থিচিয়াছ আঙঠি
| থিচিয়াছ আঙঠি | |
|---|---|
| উপাদান | সোণ |
| উচ্চতা | ১.৮ ছেঃমিঃ |
| প্ৰস্থ | ২.৭ ছেঃমিঃ |
| আৱিষ্কাৰৰ ঠাই | প্ৰায় ১৯৫৫ এথেন্স, গ্ৰীচ |
| নিৰ্মিত | প্ৰায় খ্ৰীষ্টপূৰ্ব ১৪৫০ |
| বৰ্তমান অৱস্থান | নেচনেল আৰ্কিয়'লজিকেল মিউজিয়াম, এথেন্স[1] |
থিচিয়াছ আঙঠি (Theseus Ring) খ্ৰীষ্টপূৰ্ব ১৫শ শতিকাৰ এটা সোণৰ ছিগনেট আঙঠি, যাৰ সৃষ্টি মাইচিনিয়ান যুগত হৈছিল যদিও ইয়াৰ কলাশৈলী মিনোৱান শিল্পৰ দৰে। আঙুঠিখন সোণৰে নিৰ্মিত আৰু ইয়াৰ আকাৰ ২.৭ x ১.৮ ছেঃমিঃ। ইয়াত এটা বুল-লিপিং (bull-leaping) দৃশ্য অংকন কৰা আছে, য'ত বাওঁফালে এটা সিংহ আৰু সোঁফালে এটা গছৰ আভাস আছে। এই আঙুঠিখন এথেন্সৰ প্ৰাচীন নগৰ কেন্দ্ৰ প্লাকাৰ অনাফিঅ’টিকা অঞ্চলৰ মাটিৰ কুণ্ডীত উদ্ধাৰ হৈছিল। বৰ্তমান এইটো নেচনেল আৰ্কিয়'লজিকেল মিউজিয়াম, এথেন্সত সংৰক্ষিত হৈ আছে।[2] যদিও ইয়াক থিচিয়াছৰ আঙুঠি বুলি জনা যায়, ইয়াৰ আসলতে থিচিয়াছৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।
১৯৫০ৰ দশকত প্লাকাত এই আঙঠিটো উদ্ধাৰ হোৱাৰ পিছত ইয়াৰ প্ৰাচীনতা সন্দৰ্ভত বিতৰ্ক চলিছিল। প্ৰাৰম্ভিকভাৱে ইয়াক নকল বুলি ধৰা হৈছিল, কিন্তু ২০০৬ চনত বিশেষজ্ঞসকলে ইয়াক খ্ৰীষ্টপূৰ্ব ১৫শ শতিকাৰ প্ৰকৃত প্ৰত্নতাত্ত্বিক অৱশেষ হিচাপে স্বীকৃতি দিয়ে। গ্ৰীক সংবাদমাধ্যমত এই সোণৰ ছিগনেট আঙঠি উদ্ধাৰৰ খবৰ প্ৰকাশ হৈছিল, আৰু নেচনেল আৰ্কিয়'লজিকেল মিউজিয়ামে ৭৫,০০০ ইউৰো মূল্যৰে ইয়াক সংগ্ৰহ কৰিবলৈ প্ৰস্তাৱ দিছিল। গ্ৰীক সংস্কৃতি মন্ত্ৰণালয়ৰ বিশেষজ্ঞসকলে পৰীক্ষা কৰাৰ পিছত ইয়াক প্ৰকৃত প্ৰাচীন অৱশেষ বুলি ঘোষণা কৰে।
নামৰ উৎস
[সম্পাদনা কৰক]এই আঙঠিটো "থিচিয়াছ আঙুঠি" নামেৰে জনাজাত হোৱাৰ কাৰণ গ্ৰীক দন্তকথাৰ থিচিয়াছৰ এক কিংবদন্তীৰ সৈতে ইয়াৰ সম্পৰ্ক।এই গল্পটো অনুসৰি, থিচিয়াছ আৰু মিনোচৰ মাজত থিচিয়াছৰ জন্মসম্পৰ্কে বিতৰ্ক হৈছিল। ক্ৰেটত মিনোচে এটা কুমাৰী মহিলাৰ ওপৰত জুলুম কৰাৰ পিছত থিচিয়াছ খঙাল হৈ তেওঁৰ পিতৃৰূপে প’ছাইডনৰ নাম লয়। মিনোচ, যি নিজে জিউচৰ পুত্ৰ আছিল, এই দাবী বিশ্বাস নকৰিলে আৰু প্ৰমাণ কৰিবলৈ থিচিয়াছক সাগৰৰ তললৈ যাবলৈ প্ৰত্যাহ্বান জনায়। মিনোছে এক সোণৰ আঙঠি পানীত পেলাই দিয়ে আৰু কয় যে যদি থিচিয়াছ সত্যই প’ছাইডনৰ পুত্ৰ হয়, তেন্তে তেওঁ ইয়াক সংগ্ৰহ কৰিব পাৰিব। তাৰ পিছত সাগৰৰ মাছবোৰে থিচিয়াছক পিঠিত বহুৱাই সাগৰৰ তললৈ লৈ যায় আৰু তেওঁ প’ছাইডনৰ পত্নী এম্ফিট্ৰাইটৰ দ্বাৰা আঙুঠিখন লাভ কৰে। লগতে তেওঁ উপহাৰ হিচাপে এখন মণিৰ মুকুট পায়, যাক পাছত আকাশৰ তৰাত স্থান দিয়া হৈছিল।[3]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- “থিচিয়াছৰ আঙঠি”, লুকোৱা সংগ্ৰহশালা, ১২ জানুৱাৰী ২০১৫ - ১৫ মাৰ্চ ২০১৫, নেচনেল আৰ্কিয়'লজিকেল মিউজিয়াম।
- গ্ৰীক প্ৰত্নতত্ত্ববিদসকলে "থিচিয়াছ আঙঠি"ৰ প্ৰামাণিকতা নিশ্চিত কৰে
- গ্ৰীক মিথোলজীৰ বিশ্বকোষ: থিচিয়াছ Archived 2006-11-15 at the Wayback Machine
- মিথোলজীত আঙঠিৰ ইতিহাস
- থিচিয়াছ আৰু আঙঠি Archived 2006-11-15 at the Wayback Machine
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dangerous Bull Games, NAMA website exhibit of the month October 2022"
- ↑ "The Ring of Theseus on display for the first time", with image.
- ↑ বাচ্চিলিডেছ ১৭