সমললৈ যাওক

তৰ্পণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Tarpan is being done at the Jagannath Ghat, Kolkata.
পিতৃপক্ষৰ শেষত কলিকতাৰ জগন্নাথ ঘাটত তৰ্পণ (পিতৃপুৰুষসকললৈ পৱিত্ৰ জল (পানী) নিবেদন) কৰা হৈছে।

তৰ্পণ (ইংৰাজী: Tarpana, সংস্কৃত: तर्पण, বঙালী: তৰ্পণ, কন্নড়: ತರ್ಪಣ, তামিল: தர்ப்பணம்) বৈদিক প্ৰথাৰ সৈতে জড়িত এটি শব্দ। ই ঐশ্বৰিক সত্তাক অৰ্পণ কৰা নৈৱেদ্যক বুজায়। তৰ্পণ শব্দটিৰদ্বাৰা নৈৱেদ্যৰ কাৰ্য্যৰ লগতে নৈৱেদ্যত ব্যৱহৃত পদাৰ্থকো বুজোৱা হয়।[1][2][3] তিলতৰ্পণ (সংস্কৃত: तिलतर्पण, বঙালী: তিলতৰ্পণ, কন্নড়: ತಿಲತರ್ಪಣ, তামিল: திலதர்பணம்) হৈছে তৰ্পণৰ এটা বিশিষ্ট ৰূপ। ইয়াত পিতৃপক্ষৰ সময়ত বা মৃত্যুৰ ৰীতি হিচাপে জল (পানী) আৰু তিল ব্যৱহাৰ কৰি পিতৃ (প্ৰয়াত পূৰ্বপুৰুষ)ক নৈৱেদ্য অৰ্পণ কৰা হয়।[4]

কোশা-কুশী (বঙালী: কোশা-কুশী; lit.'Double Spoon') পূজাৰ বাবে ব্যৱহাৰ কৰা হয়। এই কোশা-কুশী বিশুদ্ধ তামেৰে তৈয়াৰ কৰা হয়। কোশা-কুশী দেৱ-দেৱীক পৱিত্ৰ জল (পানী) আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু শ্ৰাদ্ধ তৰ্পণ পূজাৰ বাবেও ব্যৱহাৰ কৰা হয়। কোশা-কুশী হৈছে দেৱী মাৰ তান্ত্ৰিক পূজাত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ আচাৰ-অনুষ্ঠানৰ সামগ্ৰী।

তৰ্পণ হৈছে একপ্ৰকাৰ অৰ্ঘ্য (নৈৱেদ্য)। মূলমন্ত্ৰ জপ কৰাৰ সময়ত সকলো দেৱতাৰ লগতে নৱগ্ৰহকো তৰ্পণ আগবঢ়োৱা হয়।

আদৰণি তৰ্পণৰ দৃষ্টান্ত

[সম্পাদনা কৰক]

দেৱীৰ বাবে:

  • লক্ষ্মীৰ বাবে, “সংস্কৃত: आर्द्रां ज्वलंतीम् तृप्ताम् तर्पयन्तीम्Ārdrāṁ jvalantīm tr̥ptām tarpayantīm (শ্ৰী সূক্ত ৪), "যি সন্তুষ্ট আৰু যিয়ে তৰ্পণ নিবেদন কৰাসকলক সন্তুষ্ট কৰে"[উদ্ধৃতিৰ প্ৰয়োজন]
  • ত্ৰিপুৰ সুন্দৰীৰ বাবে, “बिंदु तर्पण संतुष्टाम् पूर्वजा त्रिपुराम्बिकाbindu tarpaṇa santuṣṭām pūrvajā tripurāmbikā (ললিতা সহস্ৰনাম ১৭৮, ৯৭৪), "যি মাত্ৰ এটোপাল তৰ্পণেৰে সন্তুষ্ট হয়"[উদ্ধৃতিৰ প্ৰয়োজন]

গৰুৰ গাখীৰ (কেঁচা, গৰম নকৰা, আৰু এৱাঁ গাখীৰ), পানী, চেনি, কেশৰ, ইলাচি, কৰ্পূৰ, ইত্যাদি মিহলাই নৈৱেদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

প্ৰতি দহটা মূলমন্ত্ৰৰ আবৃত্তিৰ বাবে এটা তৰ্পণ (বা অৰ্ঘ্য) আৰু তাৰ এভাগৰ বাবে এটাকৈ তৰ্পণ আগবঢ়োৱা হয়।


তিলতৰ্পণ

[সম্পাদনা কৰক]

তিলতৰ্পণ হৈছে জীৱিত পিতৃ নথকা পুৰুষ বংশৰদ্বাৰা পিতৃপুৰুষৰ (প্ৰয়াত পূৰ্বপুৰুষ)ৰ উদ্দেশ্যে নিবেদিত তৰ্পণ (বা অৰ্ঘ্য)। প্ৰথম বাৰ্ষিক শ্ৰাদ্ধ (মৃত্যু-বাৰ্ষিকী) আৰু পৰৱৰ্তী বাৰ্ষিক শ্ৰাদ্ধ, অমাৱস্যা, সংক্ৰমণ (সৌৰ প্ৰৱেশ), গ্ৰহণ, আৰু নিৰ্বাচিত পৱিত্ৰ তীৰ্থস্থান ভ্ৰমণৰ সময়ত এই শ্ৰাদ্ধ কৰা হয়।

