ত্ৰিশংকু
| ত্ৰিশংকু | |
|---|---|
ইন্দ্ৰই ত্ৰিশংকুক দেহসহ স্বৰ্গলৈ উঠিবলৈ বাধা দিছে। বাল্মীকিৰ ৰামায়ণৰপৰা। | |
| সন্তান | হৰিশ্চন্দ্ৰ |
| হিন্দু পাঠ্য | ৰামায়ণ |
ত্ৰিশংকু (সংস্কৃত: त्रिशङ्कु), জন্মনাম সত্যব্ৰত, সূৰ্য্যবংশ (সৌৰ বংশ)ৰ এজন ৰজা যি হিন্দু গ্ৰন্থসমূহত বৰ্ণিত হৈছে। তেওঁৰ কিংবদন্তি ৰামায়ণমহাকাব্যত বৰ্ণনা কৰা হৈছে। তেওঁ ৰজা হৰিশ্চন্দ্ৰৰ পিতৃ।[1]
ব্যুৎপত্তি
[সম্পাদনা কৰক]ত্ৰিশংকু নামটো সংস্কৃত শব্দ ত্ৰি অৰ্থাৎ 'তিনি' আৰু শংকু (शङ्कु) অৰ্থাৎ 'খুঁটা'ৰ সমষ্টি, এইবাবে এই নামৰ অৰ্থ 'তিনি খুঁটা', যি সম্ভৱতঃ দক্ষিণ আকাশৰ এক নক্ষত্ৰমণ্ডলৰ তৰাৰ সজ্জাক বুজায়।[2]
কিংবদন্তি
[সম্পাদনা কৰক]পুৰাণ
[সম্পাদনা কৰক]বশিষ্ঠৰ অভিশাপ
[সম্পাদনা কৰক]কিংবদন্তি অনুসৰি, সত্যব্ৰত আছিল এজন অধাৰ্মিক আৰু কামুক ৰাজকুমাৰ। বিবাহ অনুষ্ঠানৰ পৰা এগৰাকী ব্ৰাহ্মণ কন্যাক অপহৰণ কৰাৰ বাবে তেওঁক তেওঁৰ পিতৃ ত্ৰয়্যাৰুণে নিৰ্বাসন দিছিল বুলি লিপিবদ্ধ আছে। শাস্তিৰ বিধানৰ বাবে ৰাজগুৰু বশিষ্ঠক দোষাৰোপ কৰি, সত্যব্ৰতে তেওঁৰ প্ৰতি প্ৰবল ঘৃণা পোষণ কৰিছিল। বৰ্ণনা অনুসৰি তেওঁ গুৰুৰ পৰম্পৰাগত প্ৰতিদ্বন্দ্বী বিশ্বামিত্ৰক বহুত সহায় কৰিছিল, যেতিয়া ঋষি বিশ্বামিত্ৰৰ পৰিয়াল ক্ষুধাত ভুগিছিল। এবাৰ এক প্ৰচণ্ড খৰাঙৰ সময়ত সত্যব্ৰতই তেওঁলোকক প্ৰতিদিনে খাদ্য যোগান ধৰিছিল। এদিনীয় চিকাৰ কৰিবলৈ গৈ কোনো চিকাৰ বিচাৰি নোপোৱাত, ক্ষুধাৰ্ত ৰাজকুমাৰে বশিষ্ঠৰ মৰমৰ গৰু নন্দিনীক লগ পাইছিল। তেওঁ প্ৰতিশোধমূলকভাৱে গৰুজনীক বধ কৰি, তাক ৰান্ধি, ছলেৰে, এই বিষয়ে একো ভূ নোপোৱা বিশ্বামিত্ৰৰ নিৰ্দোষ পৰিয়ালক তাৰ মাংস আগবঢ়াইছিল। যেতিয়া বশিষ্ঠই কি ঘটিছিল গম পাইছিল, তেওঁ ৰাজকুমাৰক চণ্ডাল হ'বলৈ অভিশাপ দিছিল আৰু ঘোষণা কৰিছিল যে তেতিয়াৰ পৰা তেওঁক ত্ৰিশংকু (তিনি পাপ) বুলি কোৱা হ'ব, যি তেওঁৰ পিতৃৰ ক্ৰোধ উৎপাদন, আন পুৰুষৰ কন্যা অপহৰণ, আৰু গৰুৰ মাংস ভক্ষণ— এই তিনি কৰ্মৰ প্ৰতি ইংগিত কৰিব।[3]
স্বৰ্গাৰোহণ
[সম্পাদনা কৰক]
