থাইৰয়ড ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থাইৰয়ড গ্ৰন্থিৰ বিকাৰ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
আই.চি.ডি.-10 E00-E07, Q89.1-Q89.2
আই.চি.ডি.-9 240-246, 759.1-759.2
মেডলাইন প্লাছ 001159
MeSH D013959

থাইৰয়ড ৰোগ বুলিলে থাইৰয়ড গ্ৰন্থিসমূহৰ বিভিন্ন প্ৰকাৰৰ বিকাৰকে বুজোৱা হয়৷

ৰোগ

মানুহৰ শৰীৰত সংঘটিত ৰাসায়নিক লাগতিয়াল ক্ৰিয়াসমূহক মেটাবলিজম বোলে৷মেটাবলিজম হ'ল দুই প্ৰকাৰৰ ক্ৰীড়াৰ সমষ্টি৷ কেটাবলিজম - অৰ্থাৎ শক্তি উৎপাদনৰ বাবে কোষৰ বিঘটন ঘটোৱা৷এনাবলিজম - কোষৰ বাবে লাগতিয়াল তত্বসমূহ উৎপন্ন কৰা৷এই মেটাবলিজমক নিয়ন্ত্ৰণ কৰে থাইৰয়ড হৰমোনে৷থাইৰয়ড গ্ৰন্থিয়ে কেলচিটচিন নামৰ আৰু এবিধ হৰমোন উৎপাদন কৰাৰ ওপৰিও প্ৰটিন সৃষ্টি কৰে৷থাইৰয়ড নামৰ উৎপত্তি গ্ৰীক শব্দৰ পৰা হৈছে,যাৰ অৰ্থ হ'ল ঢাল আৰু থাইৰয়ড গ্ৰন্থিৰ আকৃতি দৰাচলতে এখন ঢালৰ দৰেই৷মস্তিষ্কৰ পিটিউটেৰি গ্ৰন্থিৰ পৰা ওলোৱা থাইৰয়ড ষ্টিমুলেটিং হৰমোনে (টি এচ এইচ) থাইৰয়ডৰ হৰমোনৰ উৎপাদনক নিয়ন্ত্ৰণ কৰে৷আকৌ হাইপোথেলামাচৰ পৰা নিৰ্গত হোৱা থাইৰোট্ৰপিন ৰিলিজিং হৰমোনে (টি আৰ এইচ) পিটিউটেৰিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে৷থাইৰয়ডৰ পৰা নিৰ্গত হোৱা থাইৰয়ড হৰমোন দুবিধৰ নাম হ'ল- ট্ৰাইআয়োডোথাইৰোনিন (টি-৩) আৰু টেট্ৰাআয়োডোথাইৰোনিন (টি-৪ বা থাইৰস্কিন)৷আয়োডিন আৰু টাইৰোচিন নামৰ এমাইনো এচিডৰ দ্বাৰা টি-৩ আৰু টি-৪ সৃষ্টি হয়৷ইয়াৰে টি-৩ হ'ল সক্ৰিয় ৰূপ, আৰু টি-৪ৰে টি-৩লৈ ৰূপান্তৰিত হৈহে ক্ৰিয়া কৰে৷থাইৰয়ড হৰমোন কমি গলে পিটিউটেৰীৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) বেচিকৈ উৎপন্ন হয় আৰু ইয়াৰ বিপৰীতে থাইৰয়ড হৰমোন বাঢ়ি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) কমকৈ উৎপন্ন হয়৷ গতিকে থাইৰয়ডৰ ৰোগ চিনাক্ত কৰিবলৈ তেজত টি এচ এইচৰ পৰিমাণ পৰীক্ষা কৰাটো অপৰিহাৰ্য্য৷

হায়পোথাইৰয়ডিজম

ৰোগৰ কাৰণ

শৰীৰত থাইৰয়ড হৰমোনৰ কম উৎপাদন হলে আৰু টি এচ এইচ বেচি হলে হায়পোথাইৰয়ডিজম ৰোগৰ লক্ষণে দেখা দিয়ে৷ সাধাৰণতে তলৰ কাৰণসমূহৰ বাবে হাইপোথাইৰয়ডিজম হয়:-

