থাৰাৱথ আম্মালু আম্মা
| থাৰাৱথ আম্মালু আম্মা Tharavath Ammalu Amma | |
|---|---|
আম্মালয় আম্মা | |
| জন্ম | ২৬ এপ্ৰিল, ১৮৭৩ ব্ৰিটিছৰাজ |
| মৃত্যু | ৬ জুন, ১৯৩৬ (৬৩ বছৰ) |
| পেচা | অনুবাদক, ঔপন্যাসিক |
থাৰাৱথ আম্মালু আম্মা (ইংৰাজী: Tharavath Ammalu Amma) আছিল ব্ৰিটিছ ভাৰতৰ (বৰ্তমানৰ কেৰালা, ভাৰত) মাদ্ৰাজ প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী মালায়ালম ভাষাৰ লেখক আৰু অনুবাদক। সংস্কৃত আৰু তামিলৰ পৰা তেওঁ মালায়ালমলৈ বহু গ্ৰন্থ অনুবাদ কৰিছিল। ১৯১৪ চনত আম্মালু আম্মাৰ উপন্যাস ‘কমলাভাই আথৱ লক্ষ্মীবিলাসথিলে কোলাপাঠকম’ (কমলাভাই বা লক্ষ্মীবিলাসমত হোৱা হত্যাকাণ্ড) মালায়ালম ভাষাত এগৰাকী মহিলাই লিখা প্ৰথমখন ডিটেকটিভ উপন্যাস। তেতিয়াৰ কোচি ৰাজ্যৰ সৰ্বোচ্চ সাহিত্য বঁটা "সাহিত্য সখী" অস্বীকাৰ কৰা তেওঁ একমাত্ৰ লেখিকা।
জীৱনী
[সম্পাদনা কৰক]১৮৭৩ চনৰ ২৬ এপ্ৰিলত কেৰেলাৰ বৰ্তমানৰ পালাক্কাড় জিলাৰ থাৰাৱথ পৰিয়ালত থাৰাৱথ কুম্মিনিয়াম্মা আৰু তহচিলদাৰ চিঞ্চমবীতিল শংকৰন নাইৰৰ ঘৰত আম্মালু আম্মাৰ জন্ম হয়।[1][2] টিপু চুলতানৰ আক্ৰমণৰ সময়ত থাৰাৱথ আম্মালু আম্মাৰ পূৰ্বপুৰুষসকল মালাবাৰৰ পৰা পলাক্কাড় পাৰালিলৈ আহিছিল।[3] তেওঁৰ এজন ভাতৃ আছিল, ডাক্তৰ টি এম নাইৰ।[1]তেওঁক চিঠি আৰু প্ৰাথমিক পাঠ শিকাইছিল এগৰাকী স্থানীয় শিক্ষকে। ইয়াৰ লগতে তেওঁ ঘৰতে সংস্কৃত আৰু সংগীতৰ শিক্ষাও কৰিছিল।[4] ইয়াৰ পিছত তেওঁ তেওঁৰ পিতৃৰ পৰা গণিত আৰু পিছলৈ তামিল ভাষা শিকিবলৈ আৰম্ভ কৰে।[4]
মালয়ালম, সংস্কৃত আৰু তামিল ভাষাত তেওঁ ভালদৰে পাকৈত আছিল।[1] কোচিনৰ মহাৰাজাই তাইক "সাহিত্য সখী" বঁটা দিবলৈ ইচ্ছুক আছিল যদিও তাই নাকচ কৰিছিল। তেতিয়াৰ কোচিন ৰাজ্যৰ সৰ্বোচ্চ সাহিত্যিক বঁটা "সাহিত্য সখী"ৰ পৰা অস্বীকাৰ কৰা একমাত্ৰ লেখিকা।[3]
১৯৩৬ চনৰ ৬ জুনত তেওঁৰ মৃত্যু হয়।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]আম্মালু আম্মা তিনিবাৰ বিবাহপাশত আবদ্ধ হয়।[2] ১৫ বছৰ বয়সত তেওঁৰ প্ৰথম বিবাহ হয়। পুন্নাথুৰ কোভিলাকামৰ প্ৰভু তেওঁৰ প্ৰথম স্বামীয়ে দুটা সন্তানৰ জন্মৰ পিছত তেওঁক এৰি থৈ যায়।[3] মাকৰ জোৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসক ৰামপুৰমৰ কৃষ্ণ ভাৰয়াৰক তেওঁ বিয়া কৰাইছিল। তিনিগৰাকী কন্যা সন্তান জন্ম দিয়াৰ কিছু সময়ৰ পিছতে ৱাৰিয়াৰৰ মৃত্যু হয়।[3] প্ৰথম দুখন বিবাহৰ জৰিয়তে লাভ কৰা বহু সন্তানৰ বিভিন্ন সময়ত মৃত্যু হয় আৰু মাত্ৰ দুগৰাকী কন্যাহে শেষত বাকী থাকে।[3] তেওঁৰ তৃতীয়খন বিবাহ বদক্কুমতাৰ বাৰ্যথৰ উন্নিকৃষ্ণ ভাৰয়াৰৰ সৈতে হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "തരവത്ത് അമ്മാളു അമ്മ" (ml ভাষাত). Government of KeralaKerala Women. 2021-04-13. Archived from the original on 2023-03-10. https://web.archive.org/web/20230310065622/https://www.keralawomen.gov.in/ml/Tharavath_Ammalu_Amma। আহৰণ কৰা হৈছে: 2023-03-07.
- ↑ 2.0 2.1 "തരവത്ത് അമ്മാളു അമ്മ; 1914 ൽ ഡിറ്റക്ടീവ് നോവലെഴുതിയ മലയാളി സ്ത്രീ" (ml ভাষাত). Mathrubhumi. https://www.mathrubhumi.com/literature/features/tharavath-ammalu-amma-death-anniversary-1.4810036। আহৰণ কৰা হৈছে: 2023-03-07.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 Kumar, Rajeev M (2021-09-24). "ദിഗംബര സ്മരണകൾ; "സാഹിത്യസഖി" വാങ്ങാൻ കൂട്ടാക്കാത്ത തരവത്ത് അമ്മാളു അമ്മ; എം.രാജീവ് കുമാർ" (ml ভাষাত). anweshanam.com. Archived from the original on 2023-03-10. https://web.archive.org/web/20230310065635/https://anweshanam.com/opinion/digambara-memoirs;-ammalu-amma-refuses-to-buy-sahityasakhi;/cid5278729.htm। আহৰণ কৰা হৈছে: 2023-03-10.
- ↑ 4.0 4.1 "തരവത്ത് അമ്മാളുവമ്മ" (ml ভাষাত). Government of KeralaKerala Women. 2020-03-01. Archived from the original on 2023-03-10. https://web.archive.org/web/20230310074145/https://keralawomen.gov.in/ml/node/286। আহৰণ কৰা হৈছে: 2023-03-10.