ত্ৰিশংকুৰ স্বৰ্গাৰোহণৰ কাহিনী বাল্মীকি ৰামায়ণৰ বালকাণ্ড অংশত কোৱা হৈছে। ঋষি বিশ্বামিত্ৰই ৰজাক স্বৰ্গ (দৈৱিক দেৱতাসকলৰ আবাস)ত স্থান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ঋষিয়ে ইয়াৰ বাবে এক যজ্ঞ কৰিছিল, পিছে ঋষি বশিষ্ঠৰ নিৰ্দেশনাৰ বাবে আন ঋষিসকলে যোগ দিয়া নাছিল। ঋষিৰ অনুষ্ঠানৰ শক্তিৰ বাবে, ৰজা স্বৰ্গৰ দুৱাৰলৈ উঠিছিল। দেৱতাসকলে ইন্দ্ৰক এই কথা জনালে আৰু দেৱৰাজ ইন্দ্ৰই তেওঁৰ বেয়া কৰ্মৰ বাবে ক্ৰোধিত হৈ ত্ৰিশংকুক আবাসৰ পৰা লাথি মাৰি পৃথিৱীলৈ তল নমাই পঠিয়ালে। বিশ্বামিত্ৰই তেওঁৰ অৱতৰণৰ মাজপথত তেওঁৰ পতন ৰোধ কৰিলে, আৰু ৰজা বতাহত ওলমি থাকিল। অগত্যা, ইন্দ্ৰই ত্ৰিশংকুক বসবাস কৰিবলৈ নিজৰ স্বৰ্গৰ তলত এখন নতুন স্বৰ্গ সৃষ্টি কৰি দিলে। প্ৰত্যুত্তৰত, বিশ্বামিত্ৰই ৰজাৰ সৈতে নতুন স্বৰ্গত বাস কৰিবলৈ এজন নতুন ইন্দ্ৰ আৰু দেৱতাগণ সৃষ্টি কৰিলে। ঋষিৰ শক্তিত ভীত হৈ, ইন্দ্ৰই নিজৰ সোণালী বিমানত ত্ৰিশংকুক ব্যক্তিগতভাৱে প্ৰকৃত স্বৰ্গলৈ লৈ গৈ স্থাপন কৰিলে।[4][5]
ৰামায়ণ
[সম্পাদনা কৰক]ৰামায়ণ অনুসৰি, ত্ৰিশংকুক ইক্ষ্বাকু বংশৰ এজন আত্মসংযমী, সত্যবাদী, আৰু ধাৰ্মিক ৰজা বুলি বৰ্ণনা কৰা হৈছে যি নিজৰ দেহসহ স্বৰ্গলৈ উঠিব বিচাৰিছিল।[6]
তেওঁ ইক্ষ্বাকু বংশৰ মুখ্য পুৰোহিত বশিষ্ঠৰ ওচৰলৈ গৈছিল, আৰু পিছত পুৰোহিতৰ পুত্ৰসকলৰ ওচৰলৈ গৈ সুধিছিল যে তেওঁলোকে এনে স্থান পাবলৈ সহায় কৰিবলৈ যজ্ঞ পালন কৰিব নে। বশিষ্ঠ আৰু তেওঁৰ পুত্ৰ দুয়ো ত্ৰিশংকুৰ অনুৰোধ অসম্ভৱ বুলি প্ৰত্যাখ্যান কৰিছিল।[7] যেতিয়া ত্ৰিশংকুই বশিষ্ঠৰ পুত্ৰসকলক তেওঁৰ লক্ষ্য অৰ্জনৰ বাবে আন কোনো উপায় দিয়াৰ কথা কৈছিল, তেওঁলোকে ক্ৰোধিত হৈ তেওঁক অভিশাপ দিছিল যাতে তেওঁৰ চণ্ডাললৈ শাৰীৰিক ৰূপান্তৰ হয়।[8]
এই ৰূপান্তৰণৰ বাবে সকলোৱে পৰিত্যাগ কৰাত, ৰজাই তাৰ পিছত বিশ্বামিত্ৰৰ সহায় আৰু আশ্ৰয় বিচাৰে, যি দয়া কৰি তেওঁৰ বাবে যজ্ঞ কৰিবলৈ সন্মত হয়।[9] যেতিয়া তেওঁ যজ্ঞত আহুতি দিছিল, আহুতি ল’বলৈ কোনো দেৱতা নিজৰ ভাগ ল'বলৈ অহা নাছিল। ইয়াত ক্ৰোধিত হৈ, বিশ্বামিত্ৰই নিজৰ তপস্যাৰ শক্তিৰে ৰজাক স্বৰ্গলৈ তুলি নিলে।[10]
ৰজা স্বৰ্গত উপস্থিত হোৱা মাত্ৰকে, ইন্দ্ৰ আৰু আন দেৱতাসকলে তেওঁক বাহিৰ কৰি দিয়ে কিয়নো তেওঁ চণ্ডাল আছিল আৰু এনেদৰে দেহসহ স্বৰ্গলৈ উঠাৰ অযোগ্য বুলি গণ্য কৰা হৈছিল।[11]