  • থাইৰয়ডৰ জন্মগত বিকৃতি
  • অট' ইমিউন বিজুতি যেনে হাচিমট'চ থাইৰয়ডাইটিচ, প'ষ্টপাৰ্টাম থাইৰয়ডাইটিচ
  • থাইৰয়ডৰ কেঞ্চাৰ বা আন অসুখত অপাৰেচন কৰি থাইৰয়ডৰ অংশ কাটিলে
  • বিভিন্ন ঔষধ - মানসিক ৰোগৰ বাবে ব্যৱহৃত লিথিয়াম, হৃদৰোগত ব্যৱহৃত এমিঅ'ডাৰন, হায়পাৰথাইৰয়ডিজমৰ বাবে ব্যৱহৃত মেথিমাজল আৰু প্ৰপাইলথায়োইউৰাচিল, হাঁপানি-ব্ৰংকাইটিচ আৰু থাইৰয়ডৰ বিভিন্ন চিকিৎসাত ব্যৱহৃত পটেচিয়াম আয়োডায়েড
  • মস্তিষ্ক,ডিঙি আৰু থাইৰয়ডৰ কেঞ্চাৰত ৰেডিঅ'থিৰাপি ললে
  • খাদ্যত আয়ডিনৰ অতিমাত্ৰা অভাৱ হলে (উদাহৰণ -হিমালয়ৰ পাদদেশ, জাইৰে, দক্ষিণ আমেৰিকাৰ চাইল, এণ্ডিচ আদি অঞ্চল)
  • শ্বিহান চিণ্ড্ৰমত গৰ্ভৱতী মহিলাৰ ৰক্তস্ৰাৱ হয় আৰু পিটুইটেৰিৰ বিজুতি ঘটে
  • পিটুইটেৰিৰ টিউমাৰ
  • কাচিৎ হাইপোথেলামাচৰ বিজুতি হলে
  • অতিমাত্ৰা ষ্ট্ৰেচ (Stress)

চিহ্ন আৰু লক্ষণ

হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ হ'ল : -

  • শীত সহ্য কৰিব নোৱৰা
  • শৌচ কচা হোৱা
  • অলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দূৰ্বলতা
  • ওজন বঢ়া
  • ঘাম কমকৈ ওলোৱা
  • হৃদগতি কমি যোৱা
  • হাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা,
  • ডিপ্ৰেচন,মানসিক অৱসাদগ্ৰস্ততা, অমনোযোগিতা, স্মৃতিহ্ৰাস
  • শেঁতা শুকান ডাঠ ছাল, ভংগুৰ নখ আৰু চুলি, পাতল চেলাৱৰি(হাৰ্টোঘি চাইন)
  • ভৰি ফুলা
  • অনিয়মীয়া মাহেকীয়া বা অতিস্ৰাব
  • বেচি টোপনি অহা
  • কোনো কাৰণ নোহোৱাকৈ হঠাতে গাতো বেয়া লগা
  • মাত ভঙা
  • পুৰুষৰ যৌনশক্তি কমি যোৱা, গায়ন'কোমেষ্টিয়া
  • যি কোনো কামৰ গতি লেহেমীয়া হোৱা
  • খোৱাৰ ৰুচি আৰু ঘ্ৰাণ শক্তি হ্ৰাস পোৱা
  • তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱা
  • লো ভল্টেজ ইচিজি
  • তেজৰ চুগাৰৰ পৰিমাণ কমি যোৱা
  • শ্ৰবণশক্তি কমি যোৱা
  • জিভাখন ডাঠ শকত হোৱা ইত্যাদি।

হায়পাৰথাইৰয়ডিজম (থাইৰোট'স্কিকোচিচ)

ৰোগৰ কাৰণ

থাইৰয়ড হৰমোন বেচি হোৱা অৱস্থাৰ কাৰণসমূহ হ'ল -

  • অটোইমিউন গ্ৰেভচ ডিজিজ
  • টস্কিক এডিনমা
  • টস্কিক মাল্টি-নডিউলাৰ গয়টাৰ বা বিষাক্ত গৰল
  • থাইৰয়ডাইটিচ -হাচিমটচ,পষ্টপাৰ্টাম আৰু চাব-একিউট
  • বেচিকৈ থাইৰয়ড হৰমোন সেৱন কৰা
  • হৃদৰোগত ব্যৱহৃত দৰব যেনে এমিডাৰন

