তুলসা থাপা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তুলাসা থাপা
জন্ম ১৯৭০
থানকোট, নেপাল
মৃত্যু ১৯৯৫
মৃত্যুৰ কাৰণ যক্ষ্মা
ৰাষ্ট্ৰীয়তা নেপালী
পেচা পতিতা


তুলাসা থাপা (ইংৰাজী: Tulasa Thapa; ১৯৭০-১৯৯৫) এগৰাকী নেপালী মহিলা আছিল। তেওঁক ১৯৮২ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰৰ থানকোট নামৰ গাঁৱৰ পৰা ১৩ বছৰ বয়সত অপহৰণ কৰা হৈছিল।[1] পিছত পাৰ্চা জিলাৰ সীমান্তচহৰ বীৰগঞ্জহৈ মুম্বাইলৈ চোৰাংকৈ অনা হৈছিল আৰু বলপূৰ্বকভাবে পতিতাবৃত্তি জড়িত কৰিবলৈ বিক্ৰী কৰা হৈছিল।[2] তেওঁক প্ৰণালীবদ্ধভাৱে মৰিয়াই বশ্যতা স্বীকাৰ নকৰালৈকে শাৰীৰিক নিৰ্যাতন কৰা হৈছিল। তাৰ পিছত তেওঁক দেহব্যৱসায়ৰ বাবে উপযুক্ত কৰি তুলিবলৈ বাৰে বাৰে ধৰ্ষণ কৰা হৈছিল। তেওঁক ৫০০০ৰ পৰা ৭০০০ টকালৈকে মূল্যত মুম্বাইৰ তিনিটা পৃথক পতিতালয়ত বিক্ৰী কৰা হৈছিল। তেওঁক প্ৰতি নিশা কমেও তিনিজন গ্ৰাহকৰ সৈতে পতিতালয়ত যৌন কাৰ্য কৰিবলৈ বাধ্য কৰা কৰা হৈছিল আৰু এই গ্ৰাহকৰ সংখ্যা গড় আঠজনমান আছিল। তেওঁক ইউৰোপীয় ষ্টাইলৰ কাপোৰ পিন্ধি গ্ৰাহকসকলক প্ৰতি নিশা ১৮০ টকাৰ বাবে মনোৰঞ্জন দিবলৈ বিভিন্ন চহৰৰ হোটেললৈ প্ৰেৰণ কৰা হৈছিল। এবাৰ হোটেলৰ মেনেজাৰে তেওঁক মুম্বাই আৰক্ষীক গতাই গোটেই ঘটনাটো পোহৰলৈ আনে। জনসাধাৰণৰ হুংকাৰৰ পিছত ভাৰত আৰু নেপাল চৰকাৰে ভাৰতত পতিতালয়লৈ সৰবৰাহ কৰা নেপালী ছোৱালীৰ উদ্ধাৰ আৰু প্ৰত্যাৱৰ্তনৰ বিষয়ে ১৯৮৫ চনত এক সহযোগিতা চুক্তি স্বাক্ষৰ কৰে।[3]

উদ্ধাৰ[সম্পাদনা কৰক]

দহ মাহৰ পিছত ১৯৮২ চনৰ নৱেম্বৰত যেতিয়া তেওঁক বোম্বাইৰ জে জে চিকিৎসালয়লৈ অনা হৈছিল, তেওঁ তিনি প্ৰকাৰৰ যৌন সংক্ৰমিত ৰোগ, জননাংগৰ আচিনাই আৰু মস্তিষ্কৰ যক্ষ্মা ৰোগত ভুগি আছিল। ইয়াৰ ফলত তেওঁ স্থায়ীভাৱে স্পাষ্টিক অৱস্থা পাইছিল আৰু অৱশেষত তেওঁৰ মৃত্যু হৈছিল। পিপলছ হেল্থ অৰ্গেনাইজেশ্যনে এক সম্পূৰ্ণ "চেভ তুলাসা" অভিযান আৰম্ভ কৰে আৰু সংবাদ মাধ্যমৰ সমৰ্থনত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিকিৎসালয়ত তুলাসাক পতিতাবৃত্তি উদ্যোগৰ পৰা সম্ভাৱ্য প্ৰতিশোধৰ বিৰুদ্ধে আৰক্ষীৰ সুৰক্ষা দিয়া হৈছিল। ডংৰি ৰিমাণ্ড হোমত থকাৰ পিছত তেওঁ যোৰপতিৰ চেশ্বিয়াৰ হোম ফৰ দ্য ডিচেবলছত বাস কৰিবলৈ নেপাললৈ উভতি আহে। চিকিৎসকসকলে তুলাসাৰ মূল্যাঙ্কন কৰিছিল আৰু তেওঁৰ শাৰীৰিক আৰু মানসিকভাৱে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা দেখিছিল। বহু বছৰ ধৰি তেওঁ কথা কোৱা আৰু কামৰ বিকৃতি ঘটিছিল। তেওঁৰ সম্পূৰ্ণ সময়ৰ বাবে হুইলচেয়াৰ ব্যৱহাৰ কৰিছিল আৰু অভিযোগ কৰিছিল যে তেওঁ সকলো সময়তে পেটত আঘাত পাইছিল। তেওঁ শৌচাগাৰলৈও যাব অক্ষম হৈছিল। তেওঁক তেওঁৰ দেউতাক বীৰধ্বজ থাপাৰ ওচৰলৈ ঘূৰাই দিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু তেওঁক তেওঁৰ দ্বিতীয় পত্নীয়ে প্ৰত্যাখ্যান কৰিছিল। তুলাসাৰ মাক তেওঁৰ অপহৰণৰ কিছুদিন পিছতে মৃত্যুবৰণ কৰিছিল। অৱশেষত তেওঁৰ পৰিয়ালে তেওঁক লগ কৰা বন্ধ কৰি দিছিল। ১৯৯৪ চনত তুলাসাই আত্মহত্যাৰ চেষ্টা কৰাত তেওঁৰ ভৰি ভাঙিছিল।

