সমললৈ যাওক

তৰাৱতী মিলি বড়ি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তৰাৱতী বড়ি
পৃষ্ঠভূমি
অন্য নাম ঐনিতম সম্ৰাজ্ঞী
জন্ম ১৬ এপ্ৰিল, ১৯৫০
শিৱসাগৰ জিলাৰ দিচাংমুখৰ মাজৰবাৰী গাওঁ
উৎসস্থান অসম, ভাৰত
সংগীতৰ ধৰণ লোক-সংগীত
পেচা কণ্ঠশিল্পী
সন্মান সংগীত নাটক একাডেমী

তৰাৱতী বড়ি (জন্ম : ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।[1][2][3][4]

শিৱসাগৰ জিলাৰ দিচাং মুখৰ মাজৰবাৰী গাঁৱত ১৯৫০ চনত তৰাৱতী বড়িৰ জন্ম হৈছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • অসম চৰকাৰৰ শিল্পী পেঞ্চন[5]
  • মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বিশেষ সন্মান ২০১৫[6]
  • প্ৰাগ প্ৰেৰণা সন্মান ২০১৯[6]
  • মিচিং দৃৰবৌ কৌবাঙৰ নিতম দকচৰি সন্মান[6]
  • ড° ভূপেন হাজৰিকা সংহতি বঁটা ২০২২[6]
  • সংগীত নাটক একাডেমী বঁটা ২০২২[6]
  • কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা, ২০২৬ বঁটা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]