থাপাথলী দৰবাৰ
| থাপাথলী দৰবাৰ | |
|---|---|
| थापाथली दरवार | |
| সাধাৰণ তথ্য | |
| স্থাপত্য শৈলী | মোগল আৰু ইউৰোপীয় শৈলী |
| চহৰ | কাঠমাণ্ডু |
| দেশ | নেপাল |
| প্ৰযুক্তিৰ বিৱৰণ | |
| গঠন পদ্ধতি | ইটা আৰু চূণ |
| Size | ৮০ ৰোপণী |
| নক্সা আৰু নিৰ্মাণ | |
| গ্ৰাহক | নয়নসিংহ থাপা (থাপা বংশ), জঙ্গবহাদুৰ ৰাণা |
| স্থাপত্যবিদ | ৰণশূৰ বিষ্টৰ অন্তিম সংযোজন |
থাপাথলী দৰবাৰ (নেপালী: थापाथली दरवार) আছিল নেপালৰ ৰাজধানী কাঠমাণ্ডুস্থিত এটা মহল। থাপাথলী শব্দৰ অৰ্থ ‘থাপাসকলৰ নিবাস’। এই দুৰ্গটো প্ৰথমে নয়নসিংহ থাপাই নিৰ্মাণ কৰিছিল যদিও পিছত জঙ্গবহাদুৰ ৰাণাই ইয়াক অধিকাৰ কৰি প্ৰধানমন্ত্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। বাগমতী নদীৰ উত্তৰফালে অৱস্থিত এই দৰবাৰত বহুকেইখন চোতাল, উদ্যান আৰু প্ৰাসাদবিলাক আছিল।
ইতিহাস
[সম্পাদনা কৰক]দুৰ্গটো কাঠমাণ্ডুৰ কেন্দ্ৰত, বাগমতী নদীৰ উত্তৰফালে অৱস্থিত আছিল।[1]
থাপা বংশৰ অধীনত
[সম্পাদনা কৰক]থাপা বংশৰ নয়ন সিংহ থাপাক থাপাথলি দুৰ্গৰ নিৰ্মাণাৰম্ভৰ কৃতিত্ব দিয়া হয়।
ৰাণা বংশৰ অধীনত
[সম্পাদনা কৰক]১৮৮৭ চনত যুদ্ধপ্ৰতাপ জংগক শমশেৰ ৰাণাই হত্যা কৰাৰ পাছত চন্দ্ৰ শমশেৰ জেবিয়াৰে থাপাথলী দুৰ্গ অধিকাৰ কৰি ১৯০৪ চনলৈকে ১৮ বছৰব্যাপী ব্যৱহাৰ কৰিছিল। চন্দ্ৰ শমশেৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ সিংহ শমশেৰ জেবিয়াৰে দুৰ্গটো লাভ কৰি ‘‘সিংহ মহল’’ বুলি নতুনকৈ নামকৰণ কৰে।[2]
সিংহ মহল
[সম্পাদনা কৰক]চন্দ্ৰ শমশেৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ সিংহ শমশেৰ জেবিয়াৰে থাপাথলি দৰবাৰ অধিকাৰ কৰি ইয়াক ‘‘সিংহ মহল’’ নামেৰে নামকৰণ কৰে।[2] বৰ্তমানে ইয়াত নেপাল ৰাষ্ট্ৰ বেংক অৱস্থিত।
কালমোচন মন্দিৰ
[সম্পাদনা কৰক]
কালমোচন মন্দিৰটো দৰবাৰৰ অংশ আছিল আৰু বিষ্ণুদেৱৰ উদ্দেশ্যে উৎসৰ্গিত। এই মন্দিৰটো ১৯শ শতিকাৰ মাজভাগত দৰবাৰৰ বাহিৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ স্থাপত্যৰ ক্ষেত্ৰত মোগল শিল্প আৰু নেপালী শিল্পৰ সংমিশ্ৰণ ঘটিছে। ইয়াক ‘‘জঙ্গ হিৰণ্য হেমনাৰায়ণ মন্দিৰ’’ বুলিও কোৱা হয়। জংগবহাদুৰ ৰাণাই নিজৰ পত্নী হিৰণ্যগৰ্ভা আৰু হেমৰ নাম চিহ্নিত কৰি মন্দিৰটো নিৰ্মাণ কৰিছিল।
কথিত আছে যে কোট পৰ্বৰ হত্যাকাণ্ডত নিহত লোকসমূহক জংগবহাদুৰ ৰাণাই এই মন্দিৰৰ তলত সমাধিস্থ কৰিছিল।[3]
২০১৫ চনৰ নেপাল ভূমিকম্পত এই মন্দিৰ একেবাৰে ধ্বংসস্তূপত পৰিণত হয়। ২০১১ চনৰ ছিক্কিম ভূমিকম্পৰ পিছতেই ইয়াত বৃহৎ ফাঁট মেলা দেখা গৈছিল। বৰ্তমান সমগ্ৰ কালমোচন ঘাট এলেকাটো অত্যন্ত জীৰ্ণবস্থাত আছে।
টোকা
[সম্পাদনা কৰক]- ↑ "THE HISTORIC DURBARS OF KATHMANDU". 2014-10-19. http://www.shankerhotel.com.np/blog/2014/10/19/the-historic-durbars-of-kathmandu/। আহৰণ কৰা হৈছে: 2015-06-05.
- ↑ 2.0 2.1 JBR, Purushottam Shamsher (2007) (ne ভাষাত). Ranakalin Pramukh Atihasik Darbarharu. Vidarthi Pustak Bhandar. ISBN 978-9994611027. https://www.amazon.com/Ranakalin-Pramukh-Atihasik-Darbarharu-Historical/dp/B00CWSP1U2/ref=asap_bc?ie=UTF8। আহৰণ কৰা হৈছে: 25 July 2020.
- ↑ "A temple of dubious reputation". 2000-07-25. http://nepalitimes.com/news.php?id=11089#.VXFxn2BUTR0। আহৰণ কৰা হৈছে: 2015-06-05.