ত্ৰুপ্তি দেশাই
| ত্ৰুপ্তি দেশাই | |
|---|---|
| জন্ম | ১২ ডিচেম্বৰ,১৯৮৫ নিপানী , কৰ্ণাটক , ভাৰত |
| পেচা | সমাজ কৰ্মী |
| জনা যায় | প্ৰতিষ্ঠাপক, ভূ-মাতা ব্ৰিগেড আৰু ভূ-মাতা ফাউণ্ডেশ্যন। |
| দাম্পত্যসঙ্গী | প্ৰশান্ত দেশাই |
| সন্তান | ১ |
ত্ৰুপ্তি দেশাই ইংৰাজী: Trupti Desai (জন্ম ১২ ডিচেম্বৰ ১৯৮৫) এজন ভাৰতীয় সমাজ কৰ্মী আৰু পুনে ভিত্তিক সংস্থা ভূ-মাতা ব্ৰিগেড আৰু ভু-মাতা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। দেশাইয়ে মহাৰাষ্ট্ৰৰ ধৰ্মীয় স্থান যেনে শনি শিংনাপুৰ মন্দিৰ (Shani Shingnapur Temple) হাজী আলী দৰগাহ, মহালক্ষ্মী মন্দিৰ, কলহাপুৰ, ত্ৰিম্বকেশ্বৰ শিৱ মন্দিৰ আদি আৰু শেহতীয়াকৈ কেৰালাৰ সবৰীমালা মন্দিৰ আদিৰ দৰে ধৰ্মীয় অনুষ্ঠানত মহিলাসকলক প্ৰবেশৰ অনুমতি দিয়াৰ বাবে প্ৰচাৰ চলাই আছে। ২০১২ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পুনে পৌৰ নিগম নিৰ্বাচনৰ প্ৰাৰ্থী আছিল। ২০২১ চনত [[বিগ বছ মাৰাঠী (চিজন- ৩)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]দেশাই ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ নিপানী নামৰ ঠাই ডোখৰত ১৯৮৫ চনৰ ১২ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল।[1][2]তেখেতৰ দেউতাকে পৰিয়াল এৰি আশ্ৰমলৈ গুচি গৈছিল, তেখেতৰ মাকে দুজন ভাই-ভনীৰ সৈতে তেওঁক ডাঙৰ-দীঘল কৰিছিল।[3]তেওঁ এছ. এন. ডি. টি. মহিলা বিশ্ববিদ্যালয়,পুনেত গৃহ বিজ্ঞান অধ্যয়ন কৰিছিল যদিও পৰিয়ালৰ সমস্যাৰ বাবে প্ৰথম বৰ্ষৰ পিছত বন্ধ কৰি দিয়ে।[4]২০০৬ চনত দেশাই প্ৰশান্ত দেশাইৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু এজন পুত্ৰ সন্তান জন্ম হয়। তেখেতৰ স্বামী প্ৰশান্ত দেশাইৰ মতে শ্ৰীমতী দেশাই এগৰাকী "অত্যন্ত আধ্যাত্মিক" আৰু কলহাপুৰৰ গগাংগীৰি মহাৰাজৰ অনুগামী।[5]
কাৰ্যকাৰিতা
[সম্পাদনা কৰক]২০০৩ চনত দেশাই ক্ৰান্তিবীৰ ঝোপদী বিকাশ সংঘৰ (Krantiveer Jhopdi Vikas Sangh) সৈতে সমাজকৰ্মী হিচাপে বস্তিবাসীক পুনৰ সংস্থাপন কৰাত সহায় কৰিছিল।[1]২০০৭ চনৰ পৰা ২০০৯ চনলৈকে দেশাইয়ে অজিত সমবায় বেংকৰ প্ৰৱঞ্চনাৰ আৰু আৰ্থিক অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ২০০৯ চনৰ জানুৱাৰী মাহত তেওঁ মহাৰাষ্ট্ৰৰ তেতিয়াৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিৰুদ্ধে এটা গোটৰ নেতৃত্ব দিয়ে। পাৱাৰৰ প্ৰতিমূৰ্তিত চৰ মাৰি, গালি-গালাজ কৰা আৰু অবৈধ ভাবে আন্দোলন কৰা অপৰাধত ২০১৩ চনত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছিল।[6]এই গ্ৰেপ্তাৰ কৰ্মীসকলক প্ৰতিবাদত বাধা দিয়াৰ কৌশল বুলি দাবী কৰি দেশাইক ততাতৈয়াকৈ জামিনত মুকলি কৰি দিয়া হয়।[6]২০১০ চনৰ ২৭ ছেপ্টেম্বৰত তেওঁ ভূ-মাতা ব্ৰিগেড প্ৰতিষ্ঠা কৰে। প্ৰতিষ্ঠাৰ পিছৰে পৰা ব্ৰিগেডটোৰ সদস্য সংখ্যা ২০১৬ চনলৈ পঞ্জীয়নভুক্ত সদস্য ৪০০ৰ পৰা ৫,০০০লৈ বৃদ্ধি পায়।[1] ২০১১ চনত তেওঁ ভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলনতো অংশ লৈছিল।[7]২০১২ চনৰ নিৰ্বাচনত বালাজী নগৰ ৱাৰ্ডৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে পুনে পৌৰ নিগমৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদি তেওঁ পৰাজয় হয়।[7]
ধৰ্মীয় স্থিতি
