তেলেংগানাৰ সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেলেংগানাৰ মানচিত্ৰ
জনগাঁও জিলাৰ বম্মেৰা গাঁৱত প্ৰতিষ্ঠা কৰা কবি বম্মেৰা পোতনাৰ প্ৰতিমূৰ্তি

তেলংগানাৰ সংস্কৃতি (ইংৰাজী: Culture of Telangana) প্ৰায় ৫,০০০ বছৰ পুৰণি। কাকতীয়, কুতুব শ্বাহী আৰু আছাফ জাহী বংশৰ (হায়দৰাবাদৰ নিজাম বুলিও কোৱা হয়) শাসন কালত এই অঞ্চলটো ভাৰতীয় উপমহাদেশৰ সংস্কৃতিৰ অগ্ৰণী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। শাসকসকলৰ পৃষ্ঠপোষকতা আৰু ৰন্ধনশৈলী, কলা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহে তেলেংগানাক বহুধা-সাংস্কৃতিক অঞ্চললৈ ৰূপান্তৰিত কৰে, য’ত দুটা ভিন্ন সংস্কৃতি একেলগে সহাৱস্থান কৰিছে। হায়দৰাবাদী খাদ্য আৰু কাকতীয় স্থাপত্য দুয়োটা তেলেংগানাৰ। তেলেংগানাত উদযাপন কৰা প্ৰধান সাংস্কৃতিক অনুষ্ঠানসমূহৰ ভিতৰত কাকতীয় উৎসৱ আৰু দাক্ষিণাত্য উৎসৱৰ লগতে বোনালু, বাথুকম্মা, দশেৰা, উগাদি, সংক্ৰান্তি, মিলাদ-উন-নবী আৰু ৰমজান আদি ধৰ্মীয় উৎসৱসমূহো অন্তৰ্ভুক্ত।[1]

তেলেংগানা ৰাজ্য দূৰ অতীতৰ পৰাই বৈচিত্ৰ্যময় ভাষা আৰু সংস্কৃতিৰ মিলনস্থলী হৈ আহিছে। ৰাজ্যখনক উত্তৰৰ দক্ষিণ আৰু দক্ষিণৰ উত্তৰ বুলি জনা যায়।[2] ই গংগা-যমুনা তেহজীবৰ বাবেও পৰিচিত। ৰাজধানী হায়দৰাবাদ প্ৰাচ্য সংস্কৃতিৰ কেন্দ্ৰবিন্দু আৰুভাৰতৰ প্ৰথম ঐতিহ্যমণ্ডিত চহৰ।[3][4][5]

তেলেংগানাৰ ভাষা[সম্পাদনা কৰক]

তেলেংগানাৰ প্ৰায় ৭৬% জনসংখ্যাই তেলেগু, ১২% লোকে উৰ্দু আৰু ১২% লোকে অন্য ভাষা কয়।[6][7] ১৯৪৮ চনৰ আগতে উৰ্দু ভাষা হায়দৰাবাদ ৰাজ্যৰ চৰকাৰী ভাষা আছিল আৰু শিক্ষানুষ্ঠানত তেলেগু-ভাষাই গুৰুত্ব নোপোৱা বাবে উৰ্দু তেলেংগানাৰ শিক্ষিত অভিজাত শ্ৰেণীৰ ভাষা আছিল। ১৯৪৮ চনৰ পিছত হায়দৰাবাদ ৰাজ্যই নৱগঠিত ভাৰত গণৰাজ্যত যোগদান কৰাৰ পিছত তেলেগু চৰকাৰী ভাষা হৈ পৰে আৰু বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে তেলেগু প্ৰৱৰ্তন হোৱাৰ লগে লগে অমুছলমানসকলৰ মাজত উৰ্দু ভাষাৰ ব্যৱহাৰ হ্ৰাস পায়।[8]

সাহিত্য[সম্পাদনা কৰক]

প্ৰাৰম্ভিক যুগৰ তেলেংগানাৰ কবিসকলৰ ভিতৰত বাম্মেৰা পোতনা, কাঞ্চেৰলা গোপন্না বা ভক্ত ৰামদাসু, মালিয়া ৰেচানা, গোনা বুদ্দা ৰেড্ডী, কুপ্পম্বিকা, পালকুৰ্তি সোমনাথ, মল্লিনাথ ছুৰি, আৰু হুলুক্কি ভাস্কৰা আদি উল্লেখযোগ্য। আধুনিক যুগত কবিসকলৰ ভিতৰত পদ্ম বিভূষণ কালোজী নাৰায়ণ ৰাও, সাহিত্য অকাডেমী বঁটা প্ৰাপক দাসৰথী কৃষ্ণমাচাৰ্যুলু, আৰু জ্ঞানপীঠ বঁটা প্ৰাপক চি নাৰায়ণ ৰেড্ডীৰ লগতে আছে পি ভি নৰসিংহ ৰাও, যি ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী আছিল আৰু কেন্দ্ৰ সাহিত্য পুৰস্কাৰম স্বীকৃতিৰ বাবে নিৰ্বাচিত সমলা সদাশিৱ। হিন্দুস্তানী শাস্ত্ৰীয় সংগীত বিষয়ক তেওঁৰ গ্ৰন্থ স্বৰলায়লুৰ বাবে ২০১১ চনত তেওঁ এই বঁটা লাভ কৰে।[9]

উৰ্দু সাহিত্যই কুতুব শ্বাহী আৰু আছাফ জাহী শাসকসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। কুতুব শ্বাহী বংশৰ পঞ্চম শাসক মহম্মদ কুলী কুতুব শ্বাহক প্ৰাৰম্ভিক যুগৰ উৰ্দু কবিতাৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।

ধৰ্ম[সম্পাদনা কৰক]

জনসাধাৰণৰ প্ৰধান ধৰ্ম- হিন্দু আৰু ইছলাম,[10] যদিও ষষ্ঠ শতিকালৈকে বৌদ্ধ ধৰ্ম প্ৰধান ধৰ্ম আছিল। দ্বাদশ শতিকাত চালুক্য আৰু কাকতীয়া শাসনৰ সময়ত হিন্দু ধৰ্ম পুনৰুজ্জীৱিত হয়। বিজয়নগৰ শাসন হিন্দু ধৰ্মৰ গৌৰৱজ্জ্বল সময়। বিজয়নগৰৰ শাসকসকলে, বিশেষকৈ কৃষ্ণদেৱ ৰায়ে নতুন মন্দিৰ নিৰ্মাণ কৰাৰ উপৰিও পুৰণি মন্দিৰবোৰৰ সৌন্দৰ্যবৰ্ধন কৰিছিল। শিৱ, বিষ্ণু, হনুমান আৰু গণপতি জনপ্ৰিয় হিন্দু দেৱতা। শ শ বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তৰৰ লোকক আকৰ্ষণ কৰা ৰাজ্যখনৰ আটাইতকৈ পুৰণি মন্দিৰসমূহৰ ভিতৰত যাদগিৰিগুট্টাস্থিত ৱুগ্ৰা নৰসিংহ স্বামী মন্দিৰ আৰু ৱাৰংগলৰ সহস্ৰ স্তম্ভ মন্দিৰ অন্যতম।

ৰন্ধনশৈলী[সম্পাদনা কৰক]

তেলেংগানাত দুবিধ খাদ্যপ্ৰণালী দেখা যায়- তেলেগু খাদ্য আৰু হায়দৰাবাদী খাদ্য। তেলেগু খাদ্য অন্য দক্ষিণ ভাৰতীয় খাদ্যৰ সাদৃশ্যযুক্ত; যাৰ বৈশিষ্ট্য হৈছে মচলাৰ অত্যধিক ব্যৱহাৰ। তেলেংগানা ৰাজ্যখন দাক্ষিণাত্য মালভূমিত অৱস্থিত আৰু ইয়াৰ ভূ-প্ৰকৃতিৰ অধিকমাত্ৰাৰ বজৰা আৰু ৰুটিভিত্তিক খাদ্যৰ প্ৰাচুৰ্য দেখা যায়। মহাৰাষ্ট্ৰ, ছত্তীশগড় আৰু উত্তৰ-পশ্চিম কৰ্ণাটকৰ সৈতে ইয়াৰ সান্নিধ্যৰ বাবে দাক্ষিণাত্য মালভূমিৰ খাদ্যৰ কিছু সাদৃশ্য আছে। তেলেংগানাৰ কিছুমান অনন্য খাদ্য আছে, যেনে- জ’না ৰট, ছাজা ৰট, বা উপ্পুডি পিণ্ডি।

তেলেংগানাৰ স্থাপত্য[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "A brew of Telangana culture". 16 September 2014. http://timesofindia.indiatimes.com/city/hyderabad/A-brew-of-Telangana-culture/articleshow/42575205.cms. 
  2. "Telangana State Portal Language & Culture". www.telangana.gov.in. https://www.telangana.gov.in/About/Language-Culture. 
  3. "Ganga-Jamuni tehzeeb helps maintain peace". deccanchronicle.com. 2015-07-16. http://www.deccanchronicle.com/150716/nation-current-affairs/article/ganga-jamuni-tehzeeb-helps-maintain-peace। আহৰণ কৰা হৈছে: 13 January 2016. 
  4. "Ganga-Jamuni tehzeeb: Temple serving Iftar Dates to 5 Mosques in Hyderabad". The Siasat Daily. 2015-06-26. http://www.siasat.com/news/ganga-jamuni-tehzeeb-temple-serving-iftar-dates-to-5-mosques-in-hyderabad-779534/। আহৰণ কৰা হৈছে: 13 January 2016. 
  5. "Heritage award for Hyderabad raises many eyebrows". Times of India. 2 March 2012. https://timesofindia.indiatimes.com/city/hyderabad/heritage-award-for-hyderabad-raises-many-eyebrows/articleshow/12105415.cms। আহৰণ কৰা হৈছে: 17 October 2021. 
  6. "Region-wise distribution of religious groups 2001". Table 7.3 in page 393 of SKC report. http://pib.nic.in/archieve/others/2011/jan/d2011010502.pdf। আহৰণ কৰা হৈছে: 3 June 2014. 
  7. "Urdu in Andhra Pradesh". Language in India. http://www.languageinindia.com/april2003/urduinap.html। আহৰণ কৰা হৈছে: 22 January 2013. 
  8. "Census of India – Distributions of 10,000 persons by language". www.censusindia.gov.in. http://www.censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/Statement3.htm। আহৰণ কৰা হৈছে: 14 September 2010.   – People not interested in dividing Andhra Pradesh.  সাঁচ:Cit
  9. "Sahitya Akademi award for Samala Sadasiva". The Times of India. 22 December 2011. http://timesofindia.indiatimes.com/city/hyderabad/Sahitya-Akademi-award-for-Samala-Sadasiva/articleshow/11200119.cms. 
  10. "Religion Distribution". http://pib.nic.in/archieve/others/2011/jan/d2011010502.pdf.