সমললৈ যাওক

থিনলাছ চোৰল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থিনলাছ চোৰল
থিনলাছ চোৰল
২০১৭ চনত থিনলাছ চ’ৰলে বঁটা লাভ কৰি
জন্ম ০৬ মে', ১৯৮১ (৪৪ বছৰ)
টকমাচিক, লেহ জিলা, লাডাখ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সামাজিক উদ্যোগী
ট্ৰেকিং গাইড
লেখক
দাম্পত্যসঙ্গী লাৰ্ছ লিডষ্ট্ৰম

থিনলাছ চোৰল ( ইংৰাজী: : Thinlas Chorol ; জন্ম: ৬ মে' ১৯৮১) ভাৰতৰ লাডাখৰ এগৰাকী সামাজিক উদ্যোগী আৰু সাহিত্যিক। লাডাখী মহিলা ভ্ৰমণ কোম্পানী প্ৰতিষ্ঠা কৰি লাডাখৰ পৰ্যটন আৰু অন্যান্য বিষয়ত প্ৰবন্ধ লিখিছে।

বিংশ শতিকাৰ আৰম্ভণিতে উত্তৰ ভাৰতৰ লাডাখৰ কেৱল পুৰুষ প্ৰধান ট্ৰেকিং উদ্যোগত মহিলা ট্ৰেকিং গাইড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁ উল্লেখযোগ্য পৰিচিতি লাভ কৰে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শিশুকাল

[সম্পাদনা কৰক]

পাহাৰীয়া অঞ্চল লাডাখৰ সৰু গাঁও টকমাচিকত চোৰলৰ জন্ম হৈছিল। তাইৰ পিতৃ-মাতৃ দুয়োজনেই খেতিয়ক আছিল আৰু স্কুলৰ লগতে তেওঁও শৈশৱৰ বেছিভাগ সময় জীৱ-জন্তু আৰু খেতি-বাতিত সহায় কৰি কটাইছিল। সৰুতে মাকৰ মৃত্যু হয়, দেউতাকে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু চোৰলে দেউতাক, সতি-সন্ততি আৰু সাতজন ভাই-ভনীৰ সৈতে ডাঙৰ-দীঘল হয়। দেউতাকৰ লগত ওখ চৰণীয়া পথাৰত পৰিয়ালৰ জীৱ-জন্তু চোৱা-চিতা কৰিবলৈ যোৱাৰ পৰাই তেওঁ পাহাৰত সময় কটাবলৈ অভ্যস্ত হৈ পৰিল। [1]

দশম শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰাৰ পিছত চোৰলে লাডাখৰ মূল চহৰ লেহৰ ওচৰৰ SECMOL Alternative Institute ত নাম লগাই। SECMOL ত থকাৰ সময়ত তেওঁ কিছুমান বিদেশী স্বেচ্ছাসেৱকৰ সৈতে ট্ৰেকিং অভিযানত নামে। আৰম্ভণিৰ ট্ৰেকিংত স্থানীয় গাঁৱৰ মানুহে তেওঁৰ লগত ইংৰাজী ভাষাত কথা পাতিছিল কাৰণ তেওঁলোকে ধৰি লৈছিল যে কোনো লাডাখী মহিলাই কেতিয়াও ট্ৰেকিং গাইড হিচাপে কাম কৰা নাই।[1] স্থানীয় কিছুমান ট্ৰেকিং এজেন্সীৰ লগত গাইড হিচাপে কাম বিচাৰিবলৈ চেষ্টা কৰিছিল যদিও মহিলা হোৱাৰ বাবে প্ৰায়ে নাকচ কৰা হৈছিল। ২০০৪ চনত তেওঁ SECMOL ৰ নিজা ট্ৰেভেল এজেন্সী "Around Ladakh with Students," ALS ত যোগদান কৰে।[2] এ এল এছত কাম কৰা আন মহিলাও আছিল যদিও সেই সময়ত তেওঁলোকে কেৱল মঠ আৰু সাংস্কৃতিক ভ্ৰমণৰ গাইড হিচাবেহে আছিল। [1]

