বাৰা ‘তুলনাত্মক সাহিত্য সিদ্ধান্ত আৰু প্ৰয়োগ’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ হয়।

তুলনাত্মক সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা

[সম্পাদনা কৰক]

তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে ভাৰতীয় সাহিত্য, ভাষা-সংস্কৃতিত প্ৰতিফলিত ‘ভাৰতীয়ত্ব’ (Indianness) ধাৰণাটোৰ সৈতে পৰিচিত কৰি দিয়াৰ চেষ্টা কৰা হয়। এই সাহিত্যই ভাৰতীয় প্ৰেক্ষাপটত জাতীয় সাহিত্যৰ স্বৰূপ চিনাৰ লগতে জাতীয় সংহতিৰ মনোভাবক শক্তিশালী কৰি তোলাত সহায় কৰে। তদুপৰি ৰাষ্ট্ৰীয় সংহতি, সাংস্কৃতিক ঐক্য গঠনত সহায় কৰে। তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে ভাৰতবৰ্ষৰ বহুভাষিকতা আৰু বহুসাংস্কৃতিকতা সম্পৰ্কে বুজি উঠিব পাৰি। তুলনাত্মক সাহিত্যই সমগ্ৰ মানৱ জাতিৰ পাৰস্পৰিক বুজা-বুজিক সুদৃঢ় আৰু শক্তিশালী কৰিবলৈ লগতে মানৱীয় প্ৰমূল্যসমূহৰ অনুসন্ধান কৰিবলৈ আৰু তাৰ বাবে এক ঐক্য সূত্ৰ বিচাৰি উলিয়াবলৈ সহায় কৰে। এই অধ্যয়নৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে বিভিন্ন আঞ্চলিক ভাষা-সাহিত্য-সংস্কৃতিৰ মাজৰ বৈশিষ্ট্য, স্বকীয়তা আৰু সাদৃশ্য-পাৰ্থক্যৰ তুলনাত্মক বিচাৰ-বিশ্লেষণ কৰিব পাৰি। তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন সংহতি বা স্কুলসমূহৰ বিষয়ে জনাৰ লগতে ভাৰতবৰ্ষৰ নিজা ‘ভাৰতীয় সংহতি’ বিকাশ আৰু তুলনাত্মক সাহিত্য অধ্যয়নে বিভিন্ন জাতি আৰু সংস্কৃতিৰ মাজত পাৰস্পৰিক বুজা-পৰা আৰু সহিষ্ণুতা বৃদ্ধি কৰে। ই এক জাতিকেন্দ্ৰিক বা ভাষাকেন্দ্ৰিক সংকীৰ্ণতা ভাঙি সাহিত্যক বিশ্বজনীন মানসিকতাৰ সৈতে সংযোগ কৰে। বিশ্বজনীন সাহিত্যৰ সৈতে জাতীয় সাহিত্যৰ সম্পৰ্কৰ অধ্যয়ন কৰে। বিশ্বৰ প্ৰেক্ষাপটত ভাৰতীয় সংহতিৰ গুৰুত্ব, মূল্য আৰু প্ৰয়োজনীয়তা বুজিবলৈ তুলনাত্মক সাহিত্যৰ অধ্যয়নৰ প্ৰয়োজন আছে।

তুলনাত্মক সাহিত্যত অনুবাদৰ প্ৰয়োজনীয়তা

[সম্পাদনা কৰক]
  • তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে আমাৰ সাহিত্য অধ্যয়নক যি বিশ্বমুখী মাত্ৰা প্ৰদান কৰিব বিচৰা হৈছে, তাৰ পৃষ্ঠভূমি নিৰ্মাণ কৰি দিছে অনুবাদ কৰ্মই।
  • তুলনাত্মক সাহিত্যৰ মূল লক্ষ্য হৈছে বিভিন্ন ভাষা আৰু সাহিত্যিক পৰম্পৰাৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য অন্বেষণ কৰা। একে সময়তে সকলো ভাষাৰ সাহিত্য মূল ভাষাত পঢ়া সম্ভৱ নহয়; সেয়ে অনুবাদেই বিভিন্ন ভাষাৰ সাহিত্যক একে পাঠপৰিসৰত আনি তুলনামূলক অধ্যয়ন সম্ভৱ কৰি তোলে।[4]
  • তুলনাত্মক সাহিত্যত অনুবাদে ভাষাৰ সীমাবদ্ধতা ভাঙি সাহিত্যক বিশ্বজনীন পৰিসৰ প্ৰদান কৰে। অনুবাদে ভাষাভিত্তিক অধ্যয়নৰ সংকীৰ্ণতা দূৰ কৰি বিভিন্ন ভাষাৰ সাহিত্যৰ মাজৰ আন্তঃসম্পৰ্ক গঢ়ি উঠাত সহায় কৰে।
  • তুলনাত্মক সাহিত্যৰ বাবে অনুবাদ কেৱল একপ্ৰকাৰৰ সহায়ক মাধ্যম নহয়, বৰং অনুবাদ কাৰ্য হৈছে তুলনাত্মক সাহিত্য অধ্যয়নৰ মৌলিক আধাৰ।
  • অনুবাদৰ জৰিয়তে বিভিন্ন সাহিত্যিক তত্ত্ব, সমালোচনামূলক ধাৰা আৰু গৱেষণামূলক পদ্ধতি আদি বিষয়বোৰ এটা ভাষাৰপৰা অন্য এটা ভাষালৈ বিস্তাৰিত হয়। ফলস্বৰূপে তুলনাত্মক সাহিত্য অধ্যয়নত নতুন তত্ত্বগত দৃষ্টিভংগী, পদ্ধতিগত বৈচিত্ৰ্যৰ আগমন ঘটে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 দিলীপ বৰা (২০০৩). দিলীপ বৰাৰ তুলনাত্মক সাহিত্য গ্ৰন্থ. চন্দ্ৰ প্ৰকাশ. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 প্ৰফুল্ল কুমাৰ নাথ (২০১৭). তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয়. ৰেখা প্ৰকাশন. 
  3. "About Us - Comparative Literature". www.brown.edu. https://www.brown.edu/academics/comparative-literature/about। আহৰণ কৰা হৈছে: 18 March 2018. 
  4. 4.0 4.1 4.2 4.3 4.4 অনুৰাধা শৰ্মা (২০১৮). অনুৰাধা শৰ্মাৰ তুলনাত্মক সাহিত্যঃ প্ৰকল্প আৰু প্ৰয়োগ. চন্দ্ৰ প্ৰকাশ. 
  5. "What careers do Comparative Literature majors have? - Comparative Literature". complit.princeton.edu. http://complit.princeton.edu/undergraduate-program/careers-comparative-literature। আহৰণ কৰা হৈছে: 18 March 2018.