মৃত্যু আৰু সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

১৯৯৫ চনত তেওঁ আৰোগ্য হোৱা যেন অনুমান কৰি তেওঁক মুকলি কৰি দিয়া হৈছিল। কিন্তু সেই বছৰেই ২৪ বছৰ বয়সত যৌন কৰ্মী হিচাপে দাস পৰিগণিত হোৱাৰ সময়ত তেওঁ আহৰণ কৰা যক্ষ্মা ৰোগত তেওঁ মৃত্যু বৰণ কৰিছিল।

ইয়াৰ পিছত সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে ভাৰত আৰু নেপাল চৰকাৰে ভাৰতীয় পতিতালয়ৰ পৰা নেপালী ছোৱালী উদ্ধাৰ আৰু প্ৰত্যাৱৰ্তনৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। ভাৰতত নাবালক/নাবালিকা সৰবৰাহ কৰাৰ শাস্তি ৭ বছৰৰ পৰা ১৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। শিশু বেশ্যাবৃত্তি প্ৰায় ৪০% হ্ৰাস কৰা হৈছে কিন্তু এক ডাঙৰ সমস্যা হৈ আছে আৰু কোনো সঠিক পৰিসংখ্যা উপলব্ধ নহয়। ১৯৯৮ চনৰ ১৯ জুনত ৰয়টাৰত প্ৰকাশিত মাচাকো আইজিমাৰ প্ৰতিবেদন "দক্ষিণ এছিয়া শিশু পতিতাবৃত্তিৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ আহ্বান জনাইছে" অনুসৰি ১৯৯৬ চনত মুম্বাইৰ পতিতালয়সমূহৰ গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত উদ্ধাৰ হোৱা ৪৮৪ গৰাকী পতিতা ছোৱালীৰ ৪০% নেপালৰ আছিল।

২০০০ চনত তেওঁ অলপ সময়ৰ বাবে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই সময়ত তেওঁৰ অত্যাচাৰকাৰীসকলৰ বিৰুদ্ধে গোচৰটোত ৰায় দিয়া হৈছিল। ১৯৮২ চনৰ ৬ ডিচেম্বৰত লিপিবদ্ধ কৰা প্ৰথম প্ৰতিবেদনত তুলাসাই তেওঁক অপহৰণ কৰি বিভিন্ন পতিতালয়ত বিক্ৰী কৰাৰ বাবে দায়বদ্ধ ৩২জন লোকৰ নাম উল্লেখ কৰিছিল। ইয়াৰ ভিতৰত আছিল টেক্সিমেন, অপহৰণকাৰী আৰু পতিতালয়ৰ মালিকসকল। তেওঁ আন তিনিজন নেপালী লোকৰ নাম কৈছিল। সেই তিনিজন কাঞ্চা চাৰ্খী, লাল বাহাদুৰ কানি আৰু উত্তম কুমাৰ পৰিয়াৰক নেপাল চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল আৰু অৱশেষত ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩২জন লোকৰ ভিতৰত ৭ জনক অভিযুক্ত কৰা হৈছিল কিন্তু প্ৰমাণৰ অভাৱৰ বাবে মুকলি কৰি দিয়া হৈছিল। নজন সন্দেহভাজনৰ ভিতৰত কেৱল এজনেহে বিচাৰৰ সন্মুখীন হৈছিল আৰু বাকীসকলে নিজকে লুকুৱাই ৰাখিছিল। অকলশৰীয়া অভিযুক্তজনক ন্যায়াধীশে অপৰ্যাপ্ত প্ৰমাণৰ ভিত্তিত মুকলি কৰি দিছিল।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]