ত্ৰিধা চৌধুৰী
| ত্ৰিধা চৌধুৰী | |
|---|---|
| জন্ম | ২২ নৱেম্বৰ, ১৯৯৩ (৩২ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত[1] |
| শিক্ষানুষ্ঠান | এম.পি. বিৰলা ফাউণ্ডেচন উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্কটিছ চাৰ্চ কলেজ, কলকাতা |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
| জনা যায় | দেহলীজ |
ত্ৰিধা চৌধুৰী (ইংৰাজী: Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে।[2] তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।[3] তেওঁৰ অভিনীত প্ৰথমখন চলচ্চিত্ৰ আছিল ২০১৩ চনত সৃজিত মুখোপাধ্যায়ৰ পৰিচালনাত নিৰ্মিত ছবি, মিছৰ ৰহস্য। ২০১৬ চনৰ ১৪ মাৰ্চত, ষ্টাৰপ্লাছ চেনেলত প্ৰিমিয়াৰ হোৱা ধাৰাবাহিক, দেহলীজত অভিনয়েৰে তেওঁ টেলিভিছনতো অভিষেক ঘটায়।[4]
তেওঁ ২০২০ চনত, এমাজন প্ৰাইম ভিডিঅ’ৰ ৱেব ধাৰাবাহিক, বেণ্ডিছ বেণ্ডিটছ আৰু এমএক্স প্লেয়াৰৰ মৌলিক ৱেব ধাৰাবাহিক, আশ্ৰমত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পশ্চিমবংগৰ কলকাতা চহৰত চৌধুৰীৰ জন্ম হৈছিল।[1] এম. পি. বিৰলা ফাউণ্ডেচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে।[5] তেওঁ আচলতে এগৰাকী অণুজীৱবিজ্ঞানী (Microbiologist)।[6]
সংবাদ মাধ্যম
[সম্পাদনা কৰক]চৌধুৰীয়ে ২০২০ চনত, দ্য টাইম্ছ অৱ ইণ্ডিয়াৰ "মʼষ্ট ডিজায়াৰেবল উইমেন লিষ্ট" শীৰ্ষক তালিকাত ত্ৰয়োদশ স্থান লাভ কৰিছিল।[7]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | ভাষা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৩ | মিছৰ ৰহস্য | ৰিনি | বাংলা | ||
| ২০১৪ | যদি লাভ দিলে না প্ৰাণে | আহেলী | |||
| খাদ | মেঘনা | ||||
| ২০১৫ | সূৰ্য বনাম সূৰ্য | সঞ্জনা | তেলেগু | [8] | |
| মেৰী খ্ৰীষ্টমাছ | ৰিয়া | বাংলা | [9] | ||
| ২০১৬ | খাওতো | সোহাগ | |||
| ২০১৮ | মানাচুকু নাচিন্দি | নিকিতা | তেলেগু | [8] | |
| ২০১৯ | শেষ থেকে শুৰু | ইয়াচমিন | বাংলা | ||
| চেভেন | প্ৰিয়া | তেলেগু/তামিল | |||
| ২০২০ | অনুকুন্নাদি ওকাতি আয়িনাদি ওকাতি | ত্ৰিধা | তেলেগু | ||
| হাবা গোবা | নন্দিনী | হিন্দী | চুটি চলচ্চিত্ৰ | [উদ্ধৃতিৰ প্ৰয়োজন] | |
| ২০২২ | এৰেঞ্জড্ | ৰিচা | হিন্দী | চুটি চলচ্চিত্ৰ | [10] |
| ২০২৪ | বুমেৰাং | ৰাধা | বাংলা | [11] |
দূৰদৰ্শন
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১৬ | দেহলীজ | স্বাধীন্তা সিনহা |
ৱেব ধাৰাবাহিক
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ |
|---|---|---|
| ২০১৭ | স্পটলাইট | ছানা সান্যাল |
| ২০১৮ | সেই যে হলুদ পাখি | বৈদেহী |
| দুল্হা ৱাণ্টেড | আৰতি | |
| ২০২০ | আশ্ৰম | ববিতা |
| দ্য চাৰ্জশ্বীট: ইন্নʼচেণ্ট অৰ গিল্টী? | অন্তৰা দীক্ষিত | |
| বেণ্ডিছ বেণ্ডিটছ | সন্ধ্যা | |
| ২০২৩ | চিন - হুইস্পাৰ্চ অফ গিল্ট | ৰুমী |
সংগীত ভিডিঅʼ
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | কণ্ঠশিল্পী | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০২২ | ধোকেবাজ | আফছানা খান | [12] |
| ২০২৩ | তেৰে মেৰে | অসীস কৌৰ, ষ্টেবিন বেন | [13] |
| ধোঁৱা ধোঁৱা | নাকাশ আজিজ | [14] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Birthday Special! Tridha Choudhury is a sight to behold in her Instagram PHOTOS". The Times of India. 22 November 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/birthday-special-tridha-choudhury-is-a-sight-to-behold-in-her-instagram-photos/photostory/72183179.cms। আহৰণ কৰা হৈছে: 25 May 2021.
