তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
![]() | |
| অৱস্থান | তেজপুৰ, শোণিতপুৰ জিলা, অসম |
|---|---|
| অৱস্থা | সচল |
| নিৰাপত্তা শ্ৰেণী | সৰ্বাধিক নিৰাপত্তা |
| ধাৰণক্ষমতা | 1000 |
| জনসংখ্যা | 1284 (as of 15 মে’ 2018) |
| স্থাপিত | 1881[1] |
| ব্যৱস্থাপক | অসম চৰকাৰৰ কাৰাগাৰ বিভাগ |
| ৱেবছাইট | prisons |
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ হৈছে ভাৰতৰ অসম ৰাজ্যৰ শোণিতপুৰ জিলাত অৱস্থিত কেন্দ্ৰীয় কাৰাগাৰ। অসম ৰাজ্যৰ ৩১খন কাৰাগাৰৰ ভিতৰত ই অন্যতম। এই কাৰাগাৰখন অসম চৰকাৰৰ কাৰাগাৰ বিভাগৰ অধীনত পৰিচালিত হয়। ১৮৮১ চনত স্থাপন হোৱা এই জেলখন ৰাজ্যৰ অন্যতম প্ৰাচীন কেন্দ্ৰীয় কাৰাগাৰ হিচাপে পৰিচিত। ইয়াত সৰ্বাধিক নিৰাপত্তা ব্যৱস্থা উপলব্ধ আছে আৰু প্ৰায় ১০০০ বন্দীৰ স্থান ক্ষমতা থাকিলেও বৰ্তমান সময়ত ইয়াত প্ৰায়েই ক্ষমতা অতিক্ৰম কৰি বন্দী থাকে।[1]
ইতিহাস
[সম্পাদনা কৰক]তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ ১৮৪৬ চনত স্থাপন কৰা হৈছিল আৰু এতিয়া কেন্দ্ৰীয় কাৰাগাৰ হিচাপে ঘোষণা কৰা হৈছে। কাৰাগাৰ চৌহদৰ মুঠ মাটি-কালি প্ৰায় ৩০ একৰৰ অলপ বেছি। জেলৰ চাৰিবেৰ প্ৰায় ৯ একৰ মাটিত অৱস্থিত। সকলোবোৰ অট্টালিকা আচলতে ১৮৪৬ চনৰ নহয় যদিও সকলোবোৰ অতি পুৰণি।
ডাঙৰ গোচৰ
[সম্পাদনা কৰক]২০২১ চনৰ ২৯ জুলাই বুধবাৰে অসমৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কমেও ২৮ জন কয়দীৰ দেহত ক'ভিড-১৯ ভাইৰাছ ধৰা পৰিছিল। ইয়াৰ লগে লগে তেজপুৰ জেলৰ কয়দীৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে।
২০০৫ চনৰপৰা আজীৱন কাৰাদণ্ড ভুগি থকা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ বন্দী ললিত নায়কে কাৰাগাৰৰ চৌহদৰ কুঁৱাত জঁপিয়াই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।[2]
উল্লেখযোগ্য বন্দীসকল
[সম্পাদনা কৰক]- শোণিতপুৰ জিলাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃণ্ময় ডাউকা বৃহস্পতিবাৰে দুগৰাকী মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন হৈছিল। স্বামীক মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী কয়দীৰ পত্নীক যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ উঠিছে। দ্বিতীয়টো গোচৰ হৈছে তেওঁ জেল ৱাৰ্ডেনৰ পত্নীৰ বিনয়ক ক্ষোভিত কৰা।[3]
- ১৯৯৭ চনৰ মাৰ্চ মাহত নিজৰ মাতৃক হত্যা কৰাৰ অভিযোগত ধাবুৱা ৰাজোৱাৰ গ্ৰেপ্তাৰ হৈছিল। হত্যাকাণ্ডৰ সময়ত তেওঁ মানসিক ৰোগত ভুগি আছিল বুলি ধৰা হৈছিল। ২৪/০৩/১৯৯৭ তাৰিখে তেওঁক ন্যায়িক জিম্মাত ৰখা হৈছিল আৰু কেতিয়াও জামিন লাভ কৰা নাছিল। ৪/০৩/২০০২ তাৰিখে তেওঁক আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। মুঠতে তেওঁ ১১ বছৰ ৮ মাহ কাৰাগাৰত আছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "The captive humans: Life in Central Jail, Guwahati". Guwahati Plus. 1 August 2016. https://www.guwahatiplus.com/daily-news/the-captive-humans-life-in-central-jail-guwahati। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ Desk, India TV News (2013-09-16). "Assam: Prisoner commits suicide in jail" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/news/india/assam-prisoner-commits-suicide-in-jail-27931.html। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Assam: Two jail officials arrested in separate cases of sexual assault" (en ভাষাত). Hindustan Times. 2020-07-17. https://www.hindustantimes.com/india-news/assam-two-jail-officials-arrested-in-separate-cases-of-sexual-assault/story-MwUrLypSmHE77ucj81sU9K.html। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Tezpur Jail official to set up clothes bank for inmates | Guwahati News - Times of India" (en ভাষাত). The Times of India. 12 Dec 2016. https://timesofindia.indiatimes.com/city/guwahati/tezpur-jail-official-to-set-up-clothes-bank-for-inmates/articleshow/55933107.cms। আহৰণ কৰা হৈছে: 2021-05-29.