[সম্পাদনা কৰক]২০১৫ চনৰ নৱেম্বৰ মাহত এগৰাকী মহিলাই শনি শিংনাপুৰ হিন্দু মন্দিৰত প্ৰৱেশ কৰিছিল, য'ত মহিলাক অনুমতি দিয়া হোৱা নাছিল। মন্দিৰৰ পুৰোহিতসকলে সেই সময়ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীজনক নিলম্বন কৰি প্ৰতিমাটোৰ শোধন অনুষ্ঠান কৰি লৈছিল। ইয়াৰ বাবে দেশাই আন্দোলন কৰিছিল, তেওঁৰ ব্ৰিগেডৰ আন সদস্যসকলৰ সৈতে বিভিন্ন ধৰণৰ বলপূৰ্বকভাৱে মন্দিৰত প্ৰৱেশৰ চেষ্টা কৰিছিল। ৰাজ্য চৰকাৰ আৰু পুনেৰ জিলা পৰ্যায়ৰ আদালতে মন্দিৰৰ বিষয়াসকলক তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ ভিত্তিত মহিলাসকলক মন্দিৰত প্ৰৱেশৰ অনুমতি দিবলৈ নিৰ্দেশ দিয়ে। সেয়েহে ২০১৬ চনৰ ৮ এপ্ৰিল তাৰিখে গুডি পদৱা (Gudi Padwa) —মহাৰাষ্ট্ৰীয় পঞ্জিকাৰ নতুন বছৰৰ দিন হিচাপে উদযাপন কৰা দিনটোত ব্ৰিগেডৰ অন্যান্য মহিলা সদস্যসকলৰ সৈতে দেশাই শনি শিংনাপুৰ মন্দিৰৰ মন্দিৰত প্ৰৱেশ কৰে।[3]শিংনাপুৰ প্ৰৱেশৰ পিছত দেশাই কলহাপুৰৰ [[মহালক্ষ্মী মন্দিৰত উপস্থিত হয় য'ত মন্দিৰ পৰিচালনা সমিতিয়ে তেওঁক প্ৰৱেশৰ অনুমতি দিয়ে যদিও পুৰোহিতসকলে তেওঁৰ বিৰুদ্ধে বিদ্বেষী ৰূপ লয়।.[3]দেশাই আৰু প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ অপৰাধত ৫ জন পুৰোহিত গ্ৰেপ্তাৰ হয়।[8]নাশিকৰ ওচৰৰ ত্ৰিম্বকেশ্বৰ শিৱ মন্দিৰৰ ভিতৰ ভাগতো প্ৰৱেশ কৰিছিল আৰু এই যাত্ৰাত তেওঁক আৰক্ষীয়ে শান্তিপূৰ্ণভাৱে সহায় কৰিছিল, কেৱল মন্দিৰত প্ৰৱেশৰ নিয়ম অনুসৰি পুৰুষৰ দৰে তিতা কাপোৰ পিন্ধি প্ৰৱেশ কৰিব লগা হৈছিল।[3]২০১৬ চনৰ এপ্ৰিল মাহত তেওঁ মুম্বাইৰ হাজী আলী দৰগাহত প্ৰৱেশ কৰাৰ প্ৰয়াস কৰিছিল; আৰু সৰু গোট এটাই ইয়াক সফল কৰি তুলিছিল। দেশাই জনাইছিল যে তেওঁ পুনৰ দৰগাহত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে তেওঁক প্ৰাণেমৰা ভাবুকি দিয়া হয়।[9]২০১৬ চনৰ ১২ মে’ত দ্বিতীয়বাৰৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজত মছজিদত প্ৰৱেশ কৰে যদিও ভিতৰত ভাগত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়।[10]২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁ মণ্ডলাম-মকাৰবিলাক তীৰ্থযাত্ৰীৰ সময়ত কেৰালাৰ সবৰীমালা মন্দিৰ প্ৰৱেশৰ বিফল প্ৰচেষ্টা চলাইছিল। মন্দিৰটোত ১৯৯১ চনৰ পৰা আইনী লগতে ধৰ্মীয় নিষেধাজ্ঞা আছিল যে ঋতুস্ৰাৱ বয়সৰ (প্ৰায় ১০–৫০ বছৰ) মহিলাৰ প্ৰৱেশত নিষেধ যিটো ২০১৮ চনৰ অক্টোবৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ জৰিয়তে বাতিল কৰা হৈছিল। ৰায়দান অহাৰ পিছত ঋতুস্ৰাৱ বয়সৰ মহিলাৰ এটা গোটে মন্দিৰলৈ যোৱাৰ চেষ্টা কৰিছিল, যদিও প্ৰতিবাদৰ বাবে তেওঁলোক সফল নহ'ল।.[11]১৬ নৱেম্বৰ ২০১৮ তাৰিখে সবৰীমালালৈ যাত্ৰা পথত দেশাইকো কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰতিবাদকাৰীয়ে বাধা দিছিল, ১৪ ঘণ্টাৰো অধিক সময় বিমানবন্দৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ পিছত তেওঁ উভতি অহাৰ সিদ্ধান্ত লয় আৰু পুনৰ ঘূৰি অহাৰ প্ৰতিজ্ঞা কৰে যদিও সেয়া হৈ নুঠিল।[12]
উৎস
[সম্পাদনা কৰক]- 1 2 3 Goyal, Prateek (30 January 2016). "Meet Bhumata Brigade's Trupti Desai: Devout Hindu, aggressive activist". The News Minute. http://www.thenewsminute.com/article/meet-bhumata-brigades-trupti-desai-devout-hindu-aggressive-activist-38331। আহৰণ কৰা হৈছে: 7 february 2025.
