ত্ৰৈলোক্য ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ত্ৰৈলোক্য ভট্টাচাৰ্য বিংশ শতিকাৰ সত্তৰৰ দশকৰ অসমীয়া উপন্যাস সাহিত্যৰ এগৰাকী অন্যতম ঔপন্যাসিক। তেওঁৰ দুখন উপন্যাস হ'ল 'সাঁচিপাতৰ পুথি'(১৯৭৩) আৰু 'চৰাইদেও'(১৯৭৭)। দুয়োখনেই ঐতিহাসিক উপন্যাস। 'সাঁচিপাতৰ পুথি' উপন্যাসখন তিনিটা খণ্ডত ৰচিত। প্ৰথম খণ্ডত আছে বৃটিছ কালীন সময়ত অসমলৈ মিছনেৰী সকলৰ আগমন, মৃতপ্ৰায় অসমীয়া ভাষাৰ পুনৰুজ্জীৱন আৰু উৎকৰ্ষ সাধনৰ বাবে কৰা তেওঁলোকৰ প্ৰচেষ্টা। দ্বিতীয় খণ্ডত আছে মিছনেৰী সকলৰ অৰুণোদই আলোচনী প্ৰকাশ আৰু লগে লগে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে স্থানীয় বুদ্ধিজীৱীৰ আৱিৰ্ভাব আৰু ভূমিকা। তৃতীয় খণ্ডত আছে মিছনেৰী সকলৰ অসমীয়া ভাষাৰ প্ৰতি আগবঢ়োৱা সেৱাই স্থানীয় লোকক অনুপ্ৰাণিত কৰাৰ সময়তে বৃটিছৰ অসমীয়া ভাষা বিৰোধী কাৰ্যই অসমীয়া ৰাইজক বৃটিছৰ প্ৰতি অসন্তুষ্ট কৰাৰ ইতিহাস। ইয়াৰ পৰিণতিত চিপাহী বিদ্ৰোহ যে হ'ল তাৰো আভাস উপন্যাস খনে দিছে। 'চৰাইদেও' উপন্যাসখন আহোম ৰজাৰ দিনত মিৰজুমলাৰ অসম আক্ৰমণৰ পটভূমিত ৰচনা কৰিছে।