সমললৈ যাওক

তেহমিনা দুৰানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেহমিনা দুৰানী

১৯৯৪ চনত দুৰানী
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পত্নী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ মাৰ্চ ২০২৪
প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফ
দায়িত্বত
১০ এপ্ৰিল ২০২২ – ১৩ আগষ্ট ২০২৩
Serving with বেগম নুছৰত
প্ৰধানমন্ত্ৰী ছেহবাজ শৰিফ
পূৰ্বসূৰী বুছৰা বিবি
ব্যক্তিগত তথ্য
জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯৫৩ (৭২ বছৰ)
কৰাচী, পাকিস্তান
দাম্পত্যসঙ্গী আনিছ খান (বি. ১৯৭০; বিবাহ বিচ্ছেদ ১৯৭৬)
গোলাম মোস্তাফা খাৰ (বি. ১৯৭৬; বিবাহ বিচ্ছেদ ১৯৯০)
ছেহবাজ ছৰিফ (বি. ২০০৩)
পিতৃ শাহকুৰ উল্লাহ দুৰানী

তেহমিনা দুৰানী (ইংৰাজী: Tehmina Durrani; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৫৩) এগৰাকী পাকিস্তানী লেখিকা যি তেওঁৰ বেষ্টচেলাৰ গ্ৰন্থ মাই ফিউডেল লৰ্ডৰ বাবে পৰিচিত[1]৷ তেওঁ এগৰাকী শিল্পী, আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ তেওঁ পত্নী।

পাকিস্তানৰ কৰাচীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা পৈতৃক পষ্টুন আৰু মাতৃৰ ফালৰ পৰা মিশ্ৰিত পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰা তেহমিনা দুৰানী ষ্টেট বেংক অৱ পাকিস্তানৰ প্ৰাক্তন গৱৰ্ণৰ তথা পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক শ্বাহকুৰ উল্লা ডুৰানীৰ কন্যা আছিল। তেহমিনা দুৰানীৰ পৈতৃক পিতৃৰ নাম আছিল মেজৰ মহম্মদ জামান দুৰানী।[2]তেহমিনাৰ মাতৃ সমীনা দুৰানী পূৰ্বৰ ৰাজকীয় ৰাজ্য পাটিয়ালাৰ প্ৰধানমন্ত্ৰী নবাব ছাৰ লিয়াকত হায়াত খানৰ কন্যা। ছাৰ লিয়াকত হায়াত খানৰ ভাতৃ ছাৰ চিকন্দৰ হায়াত খান ১৯৪৭ চনৰ পূৰ্বৰ পঞ্জাৱ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰনেতা আৰু নেতা আছিল।

সোতৰ বছৰ বয়সত তেওঁ আনীছ খানক বিয়া কৰাইছিল আৰু দুয়োৰে এগৰাকী কন্যা সন্তান জন্ম হৈছিল। ১৯৭৬ চনত দুৰানী আৰু খানৰ বিবাহ বিচ্ছেদ হয়। পৰৱৰ্তী সময়ত দুৰানীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যপাল গোলাম মুস্তাফা খাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খাৰৰ ইতিমধ্যে পাঁচবাৰ বিয়া হৈছিল। দুৰানী আৰু খাৰৰ চাৰিটা সন্তান আছিল। কেইবাবছৰ ধৰি খাৰৰ নিৰ্যাতনৰ সহি তেওঁ চৈধ্য বছৰৰ পাছত খাৰৰ লগত বিবাহ[3]বিবাহ কৰে।

১৯৯১ চনত দুৰানীয়ে খাৰৰ দ্বাৰা সন্মুখীন হোৱা নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মাই ফিউডেল লৰ্ড শীৰ্ষক এখন আত্মজীৱনী লিখিছিল।[4] তেখেতে কিতাপখনত যুক্তি দিছিল যে খাৰৰ দৰে সামন্তীয় মালিকৰ প্ৰকৃত ক্ষমতা ইছলামৰ বিকৃত সংস্কৰণৰ পৰাই উদ্ভৱ হৈছে যাক নাৰী আৰু সামগ্ৰিকভাৱে সমাজৰ মৌনতাই সমৰ্থন কৰে।[5]

