ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী
অৱয়ব
(ত্ৰৈলোকেশ্বৰী বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
| ত্ৰৈলোক্যেশ্বৰী বৰুৱা | |
|---|---|
| জন্ম | ১৮৭৫ গোৱালপাৰা |
| মৃত্যু | ১৪ এপ্ৰিল, ১৯৫৪[1] |
| ৰাষ্ট্ৰীয়তা | |
| নাগৰিকত্ব | ভাৰতীয় |
| জনা যায় | সাধুকথা, সন্ধিয়াৰ সুৰ |
| গৃহস্থান | বালিগাঁও, যোৰহাট |
| ধৰ্ম | হিন্দু |
| দাম্পত্যসঙ্গী | জগন্নাথ বৰুৱা |
| পিতৃ-মাতৃ | পূৰ্ণানন্দ শৰ্মা বৰুৱা (পিতৃ) |
ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী (১৮৭৫-১৯৫৪) চল্লিশৰ দশকৰ এগৰাকী অসমীয়া লেখিকা আছিল। দুখন শিশু গ্ৰন্থ ৰচনা কৰাৰ লগতে বৰুৱানীয়ে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস আৰু যোৰহাট বালিগাওঁ বালিকা বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লৈছিল।[1] তেওঁ বিখ্যাত চাহ খেতিয়ক ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ সহধৰ্মিনী।
জন্ম আৰু পিতৃ পৰিচয়
[সম্পাদনা কৰক]১৮৭৫ চনত অসমৰ গোৱালপাৰা জিলাত ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানীৰ জন্ম হৈছিল।[1] তেওঁৰ দেউতাকৰ নাম আছিল পূৰ্ণানন্দ শৰ্মা বৰুৱা।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- সাধুকথা (১৯৩৩)
- সন্ধিয়াৰ সুৰ (১৯৩৭)
মৃত্যু
[সম্পাদনা কৰক]১৯৫৪ চনৰ ১৪ এপ্ৰিল তাৰিখে ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানীৰ মৃত্যু হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "অসমীয়া জীৱনী অভিধান". শিৱনাথ বৰ্মন. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ. ১৯৯২. পৃষ্ঠাসমূহ: ১১৭, ১১৮. https://archive.org/details/in.ernet.dli.2015.451337/page/১১৮/mode/2up। আহৰণ কৰা হৈছে: 20 May 2025.