সমললৈ যাওক

তুৰা, মেঘালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তুৰা
চহৰ
তুৰা is located in Meghalaya
তুৰা
তুৰা
ভাৰতৰ মেঘালয়ত অৱস্থান
স্থানাংক: 25°31′N 90°13′E / 25.52°N 90.22°E / 25.52; 90.22স্থানাংক: 25°31′N 90°13′E / 25.52°N 90.22°E / 25.52; 90.22
দেশ  ভাৰত
ৰাজ্য মেঘালয়
জিলাৰ নাম পশ্চিম গাৰো পাহাৰ
স্বায়ত্তশাসিত জিলা পৰিষদ গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদ
উচ্চতা
৩৪৯ - ১,১৮১.১০ মিটাৰ (−৩,৫২৬.০০০০০০০০ ফুট)
জনসংখ্যা
 (২০১১)
 • মুঠ
৭৪,৮৫৮
গান্দ্ৰাক দাৰে জলপ্ৰপাত

তুৰা (IPA: ˈtʊərə) হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ এটা পৌৰসভা। ই মেঘালয়ৰ আটাইতকৈ ডাঙৰ চহৰসমূহৰ ভিতৰত এখন। তুৰা গাৰো পাহাৰৰ নক্ৰেক পৰ্বতৰ নামনিত অৱস্থিত। চহৰখনৰ বতৰ সাধাৰণতে কোমল আৰু বৰ্ষব্যাপী মনোৰম। ই গাৰো জনগোষ্ঠীৰ সাংস্কৃতিক আৰু প্ৰশাসনিক কেন্দ্ৰ। ই পশ্চিম গাৰো পাহাৰ জিলাৰ মুখ্যালয়। চহৰখন সৰু নদী আৰু সেউজীয়া উপত্যকাৰে পৰিপূৰ্ণ। ইয়াৰ মুখ্য ভাষা হৈছে গাৰো আৰু ইংৰাজী। চহৰখনত চাৰিখন কলেজ আৰু বহুতো মাধ্যমিক বিদ্যালয় আছে।

শব্দৰ উৎপত্তি

[সম্পাদনা কৰক]

ব্ৰিটিছ শাসনকালত তুৰাক “দুৰা” বুলি জনা গৈছিল। ব্ৰিটিছসকলে উচ্চাৰণৰ সুবিধাৰ বাবে “তুৰা” বুলি ক’বলৈ আৰম্ভ কৰিছিল।[1]

ঊনবিংশ শতিকাৰ আৰম্ভণিত, ব্ৰিটিছসকলে অসম নিয়ন্ত্ৰণ কৰি থকা সময়ত গাৰো পাহাৰ অঞ্চলত মেলেৰিয়াই ভয়ানক ৰূপ ধাৰণ কৰিছিল, ইয়াক ৰোধ কৰিবলৈ ব্ৰিটিছসকলে ১৮৬৭ চনত তুৰাত স্থায়ী মুখ্যালয় স্থাপন কৰে। তাৰ পিছত আমেৰিকান বেপ্তিষ্ট মিছনৰীসকল আৰু তাৰ পিছত কেথলিক মিছনৰীসকলে তুৰালৈ আহে। ইয়াৰ ফলত বৰ্তমান প্ৰায় তিন-চতুৰ্থাংশ গাৰো জনগোষ্ঠী খ্ৰীষ্টান ধৰ্মাৱলম্বী[2]

ভূগোল আৰু জলবায়ু

[সম্পাদনা কৰক]

তুৰা 25°31′N 90°13′E / 25.52°N 90.22°E / 25.52; 90.22-ত অৱস্থিত।[3] ইয়াৰ গড় উচ্চতা ৩৪৯ মিটাৰ (১১৪৫ ফুট)। ইয়াত আৰ্দ্ৰ উপ-উষ্ণমণ্ডলীয় জলবায়ু (কেপেন জলবায়ু শ্ৰেণীবিভাজন: Cwa) দেখা যায়।

শ্বিলঙৰ পৰা তুৰাৰ দূৰত্ব ৩২৩ কিমি। ইয়াৰ মাজত যাতায়াত কৰিব পাৰি বাছ বা হেলিকপ্টাৰ সেৱাৰ জৰিয়তে। বাংলাদেশ সীমান্তৰ দালু অঞ্চল তুৰাৰপৰা প্ৰায় ৫০ কিমি দূৰত অৱস্থিত। গুৱাহাটীৰ পৰা তুৰা ২২০ কিমি দূৰৈত অৱস্থিত।