অৱশেষত, ইন্দ্ৰৰ কৰ্তৃত্ব ক্ষুণ্ণ কৰাৰ ভাবুকি দি ক্ৰোধান্বিত বিশ্বামিত্ৰই নিজৰ তপস্যাৰ শক্তিৰে সৃষ্টি কৰে নতুন তৰা, নক্ষত্ৰমণ্ডল, আৰু আনকি দেৱতাসকলৰ মাজত ত্ৰিশংকু ৰজাৰ বাবে এক স্থান সুৰক্ষিত কৰে, যদিও তেওঁৰ মূৰ তললৈ হৈ থাকে।[12]
তৈত্তিৰীয় উপনিষদ
[সম্পাদনা কৰক]তৈত্তিৰীয় উপনিষদৰ শিক্ষা বল্লীত ত্ৰিশংকুৰ নামত দিয়া শিক্ষা অন্তৰ্ভুক্ত আছে
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ J A Coleman (2015). The Dictionary of Mythology. পৃষ্ঠা. 456. http://archive.org/details/dictionaryofmyth.
- ↑ "Crux - Trishanku". Space Yuga. 10 Feb 2010. Archived from the original on 30 January 2012. https://web.archive.org/web/20120130045439/http://spaceyuga.com/crux-constellation-hindu-mythological-name-trishanku/। আহৰণ কৰা হৈছে: 15 June 2011.
- ↑ www.wisdomlib.org (2019-01-28). "Story of Triśaṅku" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242012.html। আহৰণ কৰা হৈছে: 2023-02-01.
- ↑ www.wisdomlib.org (2019-01-28). "Story of Triśaṅku" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242012.html। আহৰণ কৰা হৈছে: 2022-10-25.
- ↑ Hari Prasad Shastri (English ভাষাত). The Ramayana of Valmiki, translated by Hari Prasad Shastri - 3 Volumes Combined - 1709 Pages, with complete Outline. পৃষ্ঠা. 115. http://archive.org/details/The.Ramayana.of.Valmiki.by.Hari.Prasad.Shastri.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 109, 110.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 109–110.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 110.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 110–111.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 112.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 112.
- ↑ Goldman, Robert; Goldman, Sally (2021). The Rāmāyaṇa of Vālmīki: The Complete English Translation. Princeton University Press. পৃষ্ঠা. 112.