থাংগল
থাংগল (টাংগল বুলিও কোৱা হয়) দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ মাজৰ এটা সামাজিক গোট।[1] থাংগলসকলক প্ৰায়ে বহল ইছলামিক সংস্কৃতিৰ অধিক সাধাৰণ ছয়ীদ বা শ্বৰীফ বা মহম্মদৰ বংশধৰসকলৰ মোটামুটি সমতুল্য বুলি গণ্য কৰা হয়।[2][3] সম্প্ৰদায়টোৰ বেছিভাগ সদস্যই স্ববৰ্ণ বিবাহ পছন্দ কৰে আৰু নিজৰ সম্প্ৰদায়ৰ বাহিৰৰ পত্নীক খুব কমেইহে বিয়া কৰায়।[4][5]
কেৰালাত থাংগল পৰিয়ালসমূহ অসংখ্য, সকলোৱে স্বীকৃতি লাভ কৰিছে, কিন্তু কিছুমানক সাধু বুলি গণ্য কৰা হয়।[2] থাংগল চিনাক্তকৰণে কেৰেলাৰ মুছলমান সম্প্ৰদায়ত (যিটোৱে প্ৰধানকৈ শ্বাফী মাধাবৰ সৈতে চিনাক্তকৰণ কৰে) বহুত 'শ্ৰদ্ধা আৰু মনোযোগ' আনে।[6] কিছুমান ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বিষয়ত থাংগলসকলৰপৰা পৰামৰ্শ লয়।[3] কেৰেলাৰ কেইবাটাও থাংগলে অসুস্থতাৰ বাবে আৰু 'দুষ্টাত্মাৰ কুদৃষ্টি নাশিবলৈ' মানুহৰ 'বেজালি' কৰে।[3]
শ্বিহাব, মাছুৰ, হিৰ্ধ, বাফাকী, জিফ্ৰি, জামালুল্লাইলী আদি কিছুমান প্ৰধান থাংগল পৰিয়ালৰ সামাজিক আৰু অৰ্থনৈতিক পৰিসৰত বহুতো মৰ্যাদা আছে। থাংগলসকলৰ প্ৰভাৱশালী সাধাৰণতে বিশিষ্ট ব্যাৱসায়িক পৰিয়ালৰপৰা আহে। সাধাৰণতে বাণিজ্য আৰু ৰাজনীতিৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰভাৱ প্ৰদৰ্শন কৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kunhali, V. "Muslim Communities in Kerala to 1798" PhD Dissertation Aligarh Muslim University (1986) [1]
- ↑ 2.0 2.1 2.2 Miller, Roland E., Mappila Muslim Culture. New York, State University of New York Press, 2015. pp. 268-271.
- ↑ 3.0 3.1 3.2 Meethal, Amiya (2016-04-25). "Thangals All Set to Test Popularity in Malappuram" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/nation/politics/250416/thangals-all-set-to-test-popularity-in-malappuram.html.
- ↑ Lang, Claudia (2014-12-01). "Muslim Thangals, Psychologisation and Pragmatic Realism in Northern Kerala, India" (en ভাষাত). Transcultural Psychiatry খণ্ড 51 (6): 904–923. doi:10.1177/1363461514525221. PMID 24637733. https://doi.org/10.1177/1363461514525221.
- ↑ Kunhali, V. "Muslim Communities in Kerala to 1798" PhD Dissertation Aligarh Muslim University (1986) [2]
- ↑ "Caste system exists among Muslims though not overtly". The New Indian Express. 31 August 2019. https://www.newindianexpress.com/states/kerala/2019/sep/01/caste-system-exists-among-muslims-though-not-overtly-2027243.html। আহৰণ কৰা হৈছে: 2020-10-12.