সমললৈ যাওক

তেজপুৰ গৌৰৱযাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজপুৰ গৌৰৱযাত্ৰা

তেজপুৰ কুইয়াৰ প্ৰাইড ২০২২
তাৰিখ ছেপ্তেম্বৰ
অন্তৰ বাৰ্ষিক
ঠাই তেজপুৰ, অসম, ভাৰত
সক্ৰিয়তাৰ সময় ২০২২ – বৰ্তমান
প্ৰকাৰ গৌৰৱযাত্ৰা, LGBTQIA+ অধিকাৰ

তেজপুৰ গৌৰৱযাত্ৰা (ইংৰাজী: Tezpur Queer Pride) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ তেজপুৰত অনুষ্ঠিত হোৱা বাৰ্ষিক এলজিবিটিকিউআইএ+ প্ৰাইড মাৰ্চ বা গৌৰৱযাত্ৰা। উত্তৰ-পূব ভাৰতৰ এখন সৰু চহৰত প্ৰথম সংগঠিত গৌৰৱযাত্ৰাৰ ভিতৰত অন্যতম এই আয়োজনৰ লক্ষ্য হৈছে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বাবে অন্তৰ্ভুক্তি, দৃশ্যমানতা, আৰু অধিকাৰৰ প্ৰসাৰ। এই অনুষ্ঠানটো মূলতঃ অসমৰ প্ৰথমটো পঞ্জীয়নভুক্ত এলজিবিটিকিউআইএ+ সংগঠন শব্দ – ডাইলগ ডিগনিটি মুভমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত পৰিচালিত।

২০২২ চনৰ ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা তেজপুৰৰ প্ৰথমটো গৌৰৱযাত্ৰাত প্ৰায় ২৫০ জন অংশগ্ৰহণকাৰীয়ে তেজপুৰ চহৰৰ চাৰ্চ ফিল্ডত সমবেত হৈছিল, গণেশ ঘাট আৰু চিত্ৰলেখা উদ্যানৰ কাষেদি যাত্ৰা কৰি এই সমদলটো আৰম্ভণিৰ স্থানলৈ উভতি আহিছিল। এই প্ৰথমটো পদযাত্ৰাৰ বিষয়-বস্তু আছিল- শৈক্ষিক প্ৰতিষ্ঠানত লিংগ নিৰপেক্ষ ইউনিফৰ্ম বা পছন্দৰ ইউনিফৰ্মৰ দাবী।[1]

পৰৱৰ্তী সংস্কৰণসমূহ

[সম্পাদনা কৰক]

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেজপুৰত তৃতীয়টো গৌৰৱযাত্ৰাৰ বাবে অংশগ্ৰহণকাৰিসকলে পদযাত্ৰা অনুষ্ঠিত কৰিছিল। এই পদযাত্ৰাত সমগ্ৰ অসমৰ কুইয়াৰ ব্যক্তি আৰু সমৰ্থক সহ প্ৰায় ১৩০ জন অংশগ্ৰহণকাৰী আছিল। এই অনুষ্ঠান উচ্চতম ন্যায়ালয়ৰ নৱতেজ সিং জোহৰ ৰায় (২০১৮)ৰ বৰ্ষপূৰ্তিৰ স্মৃতিত অনুষ্ঠিত হয়, য’ত সন্মতিসূচক সমলিংগ সম্পৰ্কক অপৰাধমুক্ত কৰা হয়। এই বৰ্ষত অনুষ্ঠানটোৰ বিষয়-বস্তু আছিল- শৈক্ষিক পাঠ্যক্ৰমত লিংগ আৰু যৌনতা বিষয়ৰ অন্তৰ্ভুক্তি। ইয়াৰ জৰিয়তে বিদ্যালয় আৰু মহাবিদ্যালয়ত অন্তৰ্ভুক্ত আৰু সহানুভূতিশীল শিক্ষণ পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।[2]

আয়োজকসকল

[সম্পাদনা কৰক]

এই গৌৰৱযাত্ৰাৰ সমন্বয় কৰিছে ২০২১ চনত প্ৰতিষ্ঠা হোৱা আৰু কোম্পানী আইনৰ ধাৰা ৮ৰ অধীনত পঞ্জীয়নভুক্ত শব্দ – ডাইলগ ডিগনিটি মুভমেণ্ট ফাউণ্ডেশ্যন-এ। ই অসমৰ প্ৰথম স্বীকৃতিপ্ৰাপ্ত LGBTQIA+ সংগঠন। এই সংগঠনে কুইয়াৰ ব্যক্তিৰ মৰ্যাদা, আলোচনা, আৰু সৰ্বাংগীণতাৰ বাবে কাম কৰে।[3]

তাৎপৰ্য্য

[সম্পাদনা কৰক]

মেট্ৰ’কেন্দ্ৰিক গৌৰৱ সংস্কৃতিৰ বাহিৰলৈ গৈ তেজপুৰৰ দৰে অসমৰ সৰু চহৰত LGBTQIA+ দৃশ্যমানতা আৰু সক্ৰিয়তাক উদ্ভাসিত কৰাৰ বাবে তেজপুৰ কুইয়াৰ প্ৰাইড তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াত এনেধৰণৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছে:

  • শিক্ষানুষ্ঠানত লিংগ নিৰপেক্ষ ইউনিফৰ্ম।
  • পাঠ্যক্ৰমত লিংগ, যৌনতা, সন্মতি, মানসিক স্বাস্থ্যৰ অন্তৰ্ভুক্তি।
  • সৰ্বলিংগ শৌচাগাৰৰ দৰে আন্তঃগাঁথনিৰ সংস্কাৰ (২০২২ চনত তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰৱৰ্তন)।[4]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Assam: Tezpur experiences first Queer Pride Walk". The Assam Tribune. 24 September 2022. https://assamtribune.com/assam/assam-tezpur-experiences-first-queer-pride-walk-1441144. 
  2. "Tezpur Queer Pride Walk 2024 attracts 130 participants, celebrating diversity and LGBTQIA+ rights". The Sentinel. 24 September 2024. https://www.sentinelassam.com/north-east-india-news/assam-news/tezpur-queer-pride-walk-2024-attracts-130-participants-celebrating-diversity-and-lgbtqia-rights-672442. [সংযোগবিহীন উৎস]
  3. "Assam gets the first registered LGBTQIA+ organization – Xobdo Dialogue Dignity Movement Foundation". Tezpur Buzz. 2021. https://tezpurbuzz.com/assam-gets-the-first-registered-lgbtqia-organization-xobdo-dialogue-dignity-movement-foundation/। আহৰণ কৰা হৈছে: 21 August 2025. 
  4. "Assam's first gender neutral toilet at Tezpur Central University". ETV Bharat. 5 June 2022. https://www.etvbharat.com/english/bharat/assams-first-gender-neutral-toilet-at-tezpur-central-university/na20220605155455705705434.