- ↑ Biographia (2018-10-24). "Trupti Desai Wiki-Age-Height-Husband-Controversies and More" (en-US ভাষাত). Biographia. Archived from the original on 2019-11-16. https://web.archive.org/web/20191116220659/https://www.biographia.co.in/trupti-desai/। আহৰণ কৰা হৈছে: 2025-02-07.
- 1 2 3 4 Anand, Geeta; Raj, Suhasini (29 April 2016). "Forging a Path for Women, Deep Into India's Sacred Shrines". The New York Times. https://www.nytimes.com/2016/04/30/world/asia/forging-a-path-for-women-deep-into-indias-sacred-shrines.html?ref=world&_r=0। আহৰণ কৰা হৈছে: 4 May 2016.
- ↑ "Shani Shingnapur temple entry ban row: Who is Bhumata Ranragini Brigade's chief Trupti Desai?". Zee News. 26 January 2016. http://zeenews.india.com/news/india/shani-shingnapur-temple-entry-ban-row-meet-bhumata-ranragini-brigade-chief-trupti-desai-who-is-leading-protest_1849352.html। আহৰণ কৰা হৈছে: 7 february 2025.
- ↑ Alexander, Sneha (2018-11-17). "Janam TV Peddles Fake News Of Trupti Desai Converting To Christianity | BOOM". boomlive.in. https://www.boomlive.in/janam-tv-peddles-fake-news-of-trupti-desai-converting-to-christianity/। আহৰণ কৰা হৈছে: 2025-02-07.
- 1 2 Chavan, Vijay (3 October 2013). "Activist gets arrest warrant 4.5 years after FIR is filed". Pune Mirror. http://www.punemirror.in/pune/cover-story/Activist-gets-arrest-warrant-4-5-years-after-FIR-is-filed/articleshow/31230034.cms। আহৰণ কৰা হৈছে: 7 february 2025.
- 1 2 Joshi, Yogesh (29 January 2016). "Trupti Desai: The woman spearheading Shani Shingnapur protest". Hindustan Times. http://www.hindustantimes.com/india/trupti-desai-the-woman-behind-shani-shingnapur-protest/story-B2UdlEBqhRjReldYOL6OeP.html। আহৰণ কৰা হৈছে: 7 february 2025.
- ↑ Waghmode, Vivek (17 April 2016). "5 priests among 7 booked for assaulting Trupti Desai". Times of India. http://timesofindia.indiatimes.com/city/kolhapur/5-priests-among-7-booked-for-assaulting-Trupti-Desai/articleshow/51862127.cms। আহৰণ কৰা হৈছে: 26 May 2016.
- ↑ Hebbar, Prajakta (29 April 2016). "Trupti Desai Claims There's A Bounty Of ₹1 Lakh To Stop Her From Entering Haji Ali". The Huffington Post. http://www.huffingtonpost.in/2016/04/29/haji-ali-dargah-trupti-desai_n_9803834.html। আহৰণ কৰা হৈছে: 7 february 2025.
- ↑ "Activist Trupti Desai enters Haji Ali, stops short of going into inner sanctum". The Times of India. 12 May 2016. http://timesofindia.indiatimes.com/city/mumbai/Rights-activist-Trupti-Desai-enters-Mumbais-Haji-Ali/articleshow/52231168.cms। আহৰণ কৰা হৈছে: ৭ ফেব্ৰুৱাৰী ২০২৫.
- ↑ "Social activist Trupti Desai to visit Sabarimala during Mandalam month". Mathrubhumi. https://english.mathrubhumi.com/mobile/news/kerala/social-activist-trupti-desai-to-visit-sabarimala-during-mandalam-month-1.3286279.[সংযোগবিহীন উৎস]
- ↑ "Trupti Desai heads back home after protesters bloch her Sabarimala trek, says "will certainly return"". news18. https://www.news18.com/news/india/sabarimala-live-trupti-desai-to-return-to-pune-after-day-long-standoff-with-protesters-at-kochi-airport-1940755.html.