সমললৈ যাওক

তু তু থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।[1]

তু তু থাই থাইলেণ্ডচিয়াং মাই আৰু ম্যানমাৰৰ য়াংগুনত দ্য ইৰাৱাদীৰ সম্পাদিকা হিচাপে কাম কৰিছিল আৰু পিছত স্বল্পায়ু থানলিন প'ষ্ট প্ৰতিষ্ঠা কৰিছিল। তেওঁ ম্যানমাৰৰ জাৰ্ণেলিজম ইনষ্টিটিউটত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।[1]

তেওঁৰ প্ৰথমখন উপন্যাস, আ ফাই কিয়াং (ফাদাৰৰ স্কুল ২০১৫), থাইলেণ্ডলৈ যোৱা চাৰিজন বাৰ্মী উদ্বাস্তুক লৈ লিখা হৈছিল, যি শিক্ষাৰ সুযোগ লাভ কৰিবলৈ সংগ্ৰাম কৰি থাকে। এই উপন্যাসৰ কাহিনীৰ আধাৰত ২০১৬ চনত "মিন হটিন ক' ক' জি" পৰিচালিত চলচ্চিত্ৰ নিৰ্মাণ হৈছিল, য'ত "চিত থু ৱাই" আৰু "য়ে ডেইট"-এ অভিনয় কৰিছিল। লগতে, তেওঁ ফুট দিন (২০১৫) নামৰ এখন গল্পসংগ্ৰহ আৰু বান্দামাৰ লান কা অলৱান চাই ইয়াৰ (২০২০) নামৰ আন এখন উপন্যাস প্ৰকাশ কৰিছিল।[1]

এপ্ৰিল ২০২১ চনত, বাৰ্মাৰ সামৰিক জুণ্টাই তু তু থাক "উস্কানিমূলক" কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ইনছেইন কাৰাগাৰত বন্দী কৰিছিল।[1] পিছত, ২০২১ চনৰ অক্টোবৰ মাহত গণ-ক্ষমামূক্তিৰ অংশস্বৰূপে তেওঁক মুক্তি দিয়া হয়।[2]

গ্ৰন্থসূচী

[সম্পাদনা কৰক]
  • আ ফাই কিয়াং (ফাদাৰৰ স্কুল, ২০১৫)
  • ফুট দিন (২০১৫)
  • বান্দামাৰ লান কা অলৱান চাই ইয়াৰ (২০২০)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]