- ↑ "Tridha Choudhury Gives Golden Hour In Dubai A Fierce Touch With Her Very Own Golden Swimsuit". Swirlster. Archived from the original on 2023-10-26. https://web.archive.org/web/20231026003503/https://swirlster.ndtv.com/style/tridha-choudhury-gives-golden-hour-in-dubai-a-fierce-touch-with-her-very-own-golden-swimsuit-2870176?tblci=GiAOcu3_EfzSrwMjj6k6k7SO8Z1f6XZ5YqmyUMJEnNWTYSDQ1z4o9obOhf-t4_8y। আহৰণ কৰা হৈছে: 2025-01-19.
- ↑ Zinia Sen (15 November 2011). "Clean & Clear Calcutta Times Fresh Face's grand finale". The Times of India. http://timesofindia.indiatimes.com/entertainment/events/kolkata/Clean-Clear-Calcutta-Times-Fresh-Faces-grand-finale/articleshow/10737448.cms। আহৰণ কৰা হৈছে: 25 May 2021.
- ↑ "Ashram's Babita Bhabhi got her shirt opened and bold photoshoot done, see picture - News Hindian" (en-US ভাষাত). 21 October 2022. https://news.hindian.net/entertainment/babita-bhabhi-got-her-shirt-opened-and-bold-photoshoot-done-see-picture/। আহৰণ কৰা হৈছে: 21 October 2022.
- ↑ "Crowning glory for rising stars". The Times of India. 15 November 2011. http://timesofindia.indiatimes.com/entertainment/events/kolkata/Crowning-glory-for-rising-stars/articleshow/10737688.cms। আহৰণ কৰা হৈছে: 25 May 2021.
- ↑ Tridha Choudhury On Her Acting Career. Youtube. 21 August 2021. Retrieved 18 October 2023.
- ↑ "The Times Most Desirable Women of 2020 - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/the-times-most-desirable-woman-of-2020-rhea-chakraborty-living-through-a-trial-by-fire-gracefully/articleshow/83312150.cms। আহৰণ কৰা হৈছে: 7 August 2021.
- ↑ 8.0 8.1 "Tridha debuts in South love story". The Times of India. 11 January 2017. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Tridha-debuts-in-South-love-story/articleshow/21594760.cms। আহৰণ কৰা হৈছে: 25 May 2021.
- ↑ "Merry Christmas, Short Film on Home Delivery Experience". 23 December 2015. https://www.youtube.com/watch?v=eXuJSxFV7uQ.
- ↑ "Arranged Review: Rithvik & Tridha shine in this thought-provoking drama", The Times of India, https://timesofindia.indiatimes.com/web-series/reviews/hindi/arranged/ottmoviereview/90434182.cms, আহৰণ কৰা হৈছে: 10 May 2022
- ↑ "Jeet: প্ৰসেনজিতেৰ পৰেই জিৎ! শৌভিকেৰ আগামী দু'টি ছবিৰ নায়ক 'ৰাবণ'?". https://www.anandabazar.com/entertainment/jeet-will-be-the-hero-of-sauvik-kundus-next-two-films-dgtl/cid/1345064.
- ↑ "Vivek Oberoi and Tridha Choudhury come together for Jaani's new song Dhokebaaz" (en ভাষাত). Firstpost. 29 April 2022. https://www.firstpost.com/entertainment/vivek-oberoi-and-tridha-choudhury-come-together-for-jaanis-new-song-dhokebaaz-10615541.html। আহৰণ কৰা হৈছে: 10 May 2022.
- ↑ "DRJ Records releases 'Tere Mere' by Javed-Mohsin featuring Gurmeet Choudhary & Tridha Choudhary". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/life-style/spotlight/drj-records-releases-tere-mere-by-javed-mohsin-featuring-gurmeet-choudhary-tridha-choudhary/articleshow/98754136.cms?from=mdr.
- ↑ "वेब सीरीज 'आश्रम' की त्रिधा चौधरी अब 'धुआं-धुआं' से मचाएंगी धमाल, इंटरनेट पर छाया अंडरवाटर VIDEO" (hi ভাষাত). News18 हिंदी. 2 February 2023. https://hindi.news18.com/news/entertainment/viral-social-web-series-ashram-fame-tridha-choudhury-now-rock-the-internet-with-dhuan-dhuan-song-her-underwater-video-viral-5321599.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ত্ৰিধা চৌধুৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| ৱিকিমিডিয়া কমন্সত ত্ৰিধা চৌধুৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |