থামি জাতি
থামি (নেপালী: थामी) পূব হিমালয়ৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। নেপালত ইহঁতে মূলতঃ পূব-মধ্য নেপালৰ দোলাখা জিলাৰ চুছপা, ক্ষমাৱতী, খোপাচাগু, আলমপু, বিগু, কালিঞ্চোক, লাপিলাং আৰু লাকুৰি ডাণ্ডা গাঁওসমূহত বাস কৰে। ভাৰতত ইহঁতে দাৰ্জিলিং, কালিম্পং, কেৰচেং (পশ্চিমবংগ) আৰু ছিকিমত বসবাস কৰে। বহু থামি বংশৰ সদস্য ভূটানতো বাস কৰে। তেওঁলোকক স্থানীয়ভাৱে থাংমি বুলিও কোৱা হয়।
তেওঁলোকে থামি ভাষা বা ‘‘থাংমি ৱাখেখাম’’ নামেৰে পৰিচিত এটা তিব্বত-বৰ্মী ভাষা কয়। ‘‘থামি’’ শব্দৰ ব্যুত্পত্তিগত অৰ্থ হৈছে ‘‘থা’’ (সীমা অঞ্চল) আৰু ‘‘মি’’ (মানুহ)। সেই মতে, ‘‘থামি’’ শব্দৰ অৰ্থ নেপালৰ সীমান্তীয় অঞ্চলত বসবাস কৰা জনগোষ্ঠী।
২০১১ চনৰ নেপাল জনগণনা অনুসৰি নেপালত থামিৰ জনসংখ্যা ২৯,০০০ আছিল। তেওঁলোকৰ ভিতৰত কিছুমান কিৰাত ধৰ্মৰ, আন কিছুমান হিন্দুধৰ্ম আৰু বৌদ্ধধৰ্মৰ অনুসাৰী। থামি জনগোষ্ঠী প্ৰকৃতি পূজক আৰু ধৰ্মীয় অনুষ্ঠানসমূহত শামান (ধৰ্মগুৰু) অনুসৰণ কৰে। তেওঁলোকে উদহৌলি আৰু উভৌলি পূদুসা উৎসৱত নিজা দেৱতাসমূহক পূজা কৰে — ‘‘বৰ-দেৱ’’ (দ্বাদশ দেৱতা), ‘‘ভুম্যা দেৱ’’ (মাতৃ পৃথিৱী), ‘‘বিছাই দেৱ’’, ‘‘গোছাই দেৱ’’, ‘‘চিৰকুন দেৱ’’ আদি। কিন্তু কালক্ৰমে থামি সমাজ জনপ্ৰিয় ধৰ্মসমূহৰ প্ৰভাৱত হিন্দু আৰু বৌদ্ধ হিচাপে নিজকে চিনাক্ত কৰিবলৈ আৰম্ভ কৰে। এই সংমিশ্ৰণ প্ৰক্ৰিয়াই তেওঁলোকৰ নিজা সংস্কৃতি, পৰম্পৰা আৰু বিশ্বাস প্ৰণালীৰ ওপৰত প্ৰভাৱ পেলাইছে।
থামি জনগোষ্ঠী সামাজিক-আৰ্থিক আৰু ৰাজনৈতিকভাৱে পশ্চাদপদ। ইয়াৰ অন্যতম কাৰণ হৈছে তেওঁলোকক পূব হিমালয়ৰ স্থানীয় জনজাতি হিচাপে অগ্ৰাহ্য কৰা আৰু তেওঁলোক খিলঞ্জীয়া বুলি দাবী কৰিবলৈ লিখিত দস্তাবেজৰ অভাৱ। বহু ক্ষেত্ৰত তেওঁলোকক অন্য জনজাতি বা জাতিৰ উপগোত্ৰ হিচাপে ভুল ধৰা হয়। তেওঁলোকৰ নাম মুলুক আইন ১৮৫৪ চনত প্ৰকাশিত নেপালৰ ৰাষ্ট্ৰীয় বিধিত উল্লেখ নাই। এই উপেক্ষাই তেওঁলোকক সমাজৰ সীমান্তত ঠেলি দিছে আৰু তেওঁলোকে কৃষি, বনজ, কাঠমিস্ত্ৰী, শ্ৰমিক আদি পেছাত নিৰ্ভৰশীল হৈ পৰিছে। ইয়াৰ ফলত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ পৰিছে আৰু দাৰিদ্ৰ্যই শিক্ষাৰ সুযোগ সীমিত কৰিছে।
ভৌগোলিক বিতৰণ
[সম্পাদনা কৰক]বৰ্তমান, নেপাল আৰু ভাৰত উভয় দেশতে থামি জনসংখ্যা আন নেপালী জনগোষ্ঠীৰ তুলনাত কম। ২০১১ নেপাল জনগণনা]ঋ অনুসৰি থামি জনগোষ্ঠীক ‘‘পৰ্বত/পাহাৰী জনজাতি’’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।[1] ২০১১ চনৰ জনগণনা অনুসৰি নেপালত ২৮,৬৭১ জন থামি আছিল (দেশৰ ০.১%)। প্ৰদেশভিত্তিক জনসংখ্যা তলত দিয়া হৈছে —
- বাগমতী প্ৰদেশ (০.৫%)
- গান্দকী প্ৰদেশ (০.০%)
- কৰ্ণালী প্ৰদেশ (০.০%)
- কোশী প্ৰদেশ (০.০%)
- লুম্বিনী প্ৰদেশ (০.০%)
- মধেশ প্ৰদেশ (০.০%)
- সুদূৰপশ্চিম প্ৰদেশ (০.০%)
থামিৰ জনসংখ্যা ৰাষ্ট্ৰীয় গড় (০.১%)তকৈ অধিক থকা জিলা — [2]
- দোলাখা (৯.০%)
- সিন্ধুপালচোক (১.৭%)
- ৰামেছাপ (১.০%)
- ইলাম (০.৩%)
- সিন্ধুলি (০.৩%)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Shneiderman, Sara (2009). Ethnic (P)reservations: Comparing Thangmi Ethnic Activism in Nepal and India. In Gellner David N., Ethnic Activism and Civil Societies in South Asia, 115–141. New Delhi: Sage Publication.
- Shneiderman, Sara (2015). Rituals of Ethnicity: Thangmi Identities between Nepal And India. Philadelphia: University of Pennsylvania Press.
- Shneiderman, Sara and Turin, Mark (2006). Revisiting Ethnography, Recognition: A Forgotten People: The Thangmi of Nepal and India. Mandala Book Point Journal, 11 (1): 54–58.
- Turin, Mark (1998). Newar Thangmi Lexicon Correspondences. In George Van Driem, Himalayan Linguistics. Berlin: Mouton De Gruyter.
- Turin, Mark (1998). The Thangmi Verbal Agreement System and the Kiranti Connection. Bulletin of the School of Oriental and African Studies, University of London, 61 (3): 476–491.
- Turin, Mark and Thami, Bir Bahadur (2004). Nepali–Thami–English Dictionary. Martin Chowthari and Samajik Wikas Kendra. Kathmandu: Nepal.
- Remembering the Thami: A Case Study
- Nepal Federation of Indigenous Nationalities
- থামী জাতিবাৰে জানো: सपना থামী
- ↑ Population Monograph of Nepal, Volume II [1]
- ↑ 2011 Nepal Census, District Level Detail Report Archived 2023-03-14 at the Wayback Machine