সমললৈ যাওক

তেন ঝংজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেন ঝংজি

Tan in 2023
দেশ চীন
জন্ম ২৯ মে', ১৯৯১ (৩৫ বছৰ)
[[[1]Chongqing]],চীন
খিতাপ গ্ৰেণ্ডমাষ্টাৰ (2017)
বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপ 2017–2018
ফিডে ৰেটিং 2561 (ফেব্ৰুৱাৰী 2025)
শীৰ্ষ ৰেটিং 2561 (December 2024)

তেন ঝংজি (চীনা: 谭中怡; [2] জন্ম ২৯ মে ১৯৯১)[3] এগৰাকী চীনা দবা খেলুৱৈ। তেওঁ আন্তৰ্জাতিক দবা মহাসংঘৰ শীৰ্ষ উপাধি গ্ৰেণ্ডমাষ্টাৰ (GM) লাভ কৰিছে।[4] তেওঁ এগৰাকী প্ৰাক্তন মহিলা বিশ্ব দবা চেম্পিয়ন। তেওঁ ২০১৭ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ নকআউট সংস্কৰণত ইৰানত আয়োজিত ফাইনেলত আনা মুজিচুকক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছিল।[5] তেন এগৰাকী প্ৰাক্তন মহিলা বিশ্ব ৰেপিড চেম্পিয়ন।

তেনে তিনিবাৰকৈ অৱিৰতভাৱে চীনা মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰিছে, আৰু মুঠ পাঁচবাৰ এই উপাধি লাভ কৰিছে (২০১৫, ২০২০, ২০২১, আৰু ২০২২)। তান ২০২৪ চনৰ মহিলা প্ৰাৰ্থী টুৰ্ণামেণ্টত বিজয়ী হয়। সেইসূত্ৰে তেওঁ ২০২৫ চনৰ এপ্ৰিলত অনুষ্ঠিতব্য মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত চীনা বিশ্ব চেম্পিয়ন জু ৱেনজুনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব।

কৰ্মজীৱন:

[সম্পাদনা কৰক]

তেন ঝংজিৰ জন্ম হৈছিল চেংচিংত। ১৯৯৭ চনত তেওঁ দবাখেল শিকিবলৈ আৰম্ভ কৰিছিল।[6] তেওঁ ২০০০ আৰু ২০০১ চনত ওৰোপেছা দেল মাৰত অনুষ্ঠিত হোৱা বিশ্ব যুৱ অনূৰ্ধ্ব ১০ বছৰৰ বালিকা দবা চেম্পিয়নশ্বিপ দুবাৰ জয় কৰিছিল। ২০০২ চনত তেওঁ হেৰাক্লিঅনত বিশ্ব যুৱ অনূৰ্ধ্ব ১২ বছৰৰ বালিকা দবা চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।

আন্তৰ্জাতিক প্ৰতিযোগিতাত সফলতা

[সম্পাদনা কৰক]
  • ২০০৮ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত, তেওঁ দ্বিতীয় ৰাউণ্ডত পিয়া ক্ৰামলিংৰ বিপক্ষে ½–1½ ৰ ফলত পৰাস্ত হৈছিল।
  • ২০১১ চনত, তেওঁ চেণঝেনত অনুষ্ঠিত ২০১১ গ্ৰীষ্মকালীন ইউনিভাৰ্ছিয়াডত মহিলা দবা টুৰ্ণামেণ্ট জয় কৰি চীনা দলৰ সোণৰ পদক লাভত অৱদান আগবঢ়াইছিল।[7][8]
  • ২০১২ চনত তেওঁ গুইমাৰায়েছত মহিলা বিশ্ব বিশ্ববিদ্যালয় দবা চেম্পিয়নশ্বিপ জয় কৰিছিল।[9]
  • ২০১৩ চনত, তেওঁ উক্সিত অনুষ্ঠিত তৃতীয় চীন মহিলা মাষ্টাৰ টুৰ্ণামেণ্ট ৬.৫/৯ পইণ্ট স্ক’ৰৰ সৈতে জয় কৰিছিল।[10]
  • ২০১৪ চনত, তেওঁ শ্বাৰজাহত অনুষ্ঠিত এছিয়ান মহিলা ব্লিৎজ চেম্পিয়নশ্বিপ জয় কৰিছিল।[11]

চীনা মহিলা চেম্পিয়নশ্বিপ আৰু অন্যান্য কৃতিত্ব

[সম্পাদনা কৰক]
  • ২০১৫ চনৰ মে’ মাহত, তেওঁ চীন মহিলা দবা চেম্পিয়নশ্বিপ জয় কৰিছিল।[12]
  • জুন ২০১৫ চনত, তেওঁ ৭/৯ পইণ্টৰ সৈতে পঞ্চম চীন মহিলা মাষ্টাৰ টুৰ্ণামেণ্ট জয় কৰিছিল।[13]
  • আগষ্ট ২০১৫ চনত, তেওঁ আল আইনত অনুষ্ঠিত এছিয়ান মহিলা ৰেপিড চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।[14]
  • ২০১৬ চনৰ ৪২ সংখ্যক দবা অলিম্পিয়াডত, তেওঁ বোৰ্ড নম্বৰ ৪ ত মহিলা সোণৰ পদক লাভ কৰিছিল।[15]

