তেজস্ক্ৰিয়তা

তেজস্ক্ৰিয়তা হৈছে এক অনিয়মিত পৰমাণু নিউক্লিয়াছৰ পৰা বিকিৰণৰ জৰিয়তে শক্তি হ্ৰাস হোৱাৰ প্ৰক্ৰিয়া। যিকোনো বস্তু য'ত অস্থিৰ নিউক্লিয়াছ থাকে তাক তেজস্ক্ৰীয় বুলি কোৱা হয়। ক্ষয়ৰ সৰ্বাধিক সচৰাচৰ ধৰণ তিনিটা হৈছে আলফা ক্ষয়, বিটা ক্ষয়, আৰু গামা ক্ষয়। বেটা ক্ষয়ৰ কাৰক হৈছে দুৰ্বল বল, আৰু আন দুভয়ে বিদ্যুৎচুম্বকীয় বল আৰু নিউক্লিয়াৰ বলৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।[1]
তেজস্ক্ৰীয় ক্ষয় হৈছে এক পৰিসংখ্যাগত অনিয়মিত প্ৰক্ৰিয়া, বিশেষকৈ পৃথকে পৃথকে পৰমাণুৰ ক্ষেত্ৰত। কুৱাণ্টাম মেকানিক্স অনুসৰি, এটা নিৰ্দিষ্ট পৰমাণু কেতিয়া ক্ষয় হ'ব সেয়া আগতীয়াকৈ কোৱা সম্ভৱ নহয়।[2][3][4] যদিও পৃথকে পৰমাণুৰ ক্ষয় আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিব নোৱাৰি, একেধৰণৰ বিপুল পৰিমাণৰ পৰমাণুৰ ক্ষেত্ৰত গড় ক্ষয়ৰ হাৰ এক ক্ষয় ধ্ৰুৱাংক বা অৰ্ধ-আয়ু হিচাপে প্ৰকাশ কৰিব পাৰি। তেজস্ক্ৰীয় পৰমাণুবোৰৰ অৰ্ধ-আয়ু এক বিস্তৃত পৰিসৰত হয়: প্ৰায় তত্ক্ষণাতৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ বয়সতকৈ বহু দীঘলীয়ালৈকে।
ক্ষয় হোৱা নিউক্লিয়াছটোকে কোৱা হয় পাৰেণ্ট ৰেডিঅ'নিউক্লাইড (বা পাৰেণ্ট আইছ’টপ) আৰু ক্ষয়ৰ ফলত উৎপন্ন হয় এটাতকৈ কম শক্তিসম্পন্ন ডটাৰ নিউক্লাইড। গামা ক্ষয় বা অভ্যন্তৰীণ পৰিৱৰ্তন বাদে, এই ক্ষয়সমূহ নিউক্লিয়াৰ ৰূপান্তৰ হয়, য’ত প্ৰ'টন বা নিউট্ৰনৰ (বা উভয়ৰ) সংখ্যা সলনি হয়। যেতিয়া প্ৰ'টনৰ সংখ্যা সলনি হয়, তেতিয়া এটি নতুন ৰাসায়নিক মৌলৰ সৃষ্টি হয়।
পৃথিৱীত ২৮টা প্ৰাকৃতিকভাৱে পোৱা ৰাসায়নিক মৌল তেজস্ক্ৰীয়, যাৰ ভিতৰত ৩৫টা ৰেডিঅ'নিউক্লাইড আছে (সাতটা মৌলত দুটা ৰেডিঅ'নিউক্লাইড থাকে), যিবোৰ সৌৰজগত গঠনৰ আগৰ পৰা অৱস্থিত। এই ৩৫টাক প্ৰাক-আদি ৰেডিঅ'নিউক্লাইড (primordial radionuclides) বুলি কোৱা হয়। ইউৰেনিয়াম, থৰিয়াম আদি সুপৰিচিত উদাহৰণ, আৰু ইয়াৰ উপৰিও পটাচিয়াম-৪০ যেনেকুৱা দীৰ্ঘ-আয়ুযুক্ত ৰেডিঅ'আইছ’টপসমূহো অন্তৰ্ভুক্ত। এইবোৰৰ ভিতৰত যিবোৰ ডাঙৰ প্ৰাক-আদি ৰেডিঅ'নিউক্লাইড আছে সেয়া চাৰিটা ক্ষয় শৃংখলাৰ অন্যতম অংশ।
বিপদৰ সতৰ্কবাণী চিন
[সম্পাদনা কৰক]-
তেজস্ক্ৰিয় পদাৰ্থ বা আয়নীকৰণ বিকিৰণৰ উপস্থিতিৰ সতৰ্কবাণী দিবলৈ ব্যৱহাৰ কৰা ট্ৰেফ’ইল চিহ্ন।
-
২০০৭ চনৰ ISO তেজস্ক্ৰিয়তা বিপদৰ চিহ্ন IAEA শ্ৰেণী ১, ২ আৰু ৩ উৎসৰ বাবে উদ্দেশ্য কৰা হৈছে যাক মৃত্যু বা গুৰুতৰ আঘাত কৰিব পৰা বিপজ্জনক উৎস হিচাপে সংজ্ঞায়িত কৰা হৈছে। [5]
-
তেজস্ক্ৰিয় পদাৰ্থৰ বাবে কেইবাটাও বিপজ্জনক সামগ্ৰী পৰিবহণ শ্ৰেণীবিভাজনৰ চিনসমূহৰ ভিতৰত এটা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Radioactivity: Weak Forces". EDP SciencesRadioactivity. Archived from the original on 12 August 2021. https://web.archive.org/web/20210812235150/https://www.radioactivity.eu.com/site/pages/Weak_Forces.htm। আহৰণ কৰা হৈছে: 4 March 2020.
- ↑ Stabin, Michael G. (2007). "3". In Stabin, Michael G. Radiation Protection and Dosimetry: An Introduction to Health Physics. Springer. doi:10.1007/978-0-387-49983-3. ISBN 978-0-387-49982-6. https://cds.cern.ch/record/1105894.
- ↑ Best, Lara; Rodrigues, George; Velker, Vikram (2013). "1.3". Radiation Oncology Primer and Review. Demos Medical Publishing. ISBN 978-1-62070-004-4.
- ↑ Loveland, W.; Morrissey, D.; Seaborg, G.T. (2006). Modern Nuclear Chemistry. Wiley-Interscience. পৃষ্ঠা. 57. ISBN 978-0-471-11532-8.
- ↑ IAEA news release Feb 2007