থাইৰইড হৰম'ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
The structural formula (left) and a space-filling model (right) of (S)-triiodothyronine (T3, also called liothyronine in the pharmaceutical industry)
The structural formula (left) and a space-filling model (right) of (S)-thyroxine (T4.)

থাইৰইড হৰম'ন (ইংৰাজী: Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন৷ থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰম'ন নিঃসৃত কৰে। এই হৰম'নে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে (Growth and Development) ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে৷

থাইৰইড গ্ৰন্থি

আমাৰ শৰীৰৰ ডিঙিৰ স্বৰযন্ত্ৰৰ (ইংৰাজী: Larynx) ঠিক তলতে থাইৰইড গ্ৰন্থি অৱস্থিত৷ এই গ্ৰন্থি দুটা ভাগত বিভক্ত - সোঁ গ্ৰন্থি (Right lobe) আৰু বাঁও গ্ৰন্থি (left lobe)৷ এই গ্ৰন্থিৰ ওজন প্ৰায় ২৫ গ্ৰাম৷ সাধাৰণতে মহিলাৰ থাইৰইড গ্ৰন্থিৰ আকাৰ পুৰুষৰ থাইৰইড গ্ৰন্থিতকৈ বেছি৷ [1]

শৰীৰৰ প্ৰয়োজনীয়তা

ডিঙিত থকা থাইৰইড গ্ৰন্থিয়ে দুই ধৰণৰ থাইৰইড হৰম'ন নিসৃত কৰে - এবিধ হৈছে "থাইৰক্সিন" আৰু অন্যবিধ "ট্ৰাইআইড-থাইৰনিন"৷ চমুকৈ এই দুবিধ হৰম'নক T4 আৰু T3 বোলা হয়৷

  1. থাইৰইড হৰম'ন উৎপাদনৰ সময়ত অতিকৈ প্ৰয়োজনীয় এবিধ মৌল (ইংৰাজী: Microneutrients) হৈছে আয়'ডিন৷ সেয়েহে আয়,ডিনৰ অভাৱ ঘটিলে হৰম'ন উৎপাদনত তাৰতম্য ঘটে আৰু শৰীৰত ইয়াৰ প্ৰভাৱ পৰে৷ আজিকালি অৱশ্যে আয়'ডিন যুক্ত নিমখ ব্যৱহাৰে এই সমস্যাৰ বহুখিনি লাঘৱ ঘটাইছে৷
  1. থাইৰইড হৰম'নে মানৱ শৰীৰৰ পৰিপাক ক্ৰিয়াক (Metabolism) গতিশীল কৰি তোলে৷ প্ৰ'টিন পৰিপাকৰ জৰিয়তে থাইৰইড হৰম'নে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত অৰিহণা যোগায়৷
  1. থাইৰইড হৰম'নে শৰীৰৰ হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালন পদ্ধতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে৷ এই হৰম'নৰ প্ৰভাৱত হৃদযন্ত্ৰৰ গতিবেগ আৰু শক্তি বৃদ্ধি হয়৷
  1. কেন্দ্ৰীয় স্নায়বিক প্ৰণালীক (Central Nervous System) সুসংহত কৰি থাইৰইড হৰম'নে স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ কৰি ৰাখে৷ তদুপৰি শ্বাস-প্ৰশ্বাস প্ৰণালী,পেশীকলা পদ্ধতিৰ (Musculoskeletal System) ওপৰতো T3 আৰু T4 হৰম'নৰ প্ৰভাৱ পৰে৷
  1. অনিয়মীয়া ঋতুস্ৰাব,পুৰুষ আৰু মহিলাৰ প্ৰজনন ক্ষমতা এই সকলো থাইৰইড হৰম'নৰ ওপৰতে নিৰ্ভৰশীল৷ [1]
The thyroid system of the thyroid hormones T3 and T4.[2]

অভাৱজনিত ৰোগ

থাইৰইড হৰম'নৰ অভাৱত হোৱা এবিধ ৰোগ হৈছে 'গইটাৰ'৷ আমাৰ সমাজত ইয়াক 'গৰল' ৰোগ বুলি আখ্যা দিয়া হয়৷ এই ৰোগ হ'লে থাইৰইড গ্ৰন্থিৰ আকাৰ বৃদ্ধি হব আৰু ডিঙিটো ফুলি যায়৷ থাইৰইড হৰম'নৰ অভাৱত হোৱা অন্য এবিধ ৰোগ হৈছে 'Myxedema' ৷ এই ৰোগ হ'লে শৰীৰৰ বিভিন্ন অংশ,যেনে - মুখ,ভৰি আদি ফুলে৷ Myxedema সাধাৰণতে মহিলা ৰোগীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়৷ জন্মলগ্নৰেপৰা থাইৰইড হৰম'নৰ অভাৱ হ'লে শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধি বাধাগ্ৰস্ত হয়৷ এই অৱস্থাটোক 'Cretinism' বোলা হয়৷[1]

বৃদ্ধিজনিত ৰোগ

থাইৰইড হৰম'নৰ আধিক্যই শৰীৰত সৃষ্টি কৰা অৱস্থাটোক থাইৰটক্সিকছিছ বোলা হয়৷ এই ৰোগৰ প্ৰভাৱ চকুৰ ওপৰত পৰে৷ তদুপৰি ৰোগীৰ অত্যধিক ভোক লাগে আৰু শৰীৰৰ বিভিন্ন অংশৰ কঁপনি (Tremor) হয়৷ থাইৰইড হৰম'নৰ বৃদ্ধিজনিত অথবা অভাৱজনিত দুয়োধৰণৰ ৰোগৰে উচ্চ চিকিৎসা বৰ্তমান আবিষ্কাৰ হৈছে৷ ঔষধ তথা শল্য চিকিৎসাৰ দ্বাৰা এই ৰোগসমূহৰ সমাধান কৰা হয়৷ সাৱধানতাসমূহৰ ভিতৰত আয়ডিনযুক্ত আহাৰ গ্ৰহন উল্লেখযোগ্য৷

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 ডা° মৃদুল কুমাৰ নাথ (১ - ১৫ আগষ্ট ২০০৮). "থাইৰইড হৰম'ন". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৭ম সংখ্যা): পৃষ্ঠা ৩৭. 
  2. References used in image are found in image article in Commons:Commons:File:Thyroid_systbcvhxcxcfffgem.png#References.

বাহ্যিক সংযোগ

Thyroid hormone treatment in thyroid disease