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি তুৰাৰ জনসংখ্যা ৭৪,৮৫৮। স্থানীয় গাৰো জনগোষ্ঠী সংখ্যাগৰিষ্ঠ (প্ৰায় ৭৩%)। ২০০১ চনত তুৰাৰ জনসংখ্যা আছিল ৫৮,৩৯১। পুৰুষ ৫১% আৰু মহিলা ৪৯%। গড় সাক্ষৰতা হাৰ ৭০%।[4]

তুৰাত গাৰো ভাষা ৫৪,৫৭৫ জনে, বাংলা ভাষা ১২,১১৩ জনে, হিন্দী ভাষা ৩,৫৬৩ জনে, হাজং ভাষা ৪,৬০৯জনে আৰু ১১,৯১১জনে অন্যান্য ভাষা ব্যৱহাৰ কৰে।

তুৰা বেপ্তিষ্ট গীৰ্জা, নিৰ্মাণ ১৯৬৬

তুৰাৰ প্ৰায় ৭৩% লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী। ইয়াত বেপ্তিষ্ট, কেথলিক, ছেভেন্থ-ডে এডভেণ্টিষ্ট, COJC, খ্ৰীষ্টিয়ান ৰিভাইভেল চাৰ্চ আদি গীৰ্জা আছে। ১৯৭৩ চনত তুৰাত ৰোমান কেথলিক ডায়চিছ অৱ তুৰা স্থাপন কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

দৰ্শনীয় স্থান

[সম্পাদনা কৰক]

তুৰাত বহুত জলপ্ৰপাত আৰু নদী আছে — ৰঙবাংদাৰে, পেলগাদাৰে, গান্দ্ৰাক দাৰে আদিৰ নাম উল্লেখযোগ্য। তুৰা চূড়া (৮৭২ মিটাৰ (২,৮৬১ ফুট)) চহৰখনৰ পূবফালে অৱস্থিত। ব্ৰিটিছ শাসনকালত ডেপুটি কমিছনাৰে তুৰা চূড়াত গ্ৰীষ্মকালৰ কটেজ স্থাপন কৰিছিল। এতিয়া সেই পথটোৱে পৰ্যটকৰ ভ্ৰমণ পথৰ ৰূপ লৈছে।[1]

খ্ৰীষ্টিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তুৰা
মিৰিয়াম ৰাছেল মহিলা কলেজ, তুৰা

বেপ্তিষ্ট মিছনৰীসকলে ১৯২০ চনত তুৰাত প্ৰথম বিদ্যালয় স্থাপন কৰিছিল।[5]

প্ৰধান বিদ্যালয়সমূহ

[সম্পাদনা কৰক]
  • খ্ৰীষ্টিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (প্ৰতিষ্ঠা: ১৯২০)
  • ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • চৰকাৰী ছেল উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ষ্ট মেৰীছ বিদ্যালয়
  • ষ্ট জেভিয়াৰ বিদ্যালয়
  • কেণ্ড্ৰীয় বিদ্যালয়, তুৰা

কলেজসমূহ

[সম্পাদনা কৰক]
  • ডন বস্কো কলেজ, তুৰা
  • দুৰামা কলেজ
  • তুৰা চৰকাৰী কলেজ
  • তুৰা আইন কলেজ
  • মিৰিয়াম ৰাছেল মহিলা কলেজ — গাৰো পাহাৰৰ প্ৰথম মহিলা কলেজ (প্ৰতিষ্ঠা: ২০২২)[6]

খাদ্য আৰু পানীয়

[সম্পাদনা কৰক]