বিশ্ব মহিলা চেম্পিয়নশ্বিপ আৰু জি এম উপাধি

[সম্পাদনা কৰক]
  • ২০১৭ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত, তেওঁ জি এম আনা মুজিচুকৰ সৈতে ফাইনেলত উপনীত হৈছিল। সাধাৰণ খেলসমূহ ২–২ ব্যৱধানত শেষ হোৱাৰ পিছত, ৰেপিড টাইব্ৰেকত তেওঁ বিজয়ী হৈছিল।
  • তানে প্ৰথম ৰাউণ্ডত ক'লা গুটিৰে ড্ৰ কৰি আৰু দ্বিতীয় ৰাউণ্ডত বগা গুটিৰে জয়ী হৈ মহিলা বিশ্ব চেম্পিয়নৰ মুকুট লাভ কৰিছিল। এই সফলতাৰ লগে লগে, তেওঁ গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধিও লাভ কৰে।
  • ২০১৮ চনত, তেওঁ মহিলা বিশ্ব চেম্পিয়নশ্বিপ মেচত জু ৱেনজুনৰ বিৰুদ্ধে পৰাস্ত হৈ মুকুট হেৰুৱাইছিল।

সাম্প্ৰতিক সফলতা

[সম্পাদনা কৰক]
  • ২০২০ চনত, তেওঁ জিব্ৰাল্টাৰ মাষ্টাৰছত মহিলাৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছিল।[16]
  • ২০২১ চনত, তেওঁ মহিলা বিশ্ব দবা কাপত তৃতীয় স্থান অধিকাৰ কৰিছিল, আনা মুজিচুকক ২.৫–১.৫ ৰ ফলত পৰাস্ত কৰি।[17]
  • ২০২২ চনত, তেওঁ আলমাটি, কাজাখস্তানত অনুষ্ঠিত মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।[18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dinic, Milan (28 December 2022). "Magnus Carlsen and Tan Zhongyi are the World Champions in Rapid – FIDE World Rapid and Blitz 2022". worldrapidandblitz2022.fide.com. https://worldrapidandblitz2022.fide.com/2022/12/28/magnus-carlsen-and-tan-zhongyi-are-the-world-champions-in-rapid/ আহৰণ কৰা হৈছে: 29 December 2022.
  2. 中国国际象棋运动员等级分数据库 Archived 2013-11-12 at the Wayback Machine
  3. WGM title application FIDE
  4. "Titles approved at the 80th FIDE Congress". http://www.fide.com/component/content/article/1-fide-news/4148--titles-approved-at-the-80th-fide-congress- আহৰণ কৰা হৈছে: 6 April 2017.
  5. "Magnus Carlsen and Tan Zhongyi are the World Champions in Rapid". FIDE. https://www.fide.com/news/2156 আহৰণ কৰা হৈছে: 29 December 2022.
  6. "Tan Zhongyi, an outstanding alumnus of the School of Law". School of Law of Shanghai University of Finance and Economics. April 3, 2019. https://law.sufe.edu.cn/law_en/3b/3b/c10001a146235/page.htm.[সংযোগবিহীন উৎস]
  7. "WGM Tan Zhongyi wins the Women Universiade in Shenzhen". Chessdom. 2011-08-21. http://www.chessdom.com/wgmtan-zhongyi-wins-the-women-universiade-in-shenzhen/ আহৰণ কৰা হৈছে: 17 October 2015.
  8. "Li Chao and Tan Zhongyi winners in Shenzhen". ChessVibes. 2011-08-23. http://www.chessvibes.com/?q=reports/li-chao-and-tan-zhongyi-winners-in-shenzhen আহৰণ কৰা হৈছে: 17 October 2015.
  9. World University Chess Championship 2012 - Women Chess-Results
  10. "Tan Zhongyi Won 3rd Women Masters Tournament in China". Natalia Pogonina's website. 2013-06-09. Archived from the original on 2020-07-27. https://web.archive.org/web/20200727113853/http://www.pogonina.com/index.php?option=com_content&task=view&id=1767 আহৰণ কৰা হৈছে: 1 November 2015.
  11. "Chinese players claim Asian Blitz Chess Championships". Chessdom. 2014-04-20. http://www.chessdom.com/chinese-players-claim-asian-blitz-chess-championships/ আহৰণ কৰা হৈছে: 18 January 2016.
  12. Ramirez, Alejandro (2015-05-30). "Wei Yi youngest Chinese Champion". ChessBase. http://en.chessbase.com/post/wei-yi-youngest-chinese-champion আহৰণ কৰা হৈছে: 17 October 2015.
  13. 5th China(Xishan)Chess Women Masters Tournament Chess-Results
  14. "Truong Son wins Asian Rapid Chess Championship 2015". FIDE. 2015-08-12. Archived from the original on 2018-11-10. https://web.archive.org/web/20181110040356/https://www.fide.com/component/content/article/4-tournaments/8980-truong-son-wins-asian-rapid-chess-championship-2015.html আহৰণ কৰা হৈছে: 18 January 2016.
  15. "USA and China winners of 42nd Chess Olympiad". europechess.org. 14 September 2016. http://www.europechess.org/usa-and-china-winners-of-42nd-chess-olympiad/ আহৰণ কৰা হৈছে: 23 February 2017.
  16. "Paravyan & Tan Zhongyi win 2020 Gibraltar Masters" (en ভাষাত). chess24.com. https://chess24.com/en/read/news/paravyan-tan-zhongyi-win-2020-gibraltar-masters আহৰণ কৰা হৈছে: 2020-02-03.
  17. "Tournament tree - FIDE World Cup 2021". Archived from the original on 12 August 2021. https://web.archive.org/web/20210812195433/https://worldcup-results.fide.com/results আহৰণ কৰা হৈছে: 3 August 2021.
  18. Dinic, Milan (28 December 2022). "Magnus Carlsen and Tan Zhongyi are the World Champions in Rapid – FIDE World Rapid and Blitz 2022". worldrapidandblitz2022.fide.com. https://worldrapidandblitz2022.fide.com/2022/12/28/magnus-carlsen-and-tan-zhongyi-are-the-world-champions-in-rapid/ আহৰণ কৰা হৈছে: 29 December 2022.