সমললৈ যাওক

তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা


তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য
অভয়াৰণ্যত এটা মেঠোন
অভয়াৰণ্যত এটা মেঠোন
মানচিত্ৰত তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান দক্ষিণ ত্ৰিপুৰা জিলা, ত্ৰিপুৰা
নিকটতম চহৰ উদয়পুৰ
স্থানাংক 23°25′18″N 91°18′47″E / 23.42167°N 91.31306°E / 23.42167; 91.31306স্থানাংক: 23°25′18″N 91°18′47″E / 23.42167°N 91.31306°E / 23.42167; 91.31306
মাটিকালি ১৯৪.৭ বৰ্গ কি.মি. (19,47,00,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৮৮

তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Trishna Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য।[1]

১৯৪.৭ বৰ্গ কিলোমিটাৰ (৭৫.২ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখন ১৯৮৮ চনত প্ৰথমে এখন সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।[2]

উদ্ভিদকুল আৰু প্ৰাণীকুল

[সম্পাদনা কৰক]

এই অভয়াৰণ্যখনৰ উদ্ভিদবোৰ পৰ্ণপাতী আৰু অৰ্ধ-চিৰসেউজ অৰণ্যৰ অন্তৰ্ভুক্ত। ইয়াত পোৱা প্ৰধান বন্যপ্ৰাণীসমূহৰ ভিতৰত মেঠোন, হলৌ বান্দৰ, সোণালী বান্দৰ, টুপীমূৰীয়া বান্দৰ আৰু চৰাইবোৰৰ ভিতৰত দলমৰা, বগা বুকুৱা মাছৰোকা, ফেঁচু, পাতসিয়া, চুটীয়া শালিকা আদি উল্লেখযোগ্য।[3]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]