চিহ্ন আৰু লক্ষণ

হায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ :

  • ভোক বেচি কিন্তু ওজন হ্ৰাস হোৱা
  • অস্থিৰতা
  • গৰম সহ্য কৰিব নোৱৰা
  • কঁপনি
  • বুকুৰ ধপধপনি
  • চুলি সৰা
  • ভাগৰ,দূৰ্বলতা
  • গাৰ বিষ
  • প্ৰসাৱ বেচি হোৱা আৰু পিয়াহ বেচি লগা
  • অনিয়মীয়া মাহেকীয়া
  • পুৰুষৰ স্তন ডাঙৰ হোৱা (গায়ন'কমেষ্টিয়া)
  • তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱা
  • চকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহা ইত্যাদি

চিকিৎসা

মেডিকেল চিকিৎসা

ৰোগ চিনাক্ত হলে চিকিৎসাৰ বাবে এন্টিথাইৰয়ড দৰব (যেনে কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল) লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়৷

ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰমোনৰ পিল (যেনে থাইৰোনৰ্ম,এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব৷

থাইৰয়ড হৰমোনৰ ঔষধ পুৱা খালি পেটত খোৱা ভাল৷ অন্য ঔষধ কমেও এঘন্টাৰ পিছতহে খাব৷

চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰমোন ব্যৱহাৰ কৰাটো বিচাৰে,কিন্তু তাৰ ড'জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২৷৩মাহৰ মূৰে মূৰে তেজৰ হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়৷পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব৷কিন্তু আপুনি আপোনাৰ চিকিৎসকৰ নজৰত পৰাপক্ষত সকলো সময়তে থাকিব৷

কিছুমান ঔষধে (যেনে এন্টাচিড,কলচিয়ম,আইৰন) থাইৰয়ড হৰমোন পিলৰ ক্ৰিয়াত ব্যাঘাট জন্মায় -গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব নাখাব৷

হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোতে বুকুৰ ধপধপনি হলে,বৰ্দ্ধিত ওজন অতিদ্ৰুতভাবে হ্ৰাস হলে,বেচিকৈ ঘামিলে,কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাওঁক - আপুনি জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হৈছে৷

হাইপোথাইৰয়ডিজমৰ চিকিৎসা নকৰিলে তেজত কলেষ্টৰল আৰু এল ডি এল নামৰ অপকাৰী চৰ্বি বাঢ়ি গৈ থাকিলে হৃদৰোগ উৎপন্ন হব৷গৰ্ভৱতী মহিলাৰ বিকলাংগ শিশু জন্ম হব৷ৰোগ একেবাৰে গৰুতৰ হলে মিস্কিডিমা ক'মা হৈ প্ৰাণৰ সংশয় হব৷

ভয় নাখাব বিশ্বৰ তিনিৰ পৰা পাঁচ শতাংশ লোক হাইপোথাইৰয়ডিজমত ভূগি আছে৷ৰোগৰ সঠিক চিকিৎসাত সহজতেই সুফল লাভ কৰিব পাৰি৷কিছুমান ৰোগী আকৌ লক্ষণবিহীনো থাকিব পাৰে৷কিবা কাৰণত যেনে কোনো অস্ত্ৰোপচাৰৰ বাবে ফিটনেচ চাওঁতে হাইপোথাইৰয়ডিজম ধৰা পৰে৷

অস্ত্ৰোপচাৰ

কিছুমানৰ অপাৰেচন কৰি থায়ৰয়ডৰ অংশ কাটি পেলোৱা হয়।

ৰেডিঅ'-আয়ডিন চিকিত্সা

আকৌ কিছুমানক ৰেডিঅ'আয়ডিনেৰে চিকিৎসা দিয়া হয়৷


তথ্য সংগ্ৰহ

অধিক জানিবলৈ পঢ়ক

  • Brent, Gregory A. (Ed.), Thyroid Function Testing, New York : Springer, Series: Endocrine Updates, Vol. 28, 1st Edition., 2010. ISBN 978-1-4419-1484-2

বাহ্যিক সংযোগ