সমললৈ যাওক

তু মাঝা সাংগাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তু মাঝা সাংগাতি
Tu Majha Saangaati.jpg
শৈলী ঐতিহাসিক নাটক
লিখক শিৰিশ লটকাৰ
পৰিচালক ৰঘুনন্দন বৰভে
শচীন গোখলে
অভিনয়ত See below
শীৰ্ষ সংগীত পৰিচালক দেৱকী পণ্ডিত
সুৰেশ ৱাডকাৰ
দেশ ভাৰত
ভাষা মাৰাঠী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১২৯৯
প্ৰযোজনা
প্ৰযোজক সংগীত কুলকাৰ্ণী
স্থান মুম্বাই
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট
সম্প্ৰচাৰ
মূল ছেনেল Colors Marathi
প্ৰদৰ্শনৰ সময় ১১ জুলাই ২০১৪ (2014-07-11) – ১১ আগষ্ট ২০১৮ (2018-08-11)

তু মাঝা সাংগাতি ইংৰাজী: : Tu Majha Saangaati ; (অনুবাদ. তুমি মোৰ সংগী) হৈছে ভাৰতীয় মাৰাঠী ভাষাৰ এখন টিভি ধাৰাবাহিক যি Colors Marathi ত প্ৰচাৰিত হৈছিল।[1] ২০১৪ চনৰ ১১ জুলাইৰ পৰা ইয়াৰ প্ৰিমিয়াৰ হৈছিল আৰু ২০১৮ চনৰ ১১ আগষ্টত ১২৯৯টা খণ্ড সম্পূৰ্ণ কৰি শেষ হৈছিল। ইয়াত চিন্ময় মাণ্ডেলকাৰে চেন্ট টুকাৰামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[2]

সাধু টুকাৰাম আৰু তেওঁৰ পত্নী আৱলীৰ জীৱনৰ আধাৰত এই কাহিনীটোৱে সম্পূৰ্ণৰূপ পাইছে। সন্তান জন্ম দিয়াৰ সময়ত টুকাৰামৰ প্ৰথমা পত্নীৰ মৃত্যু হয়। এই হৃদয় বিদাৰক কাহিনীৰ নায়ক টুকাৰাম পত্নীৰ মৃত্যু পিছত নিজৰ সন্তানৰ যত্ন লোৱাত ব্যস্ত। টুকাৰামৰ পিতৃ-মাতৃয়ে অনবৰতে তেওঁক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ পৰামৰ্শ দিয়ে যদিও, কিন্তু তেওঁ এই কথা নাকচ কৰে। কাহিনীৰ নায়িকা আৱলী হৈছে এজনী আনন্দ উলাহেৰে নাচিফুৰা পৰিপূৰ্ণ চঞ্চলা সৰু ছোৱালী। কিন্তু পৰম্পৰাই তাইক মাক-দেউতাকৰ লগত ঘৰুৱা কাম বন কৰি সীমিত জীৱন কটাবলৈ বাধ্য কৰাইছে। এই ধাৰাবাহিকখনে কণ মানি আৱলীৰ জীৱন যাত্ৰা চিত্ৰায়ণ কৰিছে, কি দৰে তাই সহজে খং কৰা এগৰাকী কিশোৰী ৰ পৰা এটি পৰিপক্ক, সহনশীল আৰু দায়িত্বশীল মহিলালৈ পৰিৱৰ্তন হৈছে। অৱশেষত যেতিয়া তুকাৰামে দ্বিতীয় বিবাহ কৰিবলৈ সন্মতি দিয়ে, আৱলী হয় তেওঁৰ নিৰ্বাচিত কণ্যা। শৃংখলাটোৱে এই দুয়োজন ভিন্ন বয়ষৰ ব্যক্তি একত্ৰ হোৱা যাত্রাৰ এটি মনোৰঞ্জক বিৱৰণ প্ৰদান কৰে।

চৰিত্ৰ সমূহ

[সম্পাদনা কৰক]
  • সন্ত টুকাৰমৰ চৰিত্ৰত চিন্ময় মাণ্ডেকাৰ
  • শিশু আৱলী হিচাপে মৃণ্ময়ী সুপাল
  • ডেকা আৱলী হিচাপে ৰুজুতা দেশমুখ[3]
  • বয়োজ্যেষ্ঠ আৱলীৰ ৰূপত প্ৰমিতি নৰকে
  • বামনৰ চৰিত্ৰত শ্ৰীবল্লভ ভাট
  • গোৰোবাৰ চৰিত্ৰত মংগেশ দেশাই
  • অপূৰ্ব নেমলেকাৰ ছোয়ৰা হিচাপে
  • সৌৰভ গোখলেক সন্ত জ্ঞানেশ্বৰ হিচাপে[4]
  • বিঠালপন্তৰ চৰিত্ৰত শেখৰ ফাডকে[5]
  • ৰাখমাৰ চৰিত্ৰত ৰুতুজা বাগৱে

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "‘तू माझा सांगती’ मालिकेत तुकोबांना विठ्ठलाच्या दर्शनाची आस" (mr ভাষাত). Loksatta. https://www.loksatta.com/manoranjan/tu-majha-sangati-marathi-serial-tukaram-eagerly-waiting-for-vithhal-1701670/। আহৰণ কৰা হৈছে: 2024-01-12. 
  2. "ई टीव्हीवर ११ जुलैपासून 'तू माझा सांगाती', चिन्मय मांडलेकर संत तुकारामांच्या भूमिकेत" (mr ভাষাত). Divya Marathi. https://divyamarathi.bhaskar.com/news/BOL-new-marathi-serial-tu-maza-sangati-4669954-NOR.html। আহৰণ কৰা হৈছে: 2024-01-12. 
  3. "‘तू माझा सांगाती’मध्ये आवलीच्या भूमिकेत ऋजुता देशमुख" (mr ভাষাত). Loksatta. https://www.loksatta.com/manoranjan/tu-majha-saangaati-serial-rujuta-deshmukh-comeback-on-television-after-3-years-1438404/। আহৰণ কৰা হৈছে: 2024-01-12. 
  4. "Saurabh Gokhale to play Sant Dnyaneshwar again - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/marathi/saurabh-gokhale-to-play-sant-dnyaneshwar-again/articleshow/61848579.cms। আহৰণ কৰা হৈছে: 2024-01-12. 
  5. "‘तू माझा सांगाती’मध्ये शेखर फडके वेगळ्या भूमिकेत" (mr ভাষাত). Loksatta. https://www.loksatta.com/manoranjan/colors-marathi-serial-tu-majha-sangati-shekhar-phadke-1631174/। আহৰণ কৰা হৈছে: 2024-01-12.