থাংগল (জনগোষ্ঠী)
অৱয়ব
থাংগল জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত বসবাস কৰা এহ তিব্বত-বৰ্মন মূলৰ জনগোষ্ঠী। তেওঁলোকে মাৰামৰ সৈতে মিল থকা থাংগল ভাষা আৰু ৰংমেই ভাষা কয়।[1] নৃতাত্ত্বিক গ্ৰন্থ অনুসৰি তেওঁলোকে মেইটেই ভাষাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে।[2]
বৰ্তমান ১৩খন থাংগল গাঁও আছে। সেনাপতি জিলাৰ এঘাৰখন পাহাৰীয়া গাঁৱত এওঁলোকক পোৱা যায়, এইকেইখন হ’ল: অংকাইলংডি, কাটোমেই মাকেং, মাকেং চেইজিনবা, ঙাইহাং, মাপাও থাংগল, মায়াংখাং, নিংথৌফাম, থাংগল চুৰুং, টুমনৌপকপি, য়াইকোংপাও আৰু তাকাইমেই।[3]
সমাজ
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে থাংগলসকলে উদ্যানপালন আৰু কৃষি উভয়তে কাম কৰে।[3]
১৩ আগষ্ট থাংগল দিৱস হিচাপে পালন কৰা হয়। ১৮৯১ চনত থাংগল মেঞ্জোৰ বা জনপ্ৰিয়ভাৱে থাংগল জেনেৰেল নামেৰে বেছি পৰিচিত লুংথৌবু থাংগল[4] শ্বহীদ হোৱাৰ স্মৃতিত এই কাম কৰা হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Thangal language". Ethnologue. https://www.ethnologue.com/language/nki.
- ↑ "Meitei | Ethnologue" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/mni/। আহৰণ কৰা হৈছে: 2023-05-03.
- ↑ 3.0 3.1 Pampuinath, Babina; Meitei, Maibam Dhanaraj (2021-03-10). "Traditional Knowledge of Medicinal Plants among the Thangal–Naga Ethnic Group of Manipur, India". Current Science খণ্ড 120 (5): 945. doi:10.18520/cs/v120/i5/945-950. ISSN 0011-3891. https://www.currentscience.ac.in/Volumes/120/05/0945.pdf.
- ↑ "Thangal General descendant of the hills". Manipur Online. Archived from the original on 2013-10-11. https://web.archive.org/web/20131011073659/http://manipuronline.com/potpourri/profiles/thangal-general-a-descendant-of-the-hills/2006/09/25। আহৰণ কৰা হৈছে: 2025-09-08.