তোলনি বিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তোলনি বিয়া উপলক্ষে চাৰিদিনৰ দিনা কন্যাক গা ধুৱাই বিভিন্ন নিয়ম পালন।

অসমীয়া সমাজত বহুল প্ৰচলিত এক লোক ৰীতি হৈছে তোলনি বিয়া। এগৰাকী কন্যা প্ৰথম ঋতুমতী হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে এই তোলনি বিয়া সম্পন্ন কৰা হয়।[1] ঠাইভেদে তোলনি বিয়াক নোৱাই-তোলনি বিয়া, শান্তি বিয়া, চুৱা বিয়া, প্ৰথম বিয়া, মৌচুমী বিয়া আদি নামেৰেও জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

নীতি-নিয়ম[সম্পাদনা কৰক]

অসমীয়া সমাজত ঠাই অনুসৰি বিভিন্ন নীতি নিয়মৰে এই বিয়া অনুষ্ঠিত কৰা হয়। সাধাৰণতে কন্যা এগৰাকীৰ প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ চাৰিদিনৰ দিনা আয়তীসকলৰ সহযোগিতাত চাৰিদিনীয়া গা-ধোৱা কাৰ্যসূচী সম্পন্ন কৰা হয়। সেইদিনা কানাই লোৱাকে আদি কৰি সাংকেতিক ৰূপত কলপুলি বা তামোল পুলি ৰোৱা হয়।[2] এই পুলিটো কন্যা গৰাকীৰ ভৱিষ্যতে হ'ব লগা স্বামী বুলি ধৰা হয় আৰু সাত দিনৰ দিনা আনুষ্ঠানিকভাৱে এই কল বা তামোল পুলিটোৰ সৈতে কন্যা গৰাকীৰ বিবাহ সম্পন্ন কৰা হয়। এই বিয়াক অসুচি বা চুৱা বিয়া বুলিও কোৱা হয়।

প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছত প্ৰচলিত নিয়ম অনুসৰি কন্যাগৰাকীক চাদৰ-মেখেলা পৰিধান কৰাই মাটিত খেৰৰ বিছনা কৰি শুবলৈ দিয়া হয়। খাদ্যৰ ক্ষেত্ৰটো বিশেষ নীতি নিয়মৰে গুৰু অহাৰ গ্ৰহণৰ পৰা বিৰত ৰখা হয়। এই অনুষ্ঠানটো প্ৰধানত মহিলাৰ দ্বাৰা সম্পন্ন কৰা হয়। পূৰ্বতে পুৰুষৰ অংশগ্ৰহণ সম্পূৰ্ণ বৰ্জনীয় আছিল যদিও বৰ্তমান পুৰুষ-মহিলা উভয়ৰে অংশগ্ৰহণত বৰ জাকজমতাৰে এই বিয়া অনুষ্ঠিত কৰা দেখা যায়।[3]

ঋতুমতি হ'লে পালন কৰা নিয়মখিনিৰ মাজত কিছুমান নিয়মৰ বৈজ্ঞানিক ভিত্তি নথকা নহয়। গাঁৱৰ গোপিনীসকলে গৈ ছোৱালীজনিক ঋতুমতী হোৱাৰ পিছত পালন কৰিবলগীয়া নিয়মবোৰ শিকায়। লগতে যৌৱন প্ৰাপ্তিৰ পাছত ল'ব লগা সাৱধানতা বা পৰিষ্কাৰ-পৰিচ্ছন্নতাখিনি নিয়মৰ মাজেৰে জানায়।

সেই সময়ত গোপিনীসকলে ছোৱালীজনীৰ ঘৰত কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰিছিল। অতীতৰ পৰা প্ৰচলন হৈ অহা এই বিবাহ "পায়-নাপায়" বিচাৰৰ মাজেৰে পৰিচালিত। এজনী নাবালিকাৰ প্ৰথম ঋতুমতী হোৱাৰ প্ৰাকৃতিক কাৰণ আৰু তাৰ বাবে বিজ্ঞান সন্মতভাৱে ল’বলগা স্বাস্থ্য, খাদ্য, জিৰণি, সুৰক্ষা আদি প্ৰয়োজনীয় বিষয়সমূহ বিশেষকৈ নিজৰ পৰিয়াল আৰু সমাজৰ জেষ্ঠা মহিলাসকলৰ দ্বাৰা কিছু সাংকেতিক তথা প্ৰতীকী ব্যৱস্থাৰে বুজনি দিয়া হয়। সেয়ে এই বিয়াক যৌন শিক্ষাৰ আদি পাঠ বুলি কোনো কোনোৱে মত পোষণ কৰে।

বৰ বিয়াৰ দৰেই তোলনি বিয়াটো পানীটোলা অনুষ্ঠানৰ পিছত কইনাক নোৱাই-ধুৱাই নতুন চাদৰ-মেখেলা পিন্ধাই সমাজলৈ আগবঢ়াই অনা হয়। সমাজত গাঁৱৰ গোপিনীয়ে বিয়ানাম জুৰি কনাই (কইনাৰ ভৱিষ্যতে হ'ব লগা সন্তানৰ প্ৰতীকী ৰূপ, সাধাৰণতে এযোৰ দিমৰুৰ গুটি) কোলাত লৈ এগৰাকীয়ে আনগৰাকীৰ মুখত পিঠাগুৰি ঘঁহে আৰু বিহু নাম জুৰি নাচি-বাগি ৰং-ধেমালি কৰে।[2][4] অসমৰ বিভিন্ন অঞ্চলত এই নীতি-নিয়মসমূহ বেলেগ-বেলেগ হোৱা দেখা যায়।

এই বিয়াক অসমীয়া পৰম্পৰা বা লোক সংস্কৃতি বুলি গণ্য কৰা হয়। অসমীয়া সমাজে দুহিতাৰ প্ৰথম ৰজস্বলা হোৱা বিষয়টোক সৰু বিয়া হিচাপে আনুষ্ঠানিকতা পালন কৰাটো ধাৰ্মিক বা সামাজিক কৰ্তব্য হিচাপে মানে।

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]