তুৰাত বহু ধৰণৰ খাদ্য উপলব্ধ যদিও আটাইতকৈ জনপ্ৰিয় হ'ল গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যসমূহ। পৰম্পৰাগত গাৰো খাদ্যৰ ভিতৰত সিজোৱা চাউল, গাহৰিৰ মাংস, গো-মাংস, কুকুৰাৰ মাংস আৰু শুকান মাছৰ বিভিন্ন খাদ্য সম্ভাৰ উল্লেখযোগ্য। গাৰো খাদ্যৰ কিছুমান সুস্বাদু পদ হ’ল ‘‘না·কাম বিচ্চি’’ (জলকীয়া আৰু বেকিং চ’ডাৰ সৈতে তৈয়াৰ কৰা শুকান মাছৰ তৰকাৰী), ‘‘গালডা মাচু’’ (গো-মাংসৰ সৈতে সিজোৱা ৰোজেল পাত), ‘‘ৱাক গোমিণ্ডা’’ (গাহৰিৰ মাংস, জলকীয়া আৰু বেকিং চ’ডাৰ সৈতে সিজোৱা কুমলীয়া ডাব), ‘‘ৱাক পুৰা’’ (গাহৰিৰ মাংস চাউলৰ গুড়ি থেতেলিয়াই ৰন্ধা), ‘‘কাপ্পা’’ (বেকিং চ’ডাৰ আৰু মচলাৰ সৈতে ভজা সতেজ মাংস), ‘‘টা·আ ৱাকগ্ৰাণ’’ (ধোঁৱা দিয়া গাহৰিৰ মাংস, জলকীয়া আৰু বেকিং চ’ডাৰ সৈতে ইয়াম), ‘‘ব্ৰেংগা’’ (বাঁহৰ ভিতৰত ৰন্ধা মাংস), ‘‘ৱে·টেপা’’ (কলৰ পাতত মেৰিয়াই ৰন্ধা মাংস/মাছ/শাক-পাচলি), ‘‘চাম্বিল ৱাক পুৰা’’ (গাহৰিৰ মাংস আৰু থেতেলিয়াই লোৱা প'মেলো), ‘‘টা·আ ৱাক হল্ডি ৰাচিন’’ (যাম, হালধীয়ৰ গুড়িৰে ৰন্ধা গাহৰিৰ মাংস, জলকীয়া আৰু পিঁয়াজ), ‘‘কলাই ড’ও’’ (কুকুৰাৰ মাংসৰ সৈতে ৰন্ধা ক’লা মচুৰ দাইল), ‘‘মে·আ নাকাম’’ (শুকা মাছৰ সৈতে বাঁহৰ ডাল), আৰু ‘‘মে·আ ৱাক পুৰা’’ (গাহৰিৰ মাংস আৰু চাউলৰ গুড়িৰ সৈতে বাঁহৰ গাজ)।

সাধাৰণ মিঠা ব্যঞ্জনসমূহ হ’ল ‘‘চাকিন’’ (স্থানীয়ভাৱে উৎপাদিত আঠাযুক্ত চাউল আৰু তিলৰে তৈয়াৰ কৰা মিঠাই), ‘‘পিট্টা’’ (ছেকি লোৱা আঠাযুক্ত চাউল আৰু গুৰেৰে তৈয়াৰ কৰা পিঠা), আৰু ‘‘জাককেপ’’ (আঠাযুক্ত চাউলৰ গুড়ি আৰু তিলৰ গুটিৰে তৈয়াৰ কৰা পিঠা)। স্থানীয়ভাৱে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ পানীয়ো তুৰাত উপলব্ধ। ‘‘মিনিল বিচ্চি’’ বা ‘‘মি বিচ্চি’’ (চাউলৰ বীয়াৰ – Rice Beer), যি কিম্বন কৰা আঠাযুক্ত চাউল বা সাধাৰণ চাউলৰপৰা তৈয়াৰ কৰা হয়, গাৰো সমাজৰ অন্যতম প্ৰচলিত পানীয়।

সংবাদ মাধ্যম আৰু যোগাযোগ

[সম্পাদনা কৰক]

তুৰাত অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা স্থানীয় ষ্টেচন আছে, য’ত বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়। এই ষ্টেচনে স্থানীয় ভাষা তথা গাৰো সমাজৰ সংস্কৃতি-সম্পৰ্কীয় অনুষ্ঠানসমূহো সম্প্ৰচাৰ কৰে।

শেহতীয়াকৈ তুৰাত কেইখনমান স্থানীয় দৈনিক আৰু সাময়িকী প্ৰকাশ পাইছে। ‘‘The Tura Times’’, ‘‘Jañera’’ আৰু ‘‘Salantini Ku·rang’’ নামৰ স্থানীয় বাতৰি কাকতসমূহে সমগ্ৰ গাৰো পাহাৰ অঞ্চলৰ লগতে অসমৰ কিছু অংশ (বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা জিলাৰ গাৰো বসতিসমূহ)লৈ বাতৰি প্ৰচাৰ কৰি আহিছে।

ইয়াৰ উপৰি সামাজিক মাধ্যম আৰু অনলাইন সংবাদ প'ৰ্টেলসমূহেও তুৰা অঞ্চলৰ সংবাদ, অনুষ্ঠান, শিক্ষাব্যৱস্থা আৰু ৰাজনীতি-সাংস্কৃতিক ক্ষেত্ৰৰ তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

তুৰা পশ্চিম মেঘালয়ত অৱস্থিত আৰু বাংলাদেশ সীমান্তৰ ওচৰত। মুখ্য যাতায়াত পথ হ’ল ২১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। গুৱাহাটীলৈ ২২০ কিমি দূৰত বাছ আৰু চুমো সেৱা উপলব্ধ। পৱন হংসৰ হেলিকপ্টাৰ সেৱাও আছে। বলজেক বিমানবন্দৰ এতিয়াও নিয়মিত হোৱা নাই যদিও ২০০৮ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ইয়াৰ উন্মোচন কৰিছিল।

জনপ্ৰিয় ব্যক্তিত্ব

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]