চোৰলে প্ৰাথমিক বিদ্যালয় টকমাচিকত আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষা চুবুৰীয়া গাঁও ডোমখাৰৰ পৰা শেষ কৰিছিল।[3] SECMOL ত থকাৰ সময়ত চোৰলে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ কলা শাখাত বি.এ. ডিগ্ৰী আৰু নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিংত পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ লগতে নেচনেল আউটড'ৰ লিডাৰশ্বিপ স্কুলত প্ৰান্তৰ প্ৰশিক্ষণো লয়।[4]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

যেতিয়া এ এল এছে ব্যক্তি আৰু সৰু গোটৰ বাবে ট্ৰেকিং কৰা বন্ধ কৰি দিছিল সেই সময়ত চোৰলে ফ্ৰীলান্স (freelance)ট্ৰেকিং গাইড হিচাপে কাম কৰি থাকিল। পৰ্যটকে মহিলা গাইড বিচাৰিবলৈ আৰম্ভ কৰিলে।

২০০৯ চনত তেওঁ অধিক মহিলাক এই ক্ষেত্ৰখনলৈ অনাৰ উদ্দেশ্যে, আৰু লাডাখত পৰিৱেশ পৰ্যটনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে "লাডাখী মহিলা ভ্ৰমণ কোম্পানী" প্ৰতিষ্ঠা কৰে। আৰু হোমষ্টেইৰ জৰিয়তে গাঁৱৰ মহিলাসকলক এনে লোকৰ সংস্পৰ্শ লৈ আহিল আৰু তেওঁলোকৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়ালে।[5] কোম্পানীটোৰ ৱেবছাইটত ই নিজকে "লাডাখৰ প্ৰথম মহিলা মালিকানাধীন আৰু পৰিচালিত ভ্ৰমণ কোম্পানী" বুলি প্ৰচাৰ কৰে। লাডাখী ট্ৰেকিং উদ্যোগলৈ আহিবলৈ অধিক গাইডক প্ৰশিক্ষণ দিবলৈ কোম্পানীটোৱে কনিষ্ঠ, অনভিজ্ঞ মহিলাসকলক পৰ্টাৰ হিচাপে নিযুক্তি দিলে।[6]

২০১৪ চনৰ জানুৱাৰী মাহত চোৰ’লক ইণ্ডিয়ান মাৰ্চেণ্টছ চেম্বাৰ লেডিজ উইঙৰ জাংকিদেৱী বাজাজপুৰস্কাৰেৰে সন্মানিত কৰা হয়, যিটো বঁটা ভাৰতীয় গ্ৰাম্য উদ্যোগীৰ অসাধাৰণ মহিলাৰ স্বীকৃতি স্বৰূপে দিয়া হয়। মুম্বাইৰ চোৰ'লক এই বঁটা প্ৰদান কৰে অৰ্ঘ্যম ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ৰোহিনী নিলেকানীয়ে।[7] পৰ্যটন শাখাৰ প্ৰথমগৰাকী ব্যক্তি, প্ৰথম লাডাখী আৰু ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ পৰা ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা চোৰল।[8]

২০১৫ চনৰ জানুৱাৰী মাহত ভাৰতীয় বাতৰি ৱেবছাইট দ্য উইকেণ্ড লিডাৰে ভেলোৰ ইনষ্টিটিউট অৱ টেকন'লজিৰ সহযোগত চোৰলক তেওঁলোকৰ "বছৰৰ ব্যক্তি" ২০১৪ হিচাপে নিৰ্বাচিত কৰে।[9] ২০১৫ চনৰ ১১ মাৰ্চত ভিআইটি বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ নিৰাপত্তা উপদেষ্টা কে বিজয় কুমাৰে তেওঁক এই বঁটা প্ৰদান কৰে।[10]

নাৰী সবলীকৰণ

[সম্পাদনা কৰক]

২০১৪ চনত চোৰলে "লাডাখী মহিলা কল্যাণ নেটৱৰ্ক" নামৰ সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক হয় আৰু ইয়াৰ প্ৰথম সভাপতি হয়। মহিলাৰ কল্যাণৰ বাবে কাম কৰিবলৈ, মহিলাৰ প্ৰতি নিৰ্দেশিত অপৰাধৰ বলি হোৱা লোকসকলক সহায় কৰিবলৈ আৰু তেওঁলোকৰ আইনী অধিকাৰৰ বিষয়ে জ্ঞান দিয়াত সহায় কৰিবলৈ এই সমাজখন গঠন কৰা হৈছিল।[11][4]