তিলতৰ্পণ নিবেদন

[সম্পাদনা কৰক]
  • ক’লা তিল, জল (পানী)ৰ সৈতে নৈৱেদ্য হিচাপে ব্যৱহাৰ কৰা হয়।
  • যজ্ঞোপবীত (পৱিত্ৰ সূতা) বিপৰীত অৱস্থানত (অৰ্থাৎ সোঁ কান্ধত, যাক prāchīnāvīti, সংস্কৃত: प्राचीनावीति বা সংস্কৃতত অপসভ্য বুলি কোৱা হয়) পিন্ধিব লাগে।
  • কুশ ঘাঁহেৰে তৈয়াৰী এটি পৱিত্ৰা (আঙঠি) সোঁহাতৰ অনামিকাত আৰু কুশ ঘাঁহেৰে তৈয়াৰী আন এটি আঙঠি বাওঁ হাতৰ আঙুলিত অনুভূমিকভাৱে পিন্ধিব লাগে, যাক তেকুশ বোলা হয়।

হস্তমুদ্ৰা

[সম্পাদনা কৰক]

তৰ্পণ আগবঢ়োৱাৰ সময়ত দেৱতা (দেৱ, দেৱী আৰু নৱগ্ৰহ), ঋষি আৰু পিতৃ (প্ৰয়াত পূৰ্বপুৰুষ)ক নৈৱেদ্য আগবঢ়োৱাৰ বাবে বিভিন্ন হস্তমুদ্ৰা (হাতৰ ভঙ্গিমা) থাকে।

(ক) দেৱতাসকলৰ বাবে, নৈৱেদ্যটি বুঢ়া আঙুলিৰ বাহিৰে দুয়োটা হাতৰ বাকী আঠটা আঙুলিৰ ওপৰেৰে প্ৰৱাহিত কৰা হয়। ই দেৱ তীৰ্থ নামেৰে পৰিচিত।
(খ) ঋষিসকলৰ বাবে, নৈৱেদ্যটি দুয়োটা হাতৰ তলুৱাৰ মাজেৰে প্ৰৱাহিত কৰা হয়, দুয়োটা হাতৰ তলুৱাৰ মাজেৰে তৰ্পণ সৰে। ই ঋষি তীৰ্থ নামেৰে পৰিচিত।
(গ) পিতৃপুৰুষসকলৰ বাবে, নৈৱেদ্যটি বাওঁ হাতৰ তলুৱাৰ বাওঁ কাষ আৰু বাওঁ হাতৰ বুঢ়া আঙুলিৰ ওপৰেৰে প্ৰৱাহিত কৰা হয়। ই পিতৃ তীৰ্থ নামেৰে পৰিচিত। সোঁ কান্ধত বন্ধা জনেউ বা যজ্ঞোপবীত নিতম্বত বাঁওফালে পৰি যায়। ইয়াক উপসব্য বোলা হয় কাৰণ যজ্ঞোপবীত বাঁওফালে বন্ধা থাকে গতিকে পিতৃ তৰ্পন বাঁওহাতেৰে আগবঢ়াব লাগে। এই কাৰণেই মৃতকক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত প্ৰদক্ষিণ কৰা হয়। পিণ্ডদানৰ বাবে বাঁওহাতখন ব্যৱহাৰ কৰিব লাগে। পিতৃ শ্ৰাদ্ধৰ বাহিৰে আন সকলো আচাৰ-অনুষ্ঠানত সোঁহাতৰ ব্যৱহাৰ বাধ্যতামূলক।

তিল তিলগছৰপৰা আহৰণ কৰা হয়। তিল একপ্ৰকাৰ সৰু বীজ যিয়ে শক্তি সঞ্চয় কৰে আৰু সেয়েহে ইয়াক সকলো দেৱতা, শনি আৰু পিতৃপুৰুষৰ প্ৰিয় বুলি গণ্য কৰা হয়। ভগৱান গণেশক সাধাৰণতে পঞ্চ-কজ্জয় নামৰ তিল ব্যৱহাৰ কৰি তৈয়াৰ কৰা সুস্বাদু খাদ্য আগবঢ়োৱা হয়। ভগৱান শিৱক তিল (তিলক্ষত)ৰে পূজা কৰা হয়। ভগৱান বিষ্ণু, ভগৱান ব্ৰহ্মা, দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতীৰ বাবে তেওঁলোকৰ প্ৰিয় খাদ্যত তিল ব্যৱহাৰ কৰা হয়। ইয়াক বহু হৱন আৰু হোমত হোম-দ্ৰব্য (অগ্নি নৈৱেদ্যৰ উপাদান) হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে তিল আৰু তিলতৰ্পণক অশুভ বুলি উলাই কৰা উচিত নহয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তৰ্পণ আগবঢ়োৱাৰ কাৰণ

[সম্পাদনা কৰক]

মানুহৰ পিতৃপুৰুষসকলে তৰ্পণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে বুলি বিশ্বাস কৰা হয়। যদি কোনো নৈৱেদ্য দিয়া নহয়, তেন্তে তেওঁলোকে হতাশ হৈ নিজ স্থানলৈ উভতি যায় আৰু বংশধৰসকল তেওঁলোকৰ আশীৰ্বাদ পোৱাৰপৰা বঞ্চিত হয় যিবোৰ তেওঁলোকে লাভ কৰিলেহেঁতেন, যদিহে তেওঁলোকে নিজৰ (পুত্ৰৰ) কৰ্তব্য পালন কৰিলেহেঁতেন। কোশা-কুশী হৈছে দেৱী মাৰ তান্ত্ৰিক পূজাত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ আচাৰ-অনুষ্ঠানৰ সামগ্ৰী আৰু ই দেৱীৰ যোনি তথা গৰ্ভৰ লগতে ভৌতিক শৰীৰৰ ভিতৰৰ নক্ষত্ৰীয় শৰীৰ আৰু বৃহৎ জগতৰ ভিতৰৰ অণুবিশ্বক প্ৰতিনিধিত্ব কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জি

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:Death in Hinduism সাঁচ:Hindu samskaras