খাৰৰ চৰিত্ৰ উন্মোচনকাৰী এই কিতাপখনৰ প্ৰতিক্ৰিয়া হিচাপে পিতৃ আৰু মাতৃ দুয়োটা ফালৰ পৰিয়ালে তেওঁক আৰু তেওঁৰ পাঁচটা সন্তানক তেৰ বছৰ ধৰি অস্বীকাৰ কৰিছিল।[6]

দ্বিতীয় স্বামী খাৰক এৰি যোৱাৰ পৰৱৰ্তী বছৰসমূহত এটা বিশিষ্ট পৰিঘটনা আছিল ১৯৯৩ চনত চৰকাৰী দুৰ্নীতি আৰু নতুনকৈ উদ্ভাৱন হোৱা শব্দ ‘জবাবদিহিতা’ৰ (accountability)ৰ বিৰুদ্ধে দুৰানীৰ অনশন৷ সাত দিনৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ যেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী মইন কুৰাইছি তেওঁৰ ওচৰলৈ আহি তেওঁৰ উপবাস ভংগ কৰে তেতিয়াহে তেওঁৰ প্ৰতিবাদৰ অন্ত হয়৷[7]

২০১৬ চনত দুৰানী, আব্দুল ছাত্তাৰ ইধিৰ সৈতে

তেহমিনা দুৰানী সংস্থা

[সম্পাদনা কৰক]

২০১৫ চনত প্ৰতিষ্ঠা হোৱা তেহমিনা দুৰানি ফাউণ্ডেচনে (www.tehminadurranifoundation.org) ২০১৭ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে নিজৰ কাৰ্যকলাপ আৰম্ভ কৰে।[8] তেহমিনা দুৰানীয়ে বুজাইছে, "আমি এধিৰ মিছন বাছি লৈছো, য'লৈ তেওঁ গুচি গৈছিল। তেওঁৰ কৰ্তব্য আছিল জাতি আৰু ধৰ্মৰ পাৰ্থক্য নোহোৱাকৈ মানৱতাৰ সেৱা কৰা – আৰু আমাৰো উদ্দেশ্য তেনেকুৱাই।"[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "My Feudal Lord". Penguin Books Australia. https://www.penguin.com.au/books/my-feudal-lord-9780552142397। আহৰণ কৰা হৈছে: 12 June 2023. 
  2. "Happy Things in Sorrow Times – TDF" (en-US ভাষাত). www.tehminadurranifoundation.org. https://www.tehminadurranifoundation.org/happy-things-in-sorrow-times/। আহৰণ কৰা হৈছে: 2018-11-16. 
  3. "Tehmina Durrani: If he can treat his own women this way, how will he treat the nation?" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/society-the-arts/story/19910630-tehmina-durrani-if-he-can-treat-his-own-women-this-way-how-will-he-treat-the-nation-814486-1991-06-30। আহৰণ কৰা হৈছে: 2018-10-16. 
  4. BLOCH, HANNAH (20 August 2001). "The Evil That Men Do". Time. Archived from the original on 18 May 2013. https://web.archive.org/web/20130518152742/http://www.time.com/time/world/article/0,8599,170879,00.html। আহৰণ কৰা হৈছে: 9 March 2025. 
  5. "Tehmina Durrani". sawnet.org. http://www.sawnet.org/books/authors.php?Durrani+Tehmina. 
  6. "Founder TDF – TDF" (en-US ভাষাত). www.tehminadurranifoundation.org. https://www.tehminadurranifoundation.org/profile-of-the-founder-of-tdf/। আহৰণ কৰা হৈছে: 2018-10-16. 
  7. "Tehmina Durrani". tehminadurrani.com. Archived from the original on 2018-10-19. https://web.archive.org/web/20181019001647/http://tehminadurrani.com/jehad.html। আহৰণ কৰা হৈছে: 2018-10-18. 
  8. "Tehmina Durrani Launches Social Welfare Movement" (en-US ভাষাত). Newsweek Pakistan. 2017-01-10. http://newsweekpakistan.com/tehmina-durrani-launches-social-welfare-movement/. 
  9. Reporter, The Newspaper's Staff (2017-01-11). "Tehmina Durrani Foundation – 'extension of Edhi model'" (en-US ভাষাত). DAWN.COM. https://www.dawn.com/news/1307673.