তেওঁৰ কোম্পানী "লাডাখী মহিলা ভ্ৰমণ কোম্পানী"-এ মূলতঃ হোমষ্টে ব্যৱহাৰ কৰে, যিটো গাঁৱৰ মহিলাসকলক নিজৰ বাবে উপাৰ্জন কৰাত সহায় কৰাৰ এটা উত্তম উপায়।[1]

২০০৭ চনত বেচৰকাৰী সংস্থা চৰখা ডেভেলপমেণ্ট কমিউনিকেচন নেটৱৰ্কৰ দ্বাৰা চোৰলক "সঞ্জয় ঘোষ লাডাখ মহিলা লেখিকা বঁটা" প্ৰদান কৰে।[12][13] লাডাখৰ পৰ্যটনৰ প্ৰভাৱৰ বিষয়ে তেওঁৰ "বিয়ণ্ড কনভেনচনেল টুৰিজিম" প্ৰবন্ধটো এপিলগ আলোচনীত প্ৰকাশ পাইছে।[14] আৰু পিছলৈ আলোচনীখনে তেওঁৰ প্ৰবন্ধ "এ ট্ৰেক থ্ৰু লাইফ" প্ৰকাশ কৰে,যত গাঁৱৰ পৰা কেৱল পুৰুষ প্ৰধান ক্ষেত্ৰত ট্ৰেকিং গাইড হোৱালৈকে তেওঁৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ননা আছে।[1]

২০১৪ চনত লাডাখৰ ধৰ্ষণ আৰু লাডাখী জাতি ব্যৱস্থাৰ প্ৰভাৱৰ ওপৰত লিখা লিখনি লাডাখী আলোচনী "ষ্টাৱা"ত প্ৰকাশ পায়। [15] [16]

  • ৮ মাৰ্চ ২০১৮: নাৰী শক্তিপুৰস্কাৰ (মহিলা শক্তি বঁটা), ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা।[17] [18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Epilogue Magazine – 2010, August
  2. SECMOL´s ALS page
  3. About Thinlas Chorol on Ladakhi women´s travel company´s website[সংযোগবিহীন উৎস]
  4. 4.0 4.1 Reach Ladakh - In conversation with Thinlas Chorol
  5. The Ladakhi women´s travel company´s website[সংযোগবিহীন উৎস]
  6. The British Mountaineering Council[সংযোগবিহীন উৎস]
  7. Bhadoria, Sonal (10 January 2014). "Two Super-Women You Should Know About". indiatimes.com. https://www.indiatimes.com/news/more-from-india/imc-ladies-wing-jankidevi-bajaj-puraskar-2013-brings-together-two-power-women-122080.html। আহৰণ কৰা হৈছে: 15 November 2018. 
  8. narishakti.org
  9. The weekend leader
  10. thehindu.com
  11. "Notice to inform the public in the newspaper State Times". Archived from the original on 2016-03-03. https://web.archive.org/web/20160303204743/http://statetimes.in/epaper/uploads/2014/02/06/11.pdf। আহৰণ কৰা হৈছে: 2025-03-15. 
  12. Charkha.org
  13. "Newstracker – India". Archived from the original on 2024-12-12. https://web.archive.org/web/20241212125310/https://www.newstrackindia.com/newsdetails/46566। আহৰণ কৰা হৈছে: 2025-03-15. 
  14. Epilogue Magazine – 2010, February
  15. Stawa - 2014 October, Issue 5
  16. Stawa - 2014 December, Issue 7
  17. "Infographic: Nari Shakti Puraskar - Times of India". The Times of India. https://timesofindia.indiatimes.com/india/nari-shakti-puraskar/articleshow/63203332.cms। আহৰণ কৰা হৈছে: 2018-03-11. 
  18. "Nari Shakti Puraskar". TOI. https://timesofindia.indiatimes.com/india/nari-shakti-puraskar/articleshow/63203332.cms। আহৰণ কৰা হৈছে: 11 March 2018